Breaking News

ডিষ্টিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ গোলাঘাট বালিজানলৈ গৌৰৱ কঢ়িয়ালে দহ বছৰ বয়সতে মাতৃহাৰা যমজ ভগ্নী কংকনা আৰু কংকিতাইঃ



পৰাগ বৰুৱা, ফৰকাটিং ঃ গোলাঘাট জিলা বালিজান গাঁৱৰ প্ৰয়াত মূয়ৰ পঞ্চমী বৰুৱাৰ যমজ কন্যা সন্তান কংকনা বৰুৱা আৰু কংকিতা বৰুৱাই দহ বছৰ বয়সতে মাতৃহাৰ হোৱাৰ পিছত ককাই-আইতাক, বৰদেউতাক-বৰমাক, খুড়াক-খুড়ীয়ে আৰু মামা আইতা দুগৰাকীৰ মৰম-স্নেহত ডাঙৰ-দীঘলহৈ  হাইস্কুল শিক্ষান্ত পৰীক্ষা ফৰকাটিং কেন্দ্ৰৰ অন্তৰ্গত বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুয়োগৰাকীয়ে পাঁচটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্টিংচন পাবলৈ সক্ষম হয়। কংকিতা বৰুৱা অসমীয়াত ৮২,ইংৰাজীত ৮২,সাধাৰণ গণিতত ৭৮, সাধাৰণ বিজ্ঞানত ৯০,সমাজ বিজ্ঞান ৮৮, হিন্দীত ৯০ নম্বৰ সহ মুঠ ৫১০ নম্বৰ আৰু কংকনা বৰুৱাই অসমীয়াত ৮২,ইংৰাজীত ৮২,সাধাৰণ গণিতত ৭৮, সাধাৰণ বিজ্ঞানত ৯২,সমাজ বিজ্ঞান ৮৮, হিন্দীত ৮৮ নম্বৰ সহ মুঠ ৫১০ নম্বৰ লাভ কৰি নিজৰ লগতে বিদ্যালয়, ঘৰখন তথা অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে। মাতৃহাৰা যমজ ভগ্নীদ্বয় এই সাফল্যৰ খৱৰ পাই অঞ্চলটোৰ ৰাইজ কংকনা আৰু কংকিতা ওচৰত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে। বৰ্তমান দুয়োগৰাকীয়ে বিজ্ঞান শাখাত নামভত্তি কৰি ভৱিষৎতে শিক্ষাদান মহান দান শিক্ষকতাৰ বৃত্তি লগত জঢ়িত হোৱাৰ সপোন পুহি ৰাখিছে বুলি জানিবলৈ দিয়ে। কংকনাই  পঢ়াৰ  উপৰি অনুৰাধা শৰ্মা পূজাৰী আৰু হোমেন বৰগোঁহাই উপন্যাস পঢ়ি ভাল পোৱা বুলি জানিবলৈ দিয়ে। ইয়াৰোপৰি কংকিতাই পঢ়াৰ উপৰি চৈয়দ আব্দুল মালিক, অনুৰাধা শৰ্মাপূজাৰী আৰু কাঞ্চন বৰুৱাৰ কিতাপ পঢ়ি ভাল পোৱাৰ লগতে খেলি ভাল পাঁও বুলি  সাংবাদিকক জানিবলৈ দিয়ে।

No comments