Breaking News

আদানি গ্ৰুপৰ সৈতে বুজাবুজিৰ চুক্তি অসম চৰকাৰৰ


গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালি আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰে ৯ টা কোম্পানীৰ সৈতে ৯ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ লগে লগে বৃহৎ ব্যক্তিগত বিনিয়োগৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ক্ষেত্ৰত অসম এক সাক্ষী হৈ ৰ'ল। উল্লেখ্য যে, এই বুজাবুজিৰ চুক্তি অনুসৰি ৰাজ্যখনত ৮২০১.২৯ কোটি টকাৰ ব্যক্তিগত বিনিয়োগ হ'ব। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ আয়ুক্ত অইনাম চৰণ কুমাৰ সিঙে পেপচিকো ইণ্ডিয়া হোল্ডিং লিমিটেড, বৰণ বেভাৰেজ লিমিটেড, কেলকম চিমেণ্ট ইণ্ডিয়া লিমিটেড, ষ্টাৰ চিমেণ্ট এন ই লিমিটেড, চেঞ্চুৰী ফ্লট গ্লাছ লিমিটেড, তাজ চিমেণ্ট মেনুফেকচাৰিং প্রাইভেট লিমিটেড, ষ্টাৰ চিমেণ্ট ইণ্ডিয়া লিমিটেড আৰু ডি এছ গ্ৰুপৰ উদ্যোগপতিসকলৰ সৈতে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। আনহাতে, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্রতাপ সিঙে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা উদ্যান শস্যৰ সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ বাবে । কার্গো বিমান পৰিচালনাৰ সুবিধাৰ ক্ষেত্ৰত অত্যাধুনিক আন্তঃগাঁথনি প্ৰদানৰ বাবে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত চেণ্টাৰ ফ'ৰ পেৰিচেবল কার্গোৰ বাবে আদানি গ্ৰুপৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। আজি স্বাক্ষৰিত চুক্তি অনুসৰি পেপচিয়ে নলবাৰীত উদ্যোগ স্থাপন কৰিব। টেলকম চিমেন্টে উত্তৰ কাছাৰৰ উমৰাংচোত উদ্যোগ স্থাপন কৰিব। ষ্টাৰ চিমেন্টে আৰু এটা প্ৰকল্পৰ বাবে ৭০০ কোটি টকাৰ বিনিয়োগ কৰিব। বলল লিমিটেডে ১৪৪ কোটি টকা বায়বে ছফট ড্রিংকছ নির্মাণ কৰিব। ভাজ চিমেন্টে ৩৪২ কোটি টকা বিনিয়োগ কৰিব। ডিএছ গ্রুপে বিনিয়োগ কৰিব ১৪০ কোটি টকা। কাজিৰঙা আৰু গুৱাহাটীত দুখনকৈ পঞ্চ তাৰকা হোটেল নির্মাণ হ'ব। এই উপলক্ষে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কালিৰ দিনতো এক ঐতিহাসিক দিন বুলি অভিহিত কৰে। তেওঁ কয় যে ৰাজ্যখনে আজি ব্যক্তিগত বিনিয়োগৰ ক্ষেত্ৰত প্ৰায় ৮২০১.২৯ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সাক্ষী হৈ ৰ'ল। তেওঁ কয় যে আমি আমাৰ সমাজৰ পৰা বিভিন্ন বাধাসমূহ আঁতৰাই বিনিয়োগৰ এক পৰিৱেশ ৰচনা কৰিবলৈ সক্ষম হৈছে। অসম আন্দোলনৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত ঔদ্যোগিক পৰিৱেশলৈ ভাবুকি কঢ়িয়াই অনা কোনো ধৰণৰ বন্ধ বা আন্দোলন বিগত দুবছৰে অসমত হোৱা নাই। বুলি তেওঁ কয়। ৰাজ্যখনৰ ঔদ্যোগিক বিকাশৰ গতি ত্বৰান্বিত কৰাৰ 1 বাবে অসম চৰকাৰে ১০০ কোটিতকৈ অধিক পুঁজি বিনিয়োগ কৰিব বিচৰা উদ্যোগপতিসকলৰ সহায়ক হোৱাকৈ ঔদ্যোগিক নীতি প্রণয়ন কৰিছে। ৰাজ্য চৰকাৰে অসমত এক শক্তিশালী ঔদ্যোগিক বাতাবৰণ গঢ়ি তোলাৰ বাবে বিনিয়োগমুখী পৰিৱেশ সৃষ্টিত এক সৌহার্দপূর্ণ পৰিৱেশ গঢ়ি তুলিছে। মুখ্যমন্ত্ৰীয়ে কয় যে খাদ্য প্ৰস্তুতকৰণ, চিমেন্ট, গ্লোছ, ইলেকট্রিক যান-বাহন নিৰ্মাণৰ লেখীয়া উদ্যোগসমূহত  বিনিয়োগেৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বৃহৎ উদ্যোগ স্থাপন কৰাৰ  দিশত সহায়ক হ'ব। তেওঁ লগতে কয় যে বিনিয়োগৰ কার্যকলাপ । ৰাজ্যখনত আনুমানিক ৬১১৫ টা নিয়োগৰ সুযোগ সৃষ্টি কৰিব, যি এক । অতি আদৰণীয় উন্নয়ন হিচাপে পৰিগণিত হ'ব। এছ জি ডি পিৰ 1. ত্বৰান্বিত বুদ্ধিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আত্মসহায়ক গোটৰ সকলো সদস্যই যাতে এছ জি ডি পিৰ বৃদ্ধিত অৰিহণা যোগাই নিজকে ক্ষুদ্র উদ্যোগীলৈ যাতে ৰূপান্তৰ কৰিব পাৰে তাৰ বাবে যোৱা * বাজেটত ৰাজ্য চৰকাৰে ৩ হাজাৰ কোটি টকাৰ কপাচ ফাণ্ড সৃষ্টি । কৰিছে। ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে চৰকাৰে ৰাজ সাহায্য দিয়াৰ বাবে ২ লাখ নতুন যুৱক উদ্যোগীৰ প্ৰতিজন উদ্যোগীক ২ লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে অসম দক্ষতা কাৰ্যক্ষম হ'লে ৰাজ্যই প্ৰতিবছৰে কমেও ১০ হাজাৰ মানৱ সম্পদ লাভ কৰিব। শৰ্মাই লগতে কয় যে এই বিনিয়োগে উন্নয়নৰ হাৰ ত্বৰান্বিত কৰাৰ লগতে ঋণ প্রদানকো ত্বৰান্বিত কৰিব। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপ শক্তিশালী এক প্ৰতিশ্ৰুতিৰ যাত্ৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ব্যাপক বিনিয়োগেৰে ৰাজ্যখনৰ উদ্যোগিক মানচিত্ৰৰ সামগ্রিক পটভূমিৰ পৰিৱৰ্তন সাধনত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে নিৰন্তৰ প্রয়াস চলাই আহিছে। অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়ায়ো ভাষণ প্ৰদান কৰে। কৃষি মন্ত্ৰী অতুল বৰা, হস্ততাঁত, বস্ত্ৰ আৰু ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিত্তমন্ত্রী অজন্তা নেওগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, ৰাজহ মন্ত্ৰী যোগেন মহন প্ৰমুখ্যে বহু গণ্য-মান্য লোক অনুষ্ঠানত উপস্থিত থাকে। 

No comments