Breaking News

অসমত থকা শৰণাৰ্থী শিৱিৰৰ মণিপুৰী লোকৰ মন জয় কৰিলে অসম ৰাইফল্‌ছে



মণিপুৰৰ গোষ্ঠী সংঘৰ্ষ‌ই চূড়ান্তৰূপ ধাৰণ কৰাৰ সময়তেই আত্মীয়স্বজন তথা ঘৰ-দুৱাৰ,মাটি-বাৰী সকলো হেৰুৱাই কোনোমতে প্ৰাণটো লৈ জীয়াই থকা একাংশ বাসিন্দাই  শিৱিৰত থকা ক্ষতিগ্ৰস্তৰ শুশ্রূষা আৰু অন্যান্য ক্ষেত্ৰত আছাম ৰাইফলছে প্ৰদৰ্শন কৰা মানৱীয় কার্যত গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে। ৰাজ্যখনৰ গোষ্ঠী সংঘৰ্ষ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নিৰন্তৰ ব্ৰতী হৈ থকা আছাম ৰাইফলছে আশ্রয় শিবিৰত থকা হাজাৰ হাজাৰ ক্ষতিগ্ৰস্তক স্বাস্থ্যসেবাকে ধৰি সকলো ধৰণৰ সেৱা আগবঢ়াই আছে। তাৰ মাজতে আছাম ৰাইফলছৰ চিকিৎসকৰ সহযোগিতাত দেওবাৰে এটা আশ্রয় শিৱিৰত এগৰাকী গৰ্ভৱতী মহিলাই এটি সন্তানৰ জন্ম দিয়াৰ খবৰে শিৱিৰত থকা সকলোকে আনন্দিত কৰি তুলিছে। মণিপুৰৰ মন্ত্ৰীপুখৰি আশ্ৰয় শিৱিৰত থকা এন্থাৰ হোনথা নামৰ এগৰাকী গৰ্ভৱতী মহিলাৰ দেওবাৰে হঠাতে প্ৰসৱবেদনা আৰম্ভ হয়। লগে লগে তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি আহে আছাম ৰাইফলছৰ এগৰাকী চিকিৎসক। সেই চিকিৎসকজনৰ তৎপৰতা আৰু সাহায্যত এন্থাৰ হোমথাই এটি সুস্থ সবল শিশুৰ জন্ম দিয়ে। নৱজাত শিশুটিৰ কান্দোনৰ লগে লগে শিবিৰত থকা অন্যান্যই নতুন অতিথি অহা বুলি জানিব পাৰে আৰু আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

       আনহাতে মণিপুৰৰ গোষ্ঠীসংঘর্ষক লৈ উদ্বিগ্নতা প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। সোমবাৰে উচ্চতম ন্যায়ালয়ে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষকলৈ দাখিল হোৱা দুখন আবেদনৰ শুনানি গ্ৰহণ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই সংঘৰ্ষত ক্ষতিগ্রস্ত হোৱাসকলক যথোপযুক্ত সাহাৰ্য্য আৰু আশ্রয় প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধিক ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন বিচাৰপীঠে কেন্দ্র আৰু ৰাজ্য দুয়োখন চৰকাৰকে ক্ষতিগ্ৰস্ত আৰু গৃহহীন হোৱাসকলৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া জনাবলৈ নিৰ্দেশ জাৰি কৰে। কি পৰিস্থিতিত ৰাজ্যখনত এনে হ'বলৈ পালে তাৰো বাখ্যা আগবঢ়াবলৈ নির্দেশ দিয়ে ডি বাই চন্দ্রচূড়, পি ভি নৰসিংহ, জে বি পার্ডিৱালাৰ দ্বাৰা গঠিত বিচাৰপীঠে। উল্লেখ্য, মণিপুৰৰ এই গোষ্ঠী সংঘর্ষ মণিপুৰ উচ্চ ন্যায়ালয়ৰ এটা ৰায়ৰ বাবে সংঘটিত হোৱা বুলি ৰাজ্যখনৰ এজন বিজেপি বিধায়ক দিনগাংলুং গাংমেয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। তেওঁ উক্ত আবেদনত কৈছিল যে, ৰাজ্যখনৰ অগ্ৰণী সম্প্রদায় মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিবলৈ মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক পৰামৰ্শ দিয়াৰ ফলতে এই গোষ্ঠী সংঘৰ্ষৰ উদ্ভৱ হ'ল। সর্বোচ্চ আদালতে মণিপুৰ উচ্চ ন্যায়ালয়ৰ এই ৰায়ত হস্তক্ষেপ কৰিব লাগে। আনহাতে মণিপুৰৰ এটা জনজাতীয় সংগঠনেও উচ্চতম ন্যায়ালয়ত এখন জনস্বার্থজড়িত আবেদন দাখিল কৰি এই গোষ্ঠী সংঘৰ্ষৰ তদন্ত বিশেষ তদন্তকাৰী গোটৰ জৰিয়তে কৰিব লাগে বুলি আবেদন জনাইছে। উচ্চতম ন্যায়ালয়ে দ্বিতীয়খন আবেদনৰ ক্ষেত্ৰত সোমবাৰে কোনো সিদ্ধান্ত গ্রহণ নকৰিলে। এই গোচৰৰ অহা ১৭ মে'ত উচ্চতম ন্যায়ালয়ে পুনৰ শুনানি গ্ৰহণ কৰিব। আনহাতে, ৰাজ্য চৰকাৰে জৰীভাৱে দিল্লীৰ পৰা কেন্দ্ৰীয় মন্ত্রণালয়ত ডেপুটেচনত থকা মণিপুৰ কেডাৰৰ আই এ এছ বিষয়া ডাঃ বিনীত যোশীক জৰীভাৱে ৰাজ্যলৈ আনি মুখ্য সচিবৰ দায়িত্ব প্ৰদান কৰিছে। মুখ্য সচিবৰ দায়িত্বত থকা ডাঃ ৰাজেশ কুমাৰক সেই পদৰ পৰা অপসাৰণ কৰা হৈছে। 

No comments