Breaking News

অভিনয় জগতক উকা কৰি গুচি গ’ল প্ৰসিদ্ধ অভিনেতা, পৰিচালক মিহিৰজ্যোতি বৰুৱা



প্ৰসিদ্ধ অভিনেতা, বোলছবি পৰিচালক তথা গোলাঘাট কুশল পথৰ নিবাসী মিহিৰজ্যোতি বৰুৱাৰ আজি দিনৰ প্ৰায় ২.২০ বজাত দেহাৱসান হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থাকা বৰুৱাই আজি গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। মিহিৰজ্যোতি বৰুৱাই অসমীয়া বোলছবিৰ লগতে ভ্ৰাম্যমান মঞ্চতো বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ‘সূৰ্য তেজৰ অন্য নাম’, ‘সৰু বোৱাৰী’, ‘বন্ধন’, ‘শেৱালী’, ‘বাৰুদ’ আদি কেইবাখনো হিট ছবিত অভিনয় কৰিছিল মিহিৰজ্যোতি বৰুৱায়। ইয়াৰোপৰি ভ্ৰাম্যমান ক্ষেত্ৰখনৰ লগতো প্ৰায় ১৫ বছৰ জড়িত হৈ আছিল। শেহতীয়াকৈ তেখেতে ধাৰাবাহিকতো অভিনয় কৰিছিল।

অভিনেতা গৰাকীৰ মৃত্যুত চলচ্চিত্ৰ তথা নাট্য জগতৰ অপূৰণীয় ক্ষতি হ'ল। তেখেতৰ মৃত্যুত জননী লাইভে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাইছোঁ।

No comments