Breaking News

ক্রেমলিন প্ৰসাদত ৰহস্যজনক ড্ৰ'ন আক্রমণ:লক্ষ্য ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন!

 


চিকাৰী এইবাৰ নিজেই ফান্দত পৰিল।ৰাছিয়াই আক্ৰমণ কৰিছিল ইউক্রেইনক, কিন্তু আক্ৰমণৰ লক্ষ্য হ'ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন নিজে। ৰাছিয়াই অব্যাহত ৰখা আক্রমণ কোনোমতে চম্ভালি এইবাৰ ইউক্রেইনে আক্ৰমণ চলালে পুটিনৰ ক্রেমলিন প্রাসাদত। দুটাকৈ ড্ৰ’নৰে চলোৱা ইউক্রেইনৰ এই আক্ৰমণ অৱশ্যে ব্যৰ্থ হৈছে। আক্ৰমণত কোনোধৰণৰ আঘাত নোপোৱাকৈ ৰক্ষা পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন । ক্রেমলিন প্ৰসাদৰো এই আক্ৰমণত কোনো ক্ষতি হোৱা নাই । ৰাছিয়াই এই আক্রমণ ইউক্রেইনে চলোৱা বুলি দাবী কৰিছে আৰু ড্ৰ’ন আক্ৰমণৰ ভিডিঅ' সংবাদমাধ্যত মুকলি কৰি দিছে। সেই ভিডিঅ'ত দেখা গৈছে, দুটাকৈ ড্র’ন ক্রেমলিনৰ দিশে আগবাঢ়ি যোৱা অৱস্থাত ৰাছিয়াৰ সেনা বাহিনীয়ে আকাশতে আক্ৰমণকাৰী দুয়োটা ড্র’ন ধ্বংস কৰিছে। বুধবাৰে ক্রেমলিনৰ পক্ষৰ পৰা প্ৰেছ বিবৃতি জাৰি কৰি এই আক্ৰমণৰ কথা ৰাজহুৱা কৰা হৈছে। মস্কোৰ মেয়ৰে জনাইছে যে এতিয়াৰ পৰা ৰাছিয়াৰ ৰাজধানী চহৰখনৰ ওপৰেৰে কোনো ড্র’ন উৰি যাবলৈ অনুমতি দিয়া নহ'ব। ইপিনে ইউক্রেইনে এই আক্ৰমণৰ কথা অস্বীকাৰ কৰিছে। তেওঁলোকৰ মতে এয়া মস্কোৰ ষড়যন্ত্র। ইউক্রেইনে কোনো কাৰণতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে আক্রমণ চলোৱা নাই । পিছে ৰাছিয়াৰ দাবী সম্পূৰ্ণ বিপৰীত। তেওঁলোকৰ মতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক হত্যা কৰাৰ উদ্দেশ্যেই ইউক্রেইনে এই গোপন অভিযান চলাইছিল। ইয়াৰ পূৰ্বেও পুটিনক হত্যা কৰাৰ বাবে ইউক্রেইনে একাধিকবাৰ চেষ্টা চলোৱা বুলি মস্কোৱে প্ৰকাশ কৰিছে। তেওঁলোকে পূৰ্বৰ প্ৰত্যেকটো আক্ৰমণৰ কথাই কালি মুকলি কৰিছে। উল্লেখ্য যে, ৰাছিয়াই ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ইউক্রেইন আক্ৰমণ কৰিলেও এই পর্যন্ত বিশেষ উল্লেখযোগ্য সফলতা লাভ কৰা নাই । আনহাতে, ইউক্রেইনে আমেৰিকা আৰু ইউৰোপৰ পশ্চিমীয়া দেশৰ পৰা আৰ্থিক আৰু সামৰিক সাহায্য লাভ কৰি ৰাছিয়াৰ আক্ৰমণ যথাসাধ্যে প্রতিহত কৰি আছে। ৰাছিয়াৰ আক্ৰমণ চম্ভালি এতিয়া ইউক্রেইনে চেগাচোৰোকাকৈ ৰাছিয়াক প্রত্যাক্রমণ কৰাও আৰম্ভ কৰিছে। শেহতীয়াকৈ ইউক্রেইনে ৰাছিয়াই বহুবছৰ পূৰ্বে দখল কৰি লোৱা ক্রাইমিয়াৰ কেইবাটাও তেল খাদত আক্ৰমণ সংঘটিত কৰিছে। ইউক্রেইনে ঘাইকৈ ড্ৰ'নৰ সহায়ত ৰাছিয়াক প্রত্যাক্রমণ কৰি যুদ্ধ ক্ষেত্র আৰু তাৰ বাহিৰতো জোলোকা জোলোকে পানী খুৱাইছে।

No comments