Breaking News

আগন্তুক নৱেম্বৰ মাহৰ পৰা সমগ্ৰ অসম আফস্পামুক্ত হ'ব পাৰে

 


অসমৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ'ব সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা। উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্রোহীক দমনৰ নামত কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া ক’লা আইনখন চলিত বৰ্ষৰ নৱেম্বৰত সমগ্ৰ অসমৰ পৰাই প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ‌ অধিকাংশ বিদ্রোহী সংগঠনে মূলসুঁতিলৈ ঘূৰি আহি চৰকাৰৰে শান্তি চুক্তিত স্বাক্ষৰ কৰাত ইতিপূৰ্বে ৰাজ্যৰ প্ৰায় ৬০ শতাংশ জিলাৰ পৰা আফস্পা প্রত্যাহাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২০২২ চনৰ পহিলা এপ্ৰিলত ৯খন জিলা আৰু কাছাৰৰ এটা মহকুমাক বাদ দি সমগ্ৰ অসমৰ পৰা আফস্পা বাতিল কৰাৰ লগতে পৰৱৰ্তী সময়ত লখিমপুৰ মহকুমা আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ পৰাও আফস্পা আঁতৰাই দিছিল ৷ অৱশ্যে সোমবাৰে ৰাজ্যৰ বেটেলিয়নসমূহৰ অধিনায়কৰ সন্মিলনত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত ২০২৩ বৰ্ষৰ ন শেষৰফালে অৰ্থাৎ নৱেম্বৰত সমগ্ৰ অসমৰ পৰাই আফস্পা প্রত্যাহাৰ কৰাৰ সম্ভাৱনা সদৰী কৰে। আনকি প্রাক্তন উগ্ৰপন্থীৰ মাজৰ পৰা যোগ্য প্ৰাৰ্থীক আৰক্ষী বাহিনীত নিয়োগ কৰা হ'ব বুলিও না জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য, আফস্পাৰ অধীনত ১৯৯০ চনৰ ২৭-২৮ নৱেম্বৰৰ মাজনিশা অসমক ‘অশান্ত অঞ্চল’ হিচাপে ঘোষণা কৰিছিল আৰু পৰৱৰ্তী সময়ত প্ৰতি ছমাহৰ মূৰে মূৰে ইয়াৰ ম্যাদ বৃদ্ধি কৰি অহা হৈছে।

No comments