Breaking News

সংঘৰ্ষ-জৰ্জৰিত স্বৰাজ্য এৰি অসমত সোমাইছে বিপন্ন মণিপুৰী


হিংসাত্মক কাৰ্যকলাপত অগ্নিগর্ভ হৈ পৰা মণিপুৰত বিগত দুদিনৰ ভাতৃঘাতী সংঘর্ষত কমেও ১৩জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্রদায় আৰু কুকি-ঝমি নগাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ২০,০০০ৰো অধিক স্থানীয় বাসিন্দা গৃহহাৰা হৈছে আৰু তাৰে ১১ হাজাৰৰো অধিক ভাৰতীয় সেনা আৰু আছাম ৰাইফলছে সংঘৰ্ষপীড়িত অঞ্চলৰ পৰা উদ্ধাৰ কৰি নিজৰ আশ্ৰয়ত ৰাখিছে৷ এই ভয়ংকৰ হিংসাত্মক সংঘৰ্ষত গৃহহাৰা হৈ পৰা ১০০০ৰো অধিক মণিপুৰৰ বাসিন্দাই কাছাৰ জিলাৰে অসমত প্ৰৱেশ কৰিছে। অসমৰ একাধিক বিমানবন্দৰৰ পৰা ভাৰতীয় বায়ুসেনা বাহিনীৰ চি-১৭ গ্লোবমাষ্টাৰ আৰু এএ-৩২ এয়ারক্র্যাফট প্ৰেৰণ কৰি হিংসাকবলিত মণিপুৰৰ বিভিন্ন ল অঞ্চলৰ পৰা আৱদ্ধ হৈ থকা বহু লোকক উদ্ধাৰ কৰি আনি থকা হৈছে। লে হিংসা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱে, মণিপুৰলৈ অহা-যোৱা কৰা সকলো ৰে'লগাড়ী আৰু ৰাজ্যখনৰ ভিতৰত যাতায়াত কৰা সকলো ৰে'লৰ চলাচল বন্ধ কৰি দিছে। ৰাজ্যখনৰ হিংসা কৰ নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৩৫৫ অনুচ্ছেদ জাৰি কৰি সকলো বল অভিযান নিজৰ হাতলৈ নিছে আৰু বিগত দুদিন ধৰি ৰাজ্যখনৰ প্ৰায় প্ৰতিটো থানা এলেকা হয় ভাৰতীয় সেনাবাহিনী বা আছাম ৰাইফলছ  আৰু চিৰপিএফৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণলৈ লৈ গৈছে। কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে দিনতে মণিপুৰলৈ চিৰপিএফৰ ২০টা নতুন কোম্পানী আৰু বিয়লি আন দহটা কোম্পানী প্ৰেৰণ কৰিছে। কিন্তু ৰাজ্যখনৰ ঠায়ে ৰে ঠায়ে আজিও হিংসাত্মক ঘটনা অব্যাহত আছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ সভা বাতিল কৰি দিল্লীৰ পৰাই পৰিস্থিতি ক, পৰ্যবেক্ষণ কৰি আছে আৰু শুকুৰবাৰে তেওঁ টেলি কনফাৰেন্সিঙৰ  জৰিয়তে অসম, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ সৈতে ব্লক তিনিখনকৈ বৈঠকত মিলিত হৈছে।

      উত্তৰ-পূবৰ বিজেপিশাসিত ৰাজ্যত সংঘটিত এই গোষ্ঠীসংঘর্ষ  আক্ষৰিক অৰ্থতে ভয়ংকৰ হৈ পৰিছে। যোৱা তিনি মে'ত চূড়াচান্দপুৰ ঘণ জিলাত অল ট্রাইবেল স্টুডেন্টছ ইউনিয়ন মণিপুৰে (এটিইউএম) ৰণ উলিওৱা জনজাতি সম্প্রীতি শোভাযাত্ৰাৰ পৰাই স্থানীয় কুকি  জনজাতি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা ভয়ংকৰ সংঘৰ্ষত বিগত দুদিনত কমেও ১৩জন লোক নিহত হৈছে। নিহত সংখ্যাৰ বিষয়ে মণিপুৰ চৰকাৰে এতিয়াও কোনো তথ্য প্ৰকাশ কৰা ৰি নাই। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে শান্তিৰ আহ্বান জনাইছে কি আৰু নিহতৰ পৰিসংখ্যা তথা এই সংঘৰ্ষত হোৱা ক্ষতিৰ বিষয়ে প্রকাশ কৰাৰ পৰা বিৰত আছে। কিন্তু স্থানীয় সংবাদপত্র 'ছাংগাই এক্সপ্রেছে' বিশ্বস্ত চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি দাবী কৰা অনুসৰি সংঘৰ্ষৰ ফলত তিনি আৰু চাৰি এপ্ৰিলত এঘাৰ্জন নিহত হৈছে। সেনাবাহিনী, মি চিআরপিএফ, আছাম ৰাইফলছে স্থানীয় আৰক্ষীৰ সৈতে অহৰ্নিশে হা হিংসা নিয়ন্ত্ৰণৰ বাবে প্ৰয়াস চলাই থকাৰ সময়তো আজি শুকুৰবাৰেও ল ৰাজ্যখনৰ বিভিন্ন স্থানত দুজন লোক হিংসাত্মক ঘটনাৰ বলি হৈ নিহত হৈছে। চৰকাৰীভাৱে অৱশ্যে নিহতৰ সংখ্যা আৰু পশ্চিয় এতিয়াও প্ৰকাশ কৰা নাই।

 যোৱা ৩০ এপ্ৰিলত মণিপুৰ উচ্চ ন্যায়ালয়ে প্রদান কৰা এটা নিৰ্দেশৰ পাছতে মণিপুৰত এই হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয়। সেই নিৰ্দেশটোত মণিপুৰ উচ্চ ন্যায়ালয়ে স্থানীয় মেইটেই সম্প্রদায়ক জনজাতি মর্যাদা প্রদান কৰাৰ বাবে বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ দিছিল। মণিপুৰৰ ৫১ শতাংশ বাসিন্দাই মেইটেই সম্প্ৰদায়ৰ। সেই সম্প্রদায় সামাজিক-ৰাজনৈতিক শিক্ষাগত- আর্থিকভাবে আগবঢ়া। কিন্তু তেওঁলোকক এতিয়াও মণিপুৰৰ স্থায়ী বাসিন্দা হিচাপে স্বীকৃতি দিয়া নহয়। মেইটেই সম্প্রদায়ে তেওঁলোকক দীৰ্ঘদিন ধৰি জনজাতিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনাই আহিছিল। আনহাতে, সংখ্যাগৰিষ্ঠ আৰু সকলো দিশতে আগবঢ়া মেইটেই সম্প্ৰদায়ৰ এই দাবীৰ বিৰোধিতা কৰি আহিছিল ৰাজ্যখনৰ সৰু-বৰ সকলো জনজাতি আৰু বিশেষকৈ ঝুঁকি-আমি নগা জনজাতিয়ে। মণিপুৰ উচ্চ ন্যায়ালয়ৰ উক্ত পৰামৰ্শৰ পাছত এই বিৰোধৰ মাত্ৰা বৃদ্ধি পায় আৰু কুকি নগা জনগোষ্ঠীৰ সমৰ্থিত এটিইউএমে তিনি মে'ত জনজাতি সম্প্রীতি শোভাযাত্ৰা উলিওৱাৰ পৰাই সংঘৰ্ষৰ সূত্ৰপাত হয়। এই সংঘৰ্ষত উভয়পক্ষই ক্ষতিগ্রস্ত হৈছে আৰু ঘটনাই জনগোষ্ঠীয় সংঘৰ্ষৰ ৰূপ লৈছে। ঠায়ে ঠায়ে আৰক্ষীৰ পৰা লুট কৰি নিয়া অস্ত্ৰৰে কুকি লোকে আক্ৰমণ চলাইছে আৰু সকলো পক্ষৰে ঘৰ-সম্পত্তি জ্বলাই দিয়া হৈছে। এই পৰিস্থিতিত মণিপুৰ আজি একেৰাহে তিনিদিন ধৰি অগ্নিগর্ভা হৈ পৰিছে। 

No comments