Breaking News

বিশ্ব স্বাস্থ্য সংস্থাৰ ঘোষণা: ক’ভিড আৰু বিপজ্জনক নহয়


বিশ্ব‌ই যোৱা প্ৰায় এবছৰ ধৰি ক’ভিডৰ আগৰ সেই সংহাৰী ৰূপ দেখা নাই। ২০১৯ চনৰ একেবাৰে শেষত চীনত আৰম্ভ হোৱা এই ক'ভিডে মহামাৰীৰ ৰূপ লৈ পৰৱৰ্তী প্ৰায় আঢ়ৈটা বছৰত সমগ্ৰ বিশ্বত ৭০ লাখৰো অধিক লোকৰ প্ৰাণ সংহাৰ কৰিলে । ক’ভিড অতিমাৰীয়ে ভাৰততো প্রাণ কাঢ়ি নিলে ৫ লক্ষাধিক লোকৰ। পিছে ২০২২ চনৰ মধ্যৱৰ্তী সময়ৰ পৰা লাহে লাহে ক’ভিডৰ প্ৰকোপ আৰু সংহাৰৰ মাত্ৰা বিশ্বজুৰি হ্ৰাস পাই আহিল । ক’ভিডৰ অস্তিত্ব এতিয়াও বিশ্বত শেষ হোৱা নাই  কিন্তু ক’ভিড এতিয়া আৰু সেই অতিমাৰী হৈ থকা নাই। শুকুৰবাৰে ‘হু’(WHO) অর্থাৎ বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিলে— ক’ভিড এতিয়া পূৰ্বৰ দৰে বিপজ্জনক নহয়। ক’ভিড এতিয়া অতিমাৰীও নহয়।‘হু’ৰ এই বহু প্রত্যাশিত ঘোষণাই সমগ্ৰ বিশ্বকে পৰম স্বস্তি প্ৰদান কৰিছে। ক’ভিডৰ সংহাৰ লাহে লাহে হ্ৰাস পাই অহাৰ ফলত বিশ্ব স্বাস্থ্য সংস্থাই এনে এক ঘোষণা কৰিব পাৰে বুলি ধাৰণা কৰি থকা হৈছিল। কিন্তু ইমান সোনকালেই যে এনেদৰে আকস্মিকভাৱে বিশ্ব স্বাস্থ্য সংস্থাই এই ঘোষণা কৰিব তেনে আশা কাৰো নাছিল ৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই এই ঘোষণা কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে এক নিৰাপদ পৰিৱেশৰ সৃষ্টি হৈছে। ‘হু’ৱে জনোৱা অনুসৰি ক’ভিড এতিয়াও শেষ হৈ যোৱা নাই। কিন্তু ক’ভিডৰ সেই সংহাৰী শক্তি আৰু নাই। সেয়ে ক’ভিডক বিশ্ববাসীয়ে এতিয়াৰ পৰা বিপজ্জনক বুলি ভয় কৰিবলগীয়া পৰিৱেশ নাই। ‘হুৰ দাবী, ঘাইকৈ দ্ৰুততাৰে প্ৰতিষেধক উদ্ভাৱন আৰু ততোধিক তৎপৰতাৰে বিশ্বৰ অধিকাংশ নাগৰিকক প্ৰতিষেধক প্ৰদান কৰাৰ ফলতে এই অতিমাৰী আশংকা কৰাতকৈ কম সময়ৰ ভিতৰত নিঃশেষ হৈছে। চীনৰ ইউহানত আৰম্ভ হোৱা এই ক’ভিড ভাইৰাছে পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বত অভাৱনীয় সংহাৰ চলাইছিল। চীনৰ পাছতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ইটালীত। তাৰ পাছতে স্পেইন, ব্ৰিটেইনকে ধৰি ইউৰোপৰ প্রায় সমগ্ৰ দেশ আৰু আমেৰিকা তথা আফ্ৰিকা আৰু এছিয়াৰ সকলো দেশক ক’ভিডে গ্রাস কৰিছিল। চিকিৎসালয়ত চিকিৎসা কৰাৰ বাবে স্থানৰ অভাৱ হৈছিল। আমেৰিকা, ইউৰোপৰ দৰে উন্নত দেশৰো স্বাস্থ্য ব্যৱস্থা ভাগি পৰিছিল। ভাৰততো আনকি অক্সিজেনৰ অভাৱত লাখ লাখ লোকৰ মৃত্যু হৈছিল। সমগ্ৰ বিশ্বৰ আৰ্থিক ব্যৱস্থা, ব্যৱসায়-বাণিজ্য সকলোৰে ৰাজহাড় ভাঙি পেলাইছিল ক'ভিডে। ক’ভিডৰ পূৰ্বৰ আৰু ক’ভিডৰ পাছৰ বিশ্বৰ সম্পূৰ্ণ পৰিস্থিতি এই মহামাৰীৰ ফলত সম্পূৰ্ণ পৃথক হৈ পৰিল। ভাৰতত ক’ভিডত এতিয়ালৈকে আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ৪৩,৪৫,২১৬৪ আৰু মৃতকৰ সংখ্যা হৈছে ৫,২৫,১১৬ জন । WHO ঘোষণাৰ পিছতেই স্বস্তিৰ নিশ্বাস এৰিছে বিশ্ববাসীয়ে। 

No comments