Breaking News

৩ মাহত তিনিটা চিতাৰ মৃত্যু মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত


এটা অতি দু:খবৰ দাক্ষা আৰু নাই।দক্ষিণ আফ্ৰিকাৰ পৰা মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা আন এটা চিতাৰ সোমবাৰে মৃত্যু হৈছে। বিগত তিনিমাহত এয়া আফ্ৰিকাৰ পৰা আমদানি কৰা তৃতীয়টো চিতাৰ মৃত্যু।ৰাষ্ট্ৰীয় উদ্যান সূত্ৰৰ মতে দাক্ষা নামৰ মাইকী চিতাজনীৰ ফিণ্ডা নামৰ পূৰ্ণবয়স্ক মতা চিতাৰ সৈতে হোৱা প্ৰচণ্ড কাজিয়াত সোমবাৰে মৃত্যু হয়। এই কাজিয়াত বায়ু আৰু অগ্নি নামৰ আন দুটা চিতাও জড়িত হৈ পৰিছিল। কিন্তু দাক্ষাই ফিণ্ডাৰ আক্ৰমণত গভীৰ আঘাত পাই অৱশেষত মৃত্যুক সাৱতি ল'লে। ফিঙাৰ উপৰি বায়ু আৰু অগ্নিও এই প্ৰচণ্ড যুঁজত আহত হৈছে আৰু কৰ্তৃপক্ষই আঘাত উপশমৰ বাবে প্ৰচেষ্টা হাতত লৈছে।দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ পৰা কুনোলৈ মুঠতে ২০টা চিতা অনা হৈছিল। পিছে ভাৰতৰ অৰণ্যৰ পৰিৱেশৰ সৈতে এতিয়াও চিতাকেইটা সম্পূৰ্ণৰূপে অভ্যস্ত হ'ব পৰা নাই। ফলত যোৱা এপ্ৰিল আৰু মে'ত দুটাকৈ চিতাৰ কুনোত মৃত্যু হৈছিল। ছাছা নামৰ এজনী মাইকী চিতাৰ কিডনীৰ অসুখত আৰু উদয় নামৰ এটা চিতাৰ আন অসুখত মৃত্যু হৈছিল।

No comments