Breaking News

ডিএনএলএৰ বিশেষ ঘোষণা:নাম সলনি হ'ব ডিমা হাচাওৰ


নতুন দিল্লীত ২৭ এপ্ৰিলত, অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত ৰাজ্যৰ অন্যতম ডিমাছা সশস্ত্র সংগঠন ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মী চমুকৈ ডিএন এল এই স্বাক্ষৰ কৰা শান্তি চুক্তিত বৰ্তমানৰ ডিমা হাচাও জিলাত চামিল কৰা হ'ব বর্তমান নগাঁও জিলাৰ যমুনামুখ, হোজাই, লংকা আৰু কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ আদিকে ধৰি কেইবাটাও অঞ্চল। সৃষ্টি কৰা হ'ব 'হায়ুং হাদাউ হালালি'
নামৰে এখন নতুন জিলা। হোজাই মহকুমাৰ লংকাৰ শিঙজুৰিত কালি আয়োজিত এক আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই দাবী কৰিছে শান্তি চুক্তিত স্বাক্ষৰ কৰা ডিএন এল এ নামৰ অস্ত্ৰসম্বৰণ কৰা ডিমাছা সশস্ত্ৰ সংগঠনটোৰ নেতাসকলে । ত্রিপাক্ষিক চুক্তিৰ জৰিয়তে ডিমাছাসকলৰ উন্নয়নৰ বাবে ১০০০ কোটি টকা আগবঢ়োৱা বুলি জানিবলৈ দিয়াৰ লগতে চুক্তিত ডিমাছাসকলৰবাবে এজন বিধায়ক আৰু এখন সাংসদ আসনৰো ব্যৱস্থা ৰখাৰ কথা অৱগত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ডিএনএলএৰ নেতাসকল। কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন বিজেপি চৰকাৰে প্ৰথমবাৰৰ বাবে ডিমাছাসকলৰ উন্নয়নৰ বাবে আগবাঢ়ি অহাৰ কথা উল্লেখ কৰি সকলো ডিমাছাক এই শান্তি চুক্তিত সমর্থন জনাবলৈ আহ্বান জনাইছে চুক্তি স্বাক্ষৰ কৰা নেতাসকলে ।, শান্তি চুক্তি স্বাক্ষৰ কৰি উভতি অহা ডিএন এল এ সংগঠনৰ নেতাসকলক লংকাৰ শিংজুৰিত আদৰণি জনোৱাৰ উদ্দেশ্যেৰে এক সভা অনুষ্ঠিত কৰি লংকা আৰু হোজাইৰ ডিমাছা সমাজৰ তৰফৰ পৰা উষ্ণ আদৰণি জনোৱাৰ লগতে সভাস্থলীৰ পৰাই অসম আৰু কেন্দ্ৰীয় চৰকাৰক অতি সোনকালে চুক্তিখন কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। সভাৰ পূৰ্বে লংকাৰ ঘাইপথৰ পৰা সভাৰস্থলীলৈ বাইক ৰেলীৰে ডিএন এল এ জিন্দাবাদ শ্ল'গান দি আদৰি নিয়া হয় চুক্তি স্বাক্ষৰকাৰী সংগঠনৰ নেতাসকলক। সভাত, চুক্তিত স্বাক্ষৰ কৰা দহ গৰাকী ডি এন এল এ সদস্যৰ ভিতৰত আঠ গৰাকী উপস্থিত থকা আদৰণি সভাত আদৰণি গ্ৰহণ কৰি সংগঠনটোৰ অধ্যক্ষ নাইডেং ডিমাছা, সম্পাদক মুখটেশ্বৰ কেম্পাই,কামাণ্ডাৰ ইন চীফ নাইডেং ডিমাছাই চুক্তিখনৰ বিষয়ে বক্তব্য ৰাখে । “আমাৰ বঙালী, অসমীয়া, ডিমাছা বুলি কোনো পার্থক্য নাই। আমি সকলো বঙালী, অসমীয়া, ডিমাছা একেলগে বসবাস কৰি একেলগে জীয়াই থাকিম বুলি মন্তব্য কৰিছে সংগঠনটোৰ অধ্যক্ষ তথা চুক্তি স্বাক্ষৰকাৰীৰ অন্যতম নেতা নাইদেং ডিমাছাই। উল্লেখ্য যে ডিমাছাসকলৰ বাবে হিৰিম্বা ৰাজ্য গঠনৰ দাবীত অস্ত্ৰৰ জনজননি তোলাৰ পাছত ডিমাহাচাও জিলাত ২০ অক্টোবৰ ২০২১ চনত চৰকাৰৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰিছিল ডিমাছা সসস্ত্র সংগঠন ডি এন এল এই। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ডেৰ বছৰৰ অন্তত ২৭ এপ্রিল তাৰিখে নতুন দিল্লীত সংগঠনটোৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগত ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰি দীৰ্ঘদিনীয়া ডিমাছাসকলৰ সমস্যা সমাধান ভেটি গঢ় দিয়াৰ প্ৰথমটো খোজ আৰম্ভ কৰিছে। অৱশ্যে অনাগত দিনত ইতিমধ্যেই চৰকাৰৰ সৈতে অস্ত্ৰ বিৰতি চুক্তিত থকা ডিমা হাছাও জিলাৰ আন এটা সসস্ত্র সংগঠন ডিএইচ ডি নুনিচা গোটে এই চুক্তিক কি ভাৱে গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব। ইতিমধ্যে এই চুক্তিত লংকা অন্তর্ভুক্ত হোৱাৰ বাতৰিক কেন্দ্ৰ কৰি লংকা অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উদ্বিগ্ন হৈ পৰিছে লংকাৰ জনসাধাৰণো। চুক্তি সম্পর্কে আনুষ্ঠানিক ভাৱে চৰকাৰৰ ফালৰ পৰা দাঙি ধৰিলেহে সমগ্র বিষয় পৰিষ্কাৰ হৈ উঠিব। 

No comments