Breaking News

এন চি পিৰ উত্তৰাধিকাৰী হোৱাৰ সম্ভাৱনা শাৰদ পাৱাৰৰ কন্যা সুপ্রিয়া



যোৱা মঙ্গলবাৰে এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে হঠাতে দলৰ সভাপতিৰ পদ ত্যাগ কৰাৰ পাছতে ব্যাপক চৰ্চিত বিষয় হৈ পৰিছে—কোন হ'ব শাৰদ পাৱাৰৰ উত্তৰাধিকাৰী? মঙলবাৰে দুপৰীয়া দলৰ নেতৃত্ব এৰাৰ কথা ঘোষণা কৰিছিল বর্ষীয়ান ৰাজনীবিদ শাৰদ পাৱাৰে। পাৱাৰে দলৰ সভাপতিৰ পদ ত্যাগ কৰাৰ এটা দিন পাছতে অর্থাৎ বুধবাৰে পাৱাৰক মুম্বাইৰ বাসগৃহত সাক্ষাৎ কৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্রী ছগন ভুজবলে। পাৱাৰক সাক্ষাৎ কৰি তেওঁ দলৰ নেতৃত্ব পৰিৱৰ্তনৰ বিষয়ে জানিব পাৰে। ছগন ভূজবলৰ দাবী শাৰদ পাৱাৰৰ উপ কন্যা সুপ্রিয়া সুলেৰ ওপৰত ন্যস্ত কৰা হ'ব দলৰ সভাপতিৰ দায়িত্ব। দলৰ পৰৱৰ্তী সভাপতি সন্দৰ্ভত সিদ্ধান্ত গ্রহণ কৰিবলৈ কালি মুম্বাইৰ ৱাইবি চৰন কেন্দ্ৰত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। দলৰ পৰৱৰ্তী সভাপতি পদৰ বাবে প্ৰফুল্ল পেটেল আৰু সুপ্রিয়া সুলে প্রবল দাবীদাৰ হিচাপে প্ৰকাশ পাইছে। পেটেল আৰু সুলে দুয়োৰে ৰাষ্ট্ৰীয় ৰাজনীতিত যথেষ্ট অভিজ্ঞতা আছে। যাৰ ফলত তেওঁলোকক দলটোৰ মুৰব্বী পদৰ বাবে শক্তিশালী প্রার্থী হিচাপে বিবেচনা কৰা হৈছে। এই কথা পোহৰলৈ অহাৰ পাছতে শাৰদ পাৱাৰৰ ভতিজাক অজিত পাৱাৰ এনচিপিৰ সভাপতিৰ দৌৰৰ শীৰ্ষত থকা বুলি ওলোৱা গুজবৰো অন্ত পৰে। দলৰ নেতৃত্বৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটো যাতে মসৃণ হয় আৰু দলীয়  নেতাকর্মীৰ মাজত যাতে কোনো বিভ্ৰান্তিৰ সৃষ্টি নহয় তাৰ বাবে এখন আভ্যন্তৰীণ বৈঠক চলি আছে। এই বৈঠক চলে শাৰদ পাৱাৰৰ বাসগৃহত । দলৰ এটা শীৰ্ষসূত্র মতে অজিত পাৱাৰৰ ওপৰত ন্যস্ত হ'ব  মহাৰাষ্ট্ৰ এনচিপিৰ দায়িত্ব। ছগন ভূজবলে কয়—মহাৰাষ্ট্ৰৰ দলীয়  কাম-কাজ চোৱাৰ বাবে অজিত পাৱাৰৰ ওপৰত দায়িত্ব অর্পণ কৰা হ'ব। কিন্তু ৰাষ্ট্ৰীয় দলটোৰ নেতৃত্ব দিবলৈ পাৱাৰৰ পচন্দ একমাত্ৰ সুপ্রিয়া সুলে। তেওঁ দীর্ঘদিনৰ সাংসদ। পিতৃৰ সৈতে দীর্ঘদিনে ওতঃপ্রোতভাৱে থাকি ৰাষ্ট্ৰীয় ৰাজনীতি তথা দলৰ নাড়ী নক্ষত্ৰ বুজি উঠিছে সুপ্রিয়াই। একাংশ ৰাজনৈতিক পর্যবেক্ষকৰ মতে শাৰদ পাৱাৰে  মঙলবাৰে আচম্বিতে দলৰ সভাপতি পদত্যাগ কৰা বুলি ঘোষণা কৰিছে এনে যদিও সেয়া তেওঁৰ পৰিকল্পিত পদক্ষেপ। দলৰ নেতৃত্বৰ পৰা পদত্যাগ কৰাৰ পূৰ্বে তেওঁ নেতৃত্ব বাছনিৰ বাবে এখন কমিটী গঠন কৰি দিছে। - উল্লেখ্য যে, বিগত ছেপ্টেম্বৰ মাহত এন চি পিৰ পৰৱর্তী সভাপতিৰূপে পুননির্বাচিত হৈছিল শাৰদ পাৱাৰ। এন চি পিৰ সৰ্বস্তৰৰ নেতা-কৰ্মীৰ আস্থা আৰু বিশ্বাস লাভৰ জৰিয়তে দলটোক আগুৱাই নিয়াৰ স্বাৰ্থত পাৱাৰে এনেদৰে আগবাঢ়িছে।

        ৰাষ্ট্রবাদী কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি শাৰদ পাৱাৰে মঙলবাৰে যি দলীয় সভাপতি পদৰ পৰা পদত্যাগ কৰি পদত্যাগ পত্ৰ দাখিল কৰিছে সেই পদত্যাগ পত্ৰ উঠাই ল'বলৈ অসম ৰাজ্যিক এন চি পিয়ে আহ্বান জনাইছে। কালি অসম ৰাজ্যিক এন চি পিৰ মুখ্য কাৰ্যালয়ত হোৱা এক গুরুত্বপূর্ণ সভাত দলে অত্যন্ত দুখ প্ৰকাশ কৰে আৰু শাৰদ পাৱাৰকে পুনঃ দলীয় সভাপতি পদ গ্ৰহণ কৰিব লাগে বুলি আহ্বান জনায়। লগতে এই সভাতে এক সিদ্ধান্ত গ্ৰহণ কৰি দিল্লীৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰে। অসম ৰাজ্যিক এন চি পিৰ সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে মত পোষণ কৰে যে— শাৰদ পাৱাৰৰ যি নীতি, বিচক্ষণ ৰাজনীতিত সিদ্ধহস্ত সেয়া এন চি পিৰ দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।সুদীর্ঘকালজোৰা তেওঁৰ যি কৌশল তাৰ বাবেই সমগ্র দেশতে এক সুকীয়া স্থান লাভ কৰি আহিছে। পাৱাৰে কৰা ৰাজনীতি তথা বর্ণনীতি সমগ্ৰ দেশৰ বাবেই গুৰুত্বপূর্ণ। সেয়েহে এন চি পি দলটোক সুস্থিৰ মাত্ৰা প্ৰদান কৰাৰ লগতে মূল্যবোধৰ ৰাজনীতিৰ বাবে এন চি পিয়ে কোনো কাৰণতে পাৱাৰৰ পদত্যাগ গ্ৰহণ নকৰে। তেওঁৰ সৈতে আমি প্ৰতিটো ক্ষণ আছো আৰু অনাগত দিনতো দেশ তথা দহৰ বাবে এন চি পিত থাকি কাম কৰি যাম। সভাই এই প্রস্তাবমর্মে সভাপতিগৰাকীক পদত্যাগ পত্র প্রত্যাহাৰৰ লগতে দলটোৰ গুৰিব'ঠা  ধৰি আগুৱাই নিবৰ বাবে আহ্বান জনায়। 

No comments