Breaking News

আমেৰিকাৰ শ্বপিংমলত হোৱা গুলীচালনাত মৃত্যু ভাৰতীয় অভিযন্তা ঐশ্বৰ্য থাটিকোণ্ডা



পুনৰ আমেৰিকাৰ দুৰ্বৃত্তৰ গুলীচালনাত প্ৰাণ হেৰুৱালে এগৰাকী ভাৰতীয়ই। ভাৰতৰ তেলেংগনাৰ ৰঙাৰেড্ডী জিলাৰ বাসিন্দা অভিযন্তা ঐশ্বৰ্য থাটিকোণ্ডা আমেৰিকাৰ এটা শ্বপিংমলত চলা নিৰ্বিচাৰ গুলীচালনাত কৰুণ মৃত্যুক সাৱতিব লগা হয়। 

শনিবাৰে টেক্সাছৰ ডালাছৰ ওচৰৰ এখন শ্বপিং মলত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। উক্ত ঘটনাত মৃত্যু হয় ৮জনকৈ লোকৰ। ইয়াৰ মাজত মৃত্যু হয় ভাৰতৰ ২৭ বছৰীয়া অভিযন্তা ঐশ্বৰ্য থাটিকোণ্ডা। ইয়াৰোপৰি আহত হৈছে কেইবাজনো। আহতসকল বৰ্তমানো চিকিৎসাধীন হৈ আছে। ঘটনাৰ সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্তৰ। 

উল্লেখ্য যে থাটিকোণ্ডা ২০১৮ চনত ভাৰতত অসামৰিক অভিযান্ত্ৰিক বিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰিছিল, ২০২০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইষ্টাৰ্ণ মিচিগান বিশ্ববিদ্যালয়ৰ পৰা নিৰ্মাণ ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। যোৱা দুবছৰ ধৰি, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱৰ্ক ভিছাত ডালাছ স্থিত ঠিকাদাৰী প্ৰতিষ্ঠান এটাত কৰ্মৰত আছিল।

No comments