Breaking News

খাৰঘুলিত জলবিস্ফোৰণত বিধ্বস্ত ৰামছিং পাহাৰৰ একাংশ:নিহত এগৰাকী মহিলা


অসমৰ প্ৰাণকেন্দ্ৰ স্বৰূপ গুৱাহাটী মহানগৰীৰ খাৰঘুলিত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়াবহ ঘটনা। মহানগৰীৰ খাৰঘুলিত জাইকাৰ পাইপ ফাটি সংঘটিত জল বিস্ফোৰণৰ ফলত এগৰাকী মহিলা নিহত হোৱাৰ উপৰিও আঠজন লোক গুৰুতৰভাৱে আহত হয়। জাইকাৰ এই জলপ্ৰলয়ৰ ফলত অঞ্চলটোৰ ঘৰ-বাৰী, যান-বাহন নিমিষতে ধ্বংসস্তূপত পৰিণত হয়।পাইপ ফাটি নিৰ্গত হোৱা পানী ৫০০ ফুট উচ্চতালৈ যোৱাৰ ফলত বহু যান-বাহন উটুৱাই নিয়ে। জল প্রলয়ৰ ফলত অঞ্চলটোত এক অৱৰ্ণীয় পৰিস্থিতিৰ উদ্ভৱ হয়। উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ খাৰঘুলীৰ ৰাম সিং পাহাৰত জাইকাই দীৰ্ঘদিন ধৰি পানী যোগানৰ আঁচনিৰ কাম কৰি আছিল। কিন্তু আজিকোপতি জাইকাই অঞ্চলটোৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ সক্ষম নহ'ল। আজি যোগান ধৰিম কালি যোগান ধৰিম বুলি কৈ জাইকা কর্তৃপক্ষই অঞ্চলবাসীক প্ৰৱঞ্চনা কৰি আছিল। বৃহস্পতিবাৰে দিনৰ তিনি বজাত খাৰঘুলী পথৰ মাজত প্ৰচণ্ড শব্দ কৰি জাইকাৰ পানীৰ পাইপ ফাটি ইয়াৰ পৰা তীব্ৰ গতিৰে পানী নিৰ্গত হ'বলৈ ধৰে। এই জল বিস্ফোৰণৰ ফলত এগৰাকী মহিলাক ৫০০ ফুট দুৰত্বলৈ উটুৱাই নিয়াৰ লগতে দুচকীয়া, চাৰি চকীয়া যান- বাহন, উটুৱাই নিয়ে। পানীৰ প্ৰবাল সোতে ২০ টাতকৈ অধিক ঘৰ-বাৰী ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে। সেই সময়ত স্কুলৰ পৰা অহা এগৰাকী ১০ বছৰীয়া ছাত্ৰীয়ে দুৱাৰত ধৰি পানীৰ সোতৰ পৰা কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰে। জাইকাৰ পাইপ ফাটি সৃষ্টি হোৱা জল প্রলয়ে ৮ জনতকৈ অধিক লোকক উটুৱাই নিয়ে। এই ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হয়। নিহত মহিলাগৰাকীৰ নাম সুমিত্ৰা ৰাভা (৪২)। এই ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে জাইকা কৰ্তৃপক্ষক খবৰ দিয়ে। ততাতৈয়াকৈ পানীৰ মেচিন বন্ধ কৰি দিয়াত তীব্ৰবেগত পানী নিৰ্গত হোৱা বন্ধ হৈ পৰে। এই আকস্মিক ঘটনা সমগ্ৰ অঞ্চলটোৰ লোক আতংকিত হৈ পৰে। ঘটনাস্থলীত গুৱাহাটী পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰী, এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযানত নামি পৰে। জাইকাৰ পানী পাইপৰ বিস্ফোৰণৰ ফলত পথটোত ৪ ফুট ‘দ’ গাত সৃষ্টি হয়। ইপিনে, আহত আৰু নিহত হোৱা লোকসকলক আৰক্ষীয়ে উদ্ধাৰ কৰি জি এম চি এইচলৈ নিয়ে। ইয়াৰে এগৰাকীৰ অৱস্থা সংকটনজক বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আহত লোক কেইজন ক্ৰমে ৰাজীৱ দাস, দীপা দাস, নির্মল দাস, মৃদুলা হালৈ, দৈৱকী হালৈ। ইপিনে, জল বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ২০ টা পৰিয়ালৰ ভিতৰত ৭ টা পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। খাৰঘুলী উন্নয়ন সমিতি আৰু জিলা প্ৰশাসনে স্থানীয় স্কুলত অস্থায়ী আশ্রয় শিবিৰ স্থাপন কৰি ৭ টা পৰিয়ালক ইয়ালৈ স্থানান্তৰ কৰাৰ লগতে খাদ্য-পানী আৰু ঔষধ যোগান ধৰিছে। জল বিস্ফোৰণৰ পাছতেই অঞ্চলটোৰ ৰাইজ জাইকাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে। জাইকাৰ কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহি আৰু গাফিলতিৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক ৰমেশ দাসে গুৰুতৰ অভিযোগ উত্থাপন কৰে। 'মোৰ চকুৰ সন্মুখতে প্রচণ্ড শব্দ কৰি পাইপ ফুটি ৫০০ ফুট দুৰত্বলৈ পানী বৈ যায়। জাইকাৰ কৰ্তৃপক্ষই ৬-৭ বছৰ পূৰ্বে খাৰঘুলীত পাইপ পুতি পানী আজি দিম কালি দিব বুলি কৈ ৰাইজক প্ৰৱঞ্চনা কৰি আছিল। বিগত ৬-৭ বছৰ পাইপসমূহ মাটিৰ তলত থকাত ক্ৰমান্বয়ে পাইপসমূহ নষ্ট হয়।'জলবিস্ফোৰণত ক্ষতিগ্ৰস্ত হোৱা ২০ টা পৰিয়ালক ক্ষতিপূৰণ দিবলৈ জ্যেষ্ঠ নাগৰিকজনে ৰাজ্য চৰকাৰ আৰু জাইকাৰ কৰ্তৃপক্ষক দাবী জনায়। উল্লেখ্য যে জি এম চি এইচত চিকিৎসাধীন হৈ থকা দৈৱকী হালৈ নামৰ মহিলাগৰাকী আজিৰ এই ঘটনাত গুৰুতৰভাৱে আহত হয়। এগৰাকী মহিলাৰ আকস্মিক মৃত্যুয়ে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। উক্ত ঘটনাৰ পাছত জাইকাৰ কতৃপক্ষই এতিয়া কেনেধৰণৰ কাৰ্যপন্থা হাতত লয় সেয়াহে হ'ব লক্ষণীয়।

No comments