Breaking News

ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত মিগ-২১, তিনিজনৰ মৃত্যু



ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত মিগ-২১ জেট । ৰাজস্থানৰ এটা বাসগৃহত গৈ পৰিলগৈ মিগ-২১ জেটখন। দুৰ্ঘটনাত ৩ জন গাঁওবাসীৰ মৃত্যু হয়।  বিমানখন ৰেজাতগড় এয়াৰবেছৰ পৰা নিয়মীয়া অনুশীলনৰ বাবে উৰা মাৰিছিল ।  ৰাজস্থানৰ হনুমানগড়ৰ বাহলোল নগৰৰ ওচৰত কাৰিকৰী বিজুতিৰ বাবেই এটা বাসগৃহৰ ওপৰত বাগৰি পৰি দুৰ্ঘটনাগ্ৰস্ত হৈছিল জেটখন। দুৰ্ঘটনাটোত পাইলটজনে সময়মতে বিমানখনৰ পৰা ওলাই যোৱাৰ বাবে তেওঁ সুৰক্ষিত বুলি জনা গৈছে।

এইসন্দৰ্ভত ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি সামান্য আঘাত প্ৰাপ্ত পাইলটজনক উদ্ধাৰ কৰিবলৈ এখন হেলিকপ্টাৰ ততাতৈয়াকৈ লৈ যোৱা হৈছিল।"পাইলটজনে জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হৈছিল, যাৰ পিছত তেওঁ বিদ্যমান প্ৰক্ৰিয়া অনুসৰি বিমানখন পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল। এনে কৰিবলৈ ব্যৰ্থ হোৱাৰ বাবে, তেওঁ এটা ইজেকচন আৰম্ভ কৰিছিল।

আইএএফে কৈছিল যে দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ এটা তদন্তৰ নিৰ্দেশ দিয়া হৈছে। "আজি ৰাতিপুৱা নিয়মীয়া প্ৰশিক্ষণৰ সময়ত চুৰাটগড়ৰ ওচৰত আইএএফৰ এখন মিগ-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। ইফালে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চলটোত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। দুৰ্ঘটনাটোত নিহত হৈছিল তিনিগৰাকী মহিলা । 

উল্লেখ্য যে জানুৱাৰীত, এখন আইএএফ যুঁজাৰু বিমান চুখোই এছইউ-৩০ আৰু এটা মিৰাজ ২০০০ এটা প্ৰশিক্ষণ অনুশীলনৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল, যাৰ ফলত এজন পাইলটৰ মৃত্যু হৈছিল।  এখন বিমান মধ্য প্ৰদেশৰ মোৰেনাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল, আনখন ৰাজস্থানৰ ভৰতপুৰত ১০০ কিলোমিটাৰ নিলগত নামি গৈছিল।

No comments