Breaking News

গ্রেপ্তাৰ ডাঃ সংগীতা: ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ


চিকিৎসা বৃত্তিৰ দৰে এক মহান বৃত্তিত নিয়োজিত গুৱাহাটীৰ ‘বিশিষ্ট’ চিকিৎসক দম্পতীৰ ঘৃণনীয় ক'লা অধ্যায় উন্মোচন হৈছে। সম্প্ৰতি ৰাজ্যৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা অভিজাত চিকিৎসক দম্পতীয়ে সভ্য সমাজক লজ্জানত কৰা কাৰ্য পোহৰলৈ অহাৰ পাছতেই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰখৰ ৰ'দৰ মাজত ঘৰৰ চাদৰ খুঁটাত বান্ধি ৰখা এটি কন্যা শিশুৰ নিৰ্যাতনৰ ঘটনাৰ আৰক্ষীৰ তদন্তত এতিয়া যেন কেঁচু খান্দোতে সাপ ওলোৱাৰ উপক্ৰম ঘটিছে। অবৈধভাৱে দুটি ফুলকুমলীয়া শিশুক নিজৰ লগত ৰাখি সমাজৰ আগত শিশু দুটিক নিজৰ সন্তান হিচাপে পৰিচয় দিলেও চিকিৎসক দম্পতীয়ে চাৰে তিনি বছৰীয়া দেৱশিশু দুটিৰ ওপৰত দীর্ঘদিনে যৌন শোষণ-উৎপীড়ন চলাই অহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। জিএমচিএইচৰ বিশেষজ্ঞ দলৰ স্বাস্থ্য পৰীক্ষাত ভুক্তভোগী শিশু দুটিৰ সৈতে সংঘটিত হোৱা ঘৃণনীয় যৌন উৎপীড়নৰ তথ্য উন্মোচন হোৱাৰ পাছতেই ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তই শিশু দুটিক বিকৃত মানসিকতা চৰিতাৰ্থ কৰাৰ বাবে ব্যৱহাৰ কৰাৰ সন্দেহ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। ইতিমধ্যে গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীয়ে কন্যা শিশুটিক উদ্ধাৰ কৰি প্রয়োজনীয় চিকিৎসাৰ লগতে শিশু আশ্রয়গৃহত ৰখাৰ ব্যৱস্থা কৰিছে। স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত কন্যা শিশুটিৰ গুপ্তাংগত জুই আৰু গৰম ইস্ত্ৰী লগাই দিয়াৰ লগতে যৌন নির্যাতন চলোৱাৰ তথ্য স্পষ্টভাৱে প্ৰকাশ পাইছে। ইয়াৰ পাছতেই দেওবাৰে আৰক্ষীয়ে দ্বিতীয়টি ভুক্তভোগী ল'ৰা শিশুকো উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে। জিএমচিএইচৰ চিকিৎসকৰ প্ৰতিবেদনত দুয়োটি শিশুৰ ওপৰত চিকিৎসক দম্পতীয়ে যৌন নির্যাতন চলোৱাৰ তথ্য উন্মোচন হৈছে। দ্বিতীয়টো ল'ৰা শিশুৰ গুপ্তাংগৰ অভ্যন্তৰত যৌন নিৰ্যাতনৰ প্ৰমাণ লাভ কৰিছে জিএমচিএইচৰ বিশেষজ্ঞই। ইফালে গুৱাহাটী আৰক্ষীয়ে প্রথমে অভিযুক্ত ডাঃ ৱালিউল ইছলামক গ্ৰেপ্তাৰ কৰি পাঁচ দিনৰ জিম্মাত লোৱাৰ পাছত শনিবাৰে নিশা খানাপাৰাৰ গ্ৰীণউড ৰিজ'ৰ্টৰ পিছফালৰ পাহাৰৰ এটা বাসগৃহত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে অভিযুক্ত ডাঃ সংগীতা দত্তক। লক্ষণীয়ভাৱে শুকুৰবাৰে ডাঃ ৱালিউৰ ইছলামক আৰক্ষীয়ে আটক কৰাৰ পাছতেই পল্টনবজাৰ থানাতে চিকিৎসকজনে শ্লিপিং টেবলেট খাই আত্মহত্যাৰ অপচেষ্টা চলাইছিল। স্বাভাৱিকতেই এতিয়া জিএমচিএইচত স্বাস্থ্য পৰীক্ষাত ভুক্তভোগী শিশুটিৰ ওপৰত যৌন নিৰ্যাতনৰ তথ্য পোহৰলৈ অহাত নিজৰ মুখা খোল খোৱাৰ ভয়তেই চিকিৎসকজনে আত্মহত্যাৰ চেষ্টা চলোৱাৰ সন্দেহ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। ইফালে স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত শিশু দুটিৰ সৈতে হোৱা জঘন্য ঘটনা পোহৰলৈ অহাত তদন্তকাৰী আৰক্ষীয়ে অভিযুক্ত চিকিৎসক দম্পতীৰ বিৰুদ্ধে পক্‌ছ' আইনৰ ধাৰাও আৰোপ কৰিছে। দেওবাৰে সংগীতা দত্তক আদালতত হাজিৰ কৰোৱাই পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছে। ইফালে এই ঘটনাটোৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী আৰক্ষীৰ তদন্তক প্রতিমুহূৰ্ততে নিৰীক্ষণত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষী সঞ্চালকপ্রধান জিপি সিঙে। ইফালে ধৃত সংগীতা দত্তই আৰক্ষীৰ জেৰাত শিশু দুটিক এগৰাকী মহিলাৰ পৰা ২০১৯ চনতে অবৈধভাৱে সংগ্ৰহ কৰা বুলি স্বীকাৰ কৰাত আৰক্ষীয়ে এই দিশটোকো তদন্তৰ আওতাত ৰাখিছে। চিকিৎসক দম্পত্তীক কোন মহিলাই যমজ সন্তানদ্বয়ক যোগান দিছিল তাৰ সন্ধানতো অনুসন্ধান আৰম্ভ কৰিছে। কোনো মানৱ সৰবৰাহকাৰী চক্ৰৰ চুৰি শিশু চিকিৎসক দম্পতীয়ে ক্রয় কৰাৰ সন্দেহো নুই কৰা নাই তদন্তকাৰী আৰক্ষীয়ে। ইফালে, নির্যাতিত শিশু দুটিৰ সন্দৰ্ভতো আৰক্ষীৰ জেৰাত অসংলগ্ন ভাষ্য প্ৰদান কৰিছে অভিযুক্ত চিকিৎসক সংগীতা দত্তই। সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰি গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই চিকিৎসক দম্পতীৰ ঘৃণনীয় কাৰ্য ৰাজহুৱা কৰি কয়— ‘শুকুৰবাৰে আবেলি পল্টনবজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ এজন ব্যক্তিৰ পৰা এটা অভিযোগ আহিছিল যে আর্য হাস্পতালৰ সমীপৰ ৰোমা এনক্লেভ চাদত এজনী তিনি বছৰীয়া ছোৱালীক খুঁটাত বান্ধি হৈছে। এই ঘটনা যোৱা ৩-৪ মাহ ধৰি চলি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকসকলে। এই অভিযোগৰ ভিত্তিত পল্টনবজাৰ আৰক্ষীয়ে ৰোমা এনক্লেভত উপস্থিত হোৱাত চতুর্থ মহলাত এই ঘটনা সংঘটিত হোৱাটো নিশ্চিত কৰে। ঘটনাটো সংঘটিত হোৱা ফ্লেটটোৰ গৰাকী হৈছে ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্ত। তেওঁলোকৰ তিনিটি সন্তান আছে। ডাঙৰজনী ছোৱালী আৰু সৰু দুটাৰ এটি ল'ৰা আৰু এজনী ছোৱালী। ইয়াৰ পাছতেই আৰক্ষীয়ে চাদত বান্ধি ৰখা কণমানি কন্যা শিশুটিক উদ্ধাৰ কৰি প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে। প্ৰাথমিক স্বাস্থ্য পৰীক্ষাত দেখা পোৱা গৈছিল ভুক্তভোগী শিশুটিৰ সমগ্ৰ দেহতে আঘাতৰ চিন। পৰৱৰ্তী সময়ত এটা স্বেচ্ছাসেৱী সংস্থাৰ এজন বিষয়ববীয়াৰ পৰা লাভ কৰা এজাহাৰৰ ভিত্তিত পল্টনবজাৰ থানাত ১৯৩/২০২৩ নম্বৰত গোচৰ ৰুজু কৰা হয়। শনিবাৰে শিশুটিৰ জিএমচি এইচত স্বাস্থ্য পৰীক্ষা কৰাত চিকিৎসকে স্পষ্ট কৰিছে যে সৰু ছোৱালীজনৰ দেহত বহুত আঘাত আছে। আনকি গুপ্তাংগৰ আভ্যন্তৰত আঘাত থকাটোত নিশ্চিত কৰে। চিকিৎসকৰ প্ৰতিবেদনত স্পষ্ট কৰিছে যে ছোৱালীজনীৰ লগত যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে।মেডিকেল ৰিপ'ৰ্ট অহাৰ পাছত পক্‌ছ আইনৰ ধাৰা গোচৰটো অন্তৰ্ভুক্ত কৰা হ'ল। এই গোচৰটোৰ তদন্তত গুৱাহাটী আৰক্ষীয়ে তৎপৰতাৰে প্ৰথমে ডাঃ ৱালিউল ইছলামক গ্ৰেপ্তাৰ কৰি পাঁচ দিনৰ জিম্মাত লয় । তদন্তত ওলাল যে চিকিৎসক দম্পতীৰ ঘৰত কাম কৰা মহিলা লক্ষী ৰায়ো ঘটনাটোত কিবা প্ৰকাৰে জড়িত আছে। লক্ষী ৰায়কো গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় । তদন্তত তৃতীয়জন অভিযুক্ত হিচাপে ডাঃ সংগীতা দত্তক চিনাক্ত কৰা হয় । সংগীতা দত্তই পলাইছিল যদিও শনিবাৰে নিশা খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম। হয়।কালি আদালতত হাজিৰ কৰোৱাই সংগীতা দত্তক পাঁচ দিনৰ বাবে আৰক্ষী জিম্মাত লোৱা হৈছে। এই ঘটনাটোত দেখা গ'ল তিনিটা শিশু আছে। ডাঙৰ শিশুটি ১১-১২ বছৰ হ'ব আৰু শিশুটি বর্তমান সুস্থ পৰিৱেশত আছে। বাকী দুটি শিশুক সংগীতা দত্ত আৰু ৱালিউল ইছলামে প্রথমে নিজৰ সন্তান বুলি দাবী কৰিছিল যদিও তদন্তত ওলাই পৰিছে যে তেওঁলোক শিশু দুটিৰ প্ৰকৃত জন্মদাতা পিতৃ-মাতৃ নহয়। চিকিৎসক দম্পতীয়ে শিশুদুটি ক'ৰ পৰা কেনেকৈ পালে তাৰ তদন্ত কৰি থকা হৈছে। দোষীক আইনগতভাৱে শাস্তি দিয়াৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে। সৰু ছোৱালীজনীক বর্তমান এটি শিশুগৃহত ৰখাৰ ব্যৱস্থা কৰাৰ পাছত চিকিৎসক দম্পতীৰ আনটি ল'ৰা শিশুকো উদ্ধাৰ কৰি বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। জিএমচিএইচৰ বিশেষজ্ঞ চিকিৎসক দলৰ পৰা এতিয়ালৈ যি মতামত লাভ কৰা হৈছে উক্ত ল'ৰা শিশুটিৰ লগতো চিন্তা কৰিবলগীয়া ঘটনা সংঘটিত হৈছে। ল'ৰা শিশুটিৰো স্বাস্থ্য পৰীক্ষাৰ চিকিৎসকৰ চূড়ান্ত প্রতিবেদন লাভ কৰিলেই আৰক্ষীৰ ফালৰ পৰা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই গোচৰটো আৰক্ষী সঞ্চালক জি পি সিঙৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্রতিমুহূর্ততে তদাৰক কৰি আছে। 

No comments