Breaking News

ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল বলিউডৰ অভিনেতা আশীস বিদ্যাৰ্থী

 


বলিউডৰ জনপ্ৰিয় অভিনেতা আশিস বিদ্যার্থীয়ে বৃহস্পতিবাৰে অসম তথা গুৱাহাটীৰ জীয়ৰী ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ পাণি গ্ৰহণ কৰিল। দীৰ্ঘদিনীয়া প্রেমক স্বীকৃতি দি অসমৰ জোঁৱাই হৈ পৰিল ৬০ বছৰীয়া অভিনেতাজন৷ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক অভিনেতা আশিস বিদ্যার্থীয়ে বৃহস্পতিবাৰে কলকাতা ক্লাবত ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পূৰ্বে তেওঁ অভিনেত্রী, গায়িকা তথা নাট্যশিল্পী ৰাজশ্ৰী বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ৰাজশ্ৰী বৰুৱা আছিল এসময়ৰ প্ৰতিথযশা অভিনেত্রী শকুন্তলা বৰুৱাৰ কন্যা। আশিস বিদ্যার্থীয়ে বৃহস্পতিবাৰে ক'ৰ্টমেৰিজ কৰা ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ ঘৰ গুৱাহাটীত যদিও বর্তমান তেওঁ কলকাতাৰ এখন অত্যাধুনিক ফেশ্বন ষ্ট'ৰৰ স্বত্বাধিকাৰী। আশিস বিদ্যাৰ্থী আৰু ৰূপালী বৰুৱাৰ আত্মীয় আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱী উপস্থিতিত বৃহস্পতিবাৰে অনুষ্টুপীয়াকৈ এই বিবাহ পঞ্জীয়ন সম্পন্ন হয়। বিবাহৰ পাছতেই অভ্যর্থনাৰো আয়োজন কৰে নৱ-দম্পতীয়ে। বলিউদৰ অভিনেতা আশিস বিদ্যার্থীয়ে ১১টা ভাষাত ৩০০ৰো অধিক ছবিত কাম কৰিছে। কেইবাটাও চলচ্চিত্ৰ উদ্যোগত কাম কৰাৰ বাবে পৰিচিত এই প্রবীণ অভিনেতাজনৰ ১৯৬২ চনৰ ১৯ জুনত দিল্লীত জন্ম হৈছিল। ১৯৮৬ চনৰ পৰা আৰম্ভ হোৱা কেৰিয়াৰত আশিস বিদ্যার্থীয়ে কেইবাখনো হিন্দী, তেলেগু, তামিল, কানাড়া, মালয়ালম, ইংৰাজী, ওডিয়া, মাৰাঠী আৰু বাংলা ছবিত কাম কৰিছে। বৰ্তমানলৈ তেওঁ ১১টা ভাষাৰ ৩০০ৰো অধিক ছবিত কাম কৰিছে। আশিস বিদ্যাৰ্থীয়ে প্ৰথমবাৰলৈ চৰ্দাৰ বল্লভাই পেটেলৰ জীৱনৰ আধাৰত নির্মিত চিনেমা 'চৰ্দাৰ ত ভিপি মেননৰ চৰিত্ৰত অভিনয় কৰিছিল। কিন্তু তেওঁৰ প্ৰথম মুক্তিপ্রাপ্ত ছবি আছিল দ্রোহকাল। এই ছবিৰ বাবে তেওঁ ১৯৯৫ চনত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ‘1942 : A Love Story'ত কৰা আশুতোষৰ চৰিত্ৰৰ বাবেও তেওঁ পৰিচিত। আশিস বিদ্যার্থীয়ে ১৯৯৬ চনৰ ‘ইছ ৰাত কি সুবহ নেহি' ছবিৰ বাবে নেগেটিভ ভূমিকাত শ্রেষ্ঠ অভিনেতাৰ ষ্টাৰ স্ক্ৰীণ বঁটাও লাভ কৰিছিল।

No comments