Breaking News

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ



পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক অৰ্ধসামৰিক বাহিনীয়ে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ বাহিৰৰ পৰাই গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ সন্দৰ্ভত  ইমৰান খানৰ দল পিটিআইৰ চৰকাৰী মুখপাত্ৰ ফাৱাদ চৌধুৰীৰ কয় যে তেওঁক "আদালত চৌহদৰ পৰা অপহৰণ কৰা হৈছে। সেইসময়ত  উকীল আৰু সাধাৰণ লোকক অত্যাচাৰ কৰা হৈছিল।" ইমৰান খানক অজ্ঞাত লোকে অজ্ঞাত স্থানলৈ লৈ গৈছে," আৰু ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে সচিব আভ্যন্তৰীণ আৰু আইজি আৰক্ষীক ১৫ মিনিটৰ ভিতৰত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে বুলি লগতে চৌধুৰীয়ে কয় । 

উল্লেখ্য যে বিগত বৰ্ষৰ এপ্ৰিল মাহত ক্ষমতাৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক এশৰো অধিক গোচৰত জড়িত কৰা হৈছিল। অনাস্থা ভোটত পৰাজিত হোৱাৰ পিছত তেওঁক প্ৰধানমন্ত্ৰী পদৰ পৰা বহিষ্কাৰ কৰা হৈছিল।  যিটো খানে ৰাছিয়া, চীন আৰু আফগানিস্তানৰ ওপৰত তেওঁৰ স্বতন্ত্ৰ বৈদেশিক নীতিৰ সিদ্ধান্তৰ বাবে তেওঁক লক্ষ্য কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত কৰা ষড়যন্ত্ৰৰ অংশ বুলি অভিযোগ কৰিছিল।

No comments