Breaking News

৬৮০ জনকৈ সুৰাপায়ী তথা মেদবহুল আৰক্ষীক বিতাড়নৰ প্ৰস্তুতি অসম চৰকাৰৰ


এতিয়াৰে পৰা স্মার্ট অসম আৰক্ষীত  সুৰাপায়ী আৰু পেটুৱা আৰক্ষী দেখিবলৈ নোহোৱা হৈ পৰিব। কিয়নো সুৰাপায়ী জোৱানক বিতাড়নৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। আৰক্ষী বাহিনীৰ জোৱান-কনিষ্টবলত মেদবহুল-পেটুৱা বিষয়া-জোৱানৰ স্থান নাই। আইপিএছ আৰু এপিএছ বিষয়ায়ো ফিটনেছ নাথাকিলে বাধ্যতামূলক অৱসৰ ল'ব লাগিব । ইতিপূর্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীৰ লগতে মেদবহুল তথা পেটুৱা বিষয়া- আৰক্ষীৰ ৩০০ মদাহী বিষয়া-জোৱানক ভিআৰএছ দিয়া হ'ব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই এইবাৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে মেদবহুল- পেটুৱা ৬৮০জন আৰক্ষীক চাটাই কৰাৰ বাবে তালিকা প্রস্তুত কৰাৰ কথা ৰাজহুৱা কৰিছে। সোমবাৰে এখন সংবাদমেলত পেটুৱা-মেদবহুল আৰক্ষীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ পৰিকল্পনা সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্রধান জিপি সিঙে কয়— - ইতিমধ্যে আৰক্ষীসকলক লৈ এখন তালিকা প্ৰস্তুত কৰা হৈছে, যিয়ে অভ্যাসগতভাৱে সুৰাপান কৰে আৰু যিসকলে মেদবহুল আৰু কৰ্তব্যত গাফিলতি কৰে। এই আৰক্ষী বিষয়াসকলক এক পর্যালোচনাৰ পাছত স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰা হ'ব। আমাৰ ওচৰত ইতিমধ্যে ৬৮০জন ব্যক্তিৰ এখন তালিকা আছে। অৱশ্যে ভিআৰএছৰ ক্ষেত্ৰত ভিত্তিহীনভাৱে কোনো বিষয়া-জোৱান অন্তৰ্ভুক্ত নহয়। ইয়াৰ বাবে বেটেলিয়ন আৰু জিলাসমূহত সমিতি গঠন কৰা হৈছে। সমিতিয়ে দাখিল কৰা তালিকাখন পুনৰ আন এখন উচ্চতৰীয় সমিতিৰ দ্বাৰা পৰ্যালোচনা কৰা হ'ব য'ত প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষী শাখাৰ লগতে আইন-শৃংখলা আৰু প্ৰশাসনৰ লোক থাকিব। তাৰ পাছতেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। সঞ্চালকপ্ৰধান সিঙে কয় যে এইক্ষেত্ৰত যাতে কোনো ভুল নহয় বা কোনো ভুল ব্যক্তিৰ নাম তালিকাত নাহে তাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটোত কিছু সময়ৰ প্ৰয়োজন হ'ব। ইয়াৰোপৰি যিসকলৰ নাম তালিকাত আছে কিন্তু ভিআৰএছ ল'বলৈ অনিচ্ছুক তেওঁলোকক ফিল্ডৰ ডিউটী দিয়া নহ'ব। উল্লেখ্য যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেৰগাঁৱত আৰক্ষীৰ শীৰ্ষ বিষয়াৰে হোৱা এক বৈঠকত অংশ লৈ সকলো সময়তে সুৰাপান কৰা, মেদবহুল, দুৰ্নীতি আদিৰ অভিযোগ থকা আৰক্ষীক ভিআৰএছ দিয়া হ'ব বুলি মন্তব্য কৰিছিল। 

No comments