Breaking News

অৱশেষত গ্ৰেপ্তাৰ হ'ল সুন্দৰী প্ৰৱঞ্চক বিজেপি কৃষাণ মৰ্চাৰ নেত্রী মুন ইংতিপী

 


কাৰ্বি আংলং জিলা বিজেপি কৃষাণ মৰ্চাৰ সম্পাদিকা মুন ইংতিপীক প্ৰৱঞ্চনাৰ গোচৰত কালি নিশা ডিফু আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। কার্বি আংলং জিলাৰ ২৪জন যুৱক-যুৱতীক চাকৰি দিয়াৰ প্রলোভনেৰে মুন ইংতিপীয়ে সংগ্ৰহ কৰিছিল ১ কোটি ৫২ লাখ ৫০হাজাৰ টকা। বুধবাৰে লাংহিত এক সংবাদ মেলত এই কেলেংকাৰিৰ তথ্য ফাদিল কৰিছিল ভুক্তভোগীসকলৰ লগতে যুৱ সংগঠনৰ নেতৃত্বই। মুন ইংতিপী শাসক বিজেপি দলৰ নেত্ৰী হোৱাৰ বাবে মুখ্যমন্ত্ৰী, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কার্যবাহী সদস্য, বিধায়ক বিদ্যাছিং ইংলেঙৰ অতি ঘনিষ্ঠ আছিল। এই সম্পৰ্কৰ আলমতে তেওঁ চাকৰি দিম বুলি বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছিল। নাম লৈছিল নেতাসকলৰ। আনকি বহিঃৰাজ্যত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈও এইসকল নেতাৰ লগত প্ৰায়ে যায় মুন ইংতিপী। বুধবাৰে সংবাদ মেলৰ পাছতে কালি ভুক্তভোগীসকলে ডিফু থানাত এটি প্ৰৱঞ্চনাৰ গোচৰ তৰে। ইফালে  সংবাদ মেলৰ পাছতে ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি হয়। কালি নিশা ডিফু থানাৰ ৫৭/২০২০ নম্বৰৰ গোচৰৰ ভিত্তিত ৪০৬/৪২০/৩৪ ভাৰতীয় দণ্ডবিধি আইনৰ  ধাৰাত মুন ইংতিপীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতে বিজেপি দলে মুন ইংতিপীক দলৰ পৰা বহিষ্কাৰ কৰে।কালি দুপৰীয়া মুন ইংতিপীক আদালতলৈ নিয়াৰ সময়ত তেওঁ চিঞৰি চিঞৰি কয় যে মোক ফচাই দিছে ডাঙৰ মানুহসকলে। মোক অকলে ধৰিলে নহ'ব আৰক্ষীয়ে তেওঁলোককো ধৰক ৷ ধৃত মহিলা বিজেপি নেত্ৰীগৰাকীয়ে কেইবাজনো ব্যক্তিৰ নাম কৈ থাকোঁতেই আৰক্ষীয়ে সংবাদ মাধ্যমৰ  ওচৰৰ পৰা আঁতৰাই লৈ যায় আদালতলৈ । ডিফু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এছ  খুবুঙে আৰক্ষীয়ে অধিক জেৰাৰ বাবে তিনিদিনৰ আৰক্ষী জিম্মাত বিচৰা বুলি কয়।মুন ইংতিপীৰ গ্ৰেপ্তাৰে বিজেপি দলৰ ভিতৰত জোকাৰণিৰ সৃষ্টি কৰিছে। মুন ইংতিপীয়ে যাতে সংবাদ মাধ্যমৰ আগত কথা ক’ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে বিশেষ তৎপৰতা অৱলম্বন কৰা দেখা গৈছে।এই কথাটোৱে বিষয়টো অধিক ৰহস্যৰ আৱৰ্তলৈ লৈ যোৱা যেন অনুমান হয়।

No comments