Breaking News

২০১৪ চনৰ পৰা ১০ বছৰত ৬৪ খন দেশ ভ্রমণ নৰেন্দ্ৰ মোডীৰঃপাঁচ বছৰৰ বিদেশ যাত্ৰাত ৰাজকোষৰ ২৩৯ কোটি টকা ব্যয়

 


প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বৰ্তমান ৬ দিনীয়া কাৰ্যসূচীৰে জাপান, অষ্ট্ৰেলিয়া আৰু পাপুৱা নিউগিনি ভ্ৰমণ কৰিছে। ২০১৪ চনৰ পিচত প্রধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে এতিয়ালৈকে ৬৪ খন দেশ ভ্ৰমণ কৰিছে। মুঠ ৬৮ বাৰ বিদেশ ভ্ৰমণ কৰা নৰেন্দ্ৰ মোডীয়ে প্ৰথম পাঁচ বছৰীয়া কাৰ্যকালত ৩৬ খন দেশ ভ্রমণ কৰিছিল। দ্বিতীয়টো কাৰ্যকালত এতিয়ালৈকে ২৮ খন দেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰীয়ে। তেওঁ প্ৰধানমন্ত্রী হিচাপে শ্রীলংকা, ব্রিটেইন আৰু উজবেকিস্তানলৈ তিনিবাৰকৈ, ছিংগাপুৰ, ইউ এ ইলৈ চাৰিবাৰকৈ, চীন, নেপাল, ৰাছিয়ালৈ পাঁচবাৰকৈ, ফ্রান্স, জাৰ্মানীলৈ ছবাৰকৈ আৰু আমেৰিকা তথা জাপানলৈ সাতবাৰকৈ ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিদেশ ভ্রমণ সন্দৰ্ভত ৰাজ্যসভাত যোৱা বছৰৰ ডিচেম্বৰত চৰকাৰে প্ৰকাশ কৰা তথ্যমতে ২০১৯ চনৰ পৰা পাঁচ বছৰত ৰাজকোষৰ ব্যয় হৈছে ২৩৯ কোটি টকা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভি মূৰলীধৰণে এই তথ্য ৰাজ্যসভাত জনাইছিল।

No comments