Breaking News

গোলাঘাটত বিশ্ব ৰেডক্ৰচ দিৱস পালন : শিক্ষানুষ্ঠানত গঠন কৰিব যুৱ গোট



ভাৰতীয় ৰেডক্ৰচ সংস্থা, গোলাঘাট শাখাৰ উদ্যোগত আজি বিশ্ব ৰেডক্ৰচ দিৱস পালন কৰা হয় । গোলাঘাট প্ৰেছ ক্লাবত বিশিষ্ট শিক্ষাবিদ ড° লুকুমণি গোস্বামীৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা দিৱসৰ আৰম্ভণিতে ৰেডক্ৰচৰ প্ৰতিষ্ঠাপক জন হেনৰী দুনান্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে বিশিষ্ট শিক্ষাবিদ, গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° পুতুল চন্দ্ৰ শইকীয়াই । ৰেডক্ৰচ চ'চাইটিৰ গোলাঘাট শাখাৰ সাধাৰণ সম্পাদক,অধ্যাপক দেৱজিৎ ফুকনে আঁত ধৰা অনুষ্ঠানত সমগ্ৰ বিশ্বতে ৰেডক্ৰচ চ'চাইটিৰ গুৰুত্ব,অৱদান সম্পৰ্কে বিভিন্নজনে আলোকপাত কৰাৰ লগতে গোলাঘাট জিলাত স্বেচ্ছাসেৱী অনুষ্ঠানটোক অধিক গণমুখী কৰাৰ আহ্বান জনায় । এই উপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ সভাত অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নৃপেন বৰুৱা, অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জ্যোতি ভূঞা, ডাঃ অনন্ত বৰুৱা, শিক্ষাবিদ ড° ত্ৰিদীপ লোচন বৰুৱা, জ্যেষ্ঠ সাংবাদিক, প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামী, সমাজকৰ্মী পূৰ্ণ ৰাজখোৱা, ৰেকিব শ্বাহ, ৰেডক্ৰচৰ গোলাঘাট শাখাৰ চেয়াৰমেন গৌতম দত্ত, সহকাৰী সাধাৰণ সম্পাদক, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা,ড° ৰোপন শৰ্মা আদিয়ে অংশগ্ৰহণ কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায় । ৰেডক্ৰচৰ গোলাঘাট শাখাই আগন্তক দিনত জিলাখনৰ শিক্ষানুষ্ঠান সমূহত ৰেডক্ৰচৰ যুৱ গোট গঠন কৰি নৱ-প্ৰজন্মক সামাজিক সেৱাৰ প্ৰতি আকৃষ্ট কৰাৰ কৰ্মসূচী গ্ৰহণ কৰিছে ।

No comments