Breaking News

ধৰমশালাত অসমীয়াৰ প্ৰতীক গামোচাৰে তিব্বতী নেতা দালাই লামাক সম্বৰ্ধনা জ্ঞাপন।

 


আগ্ৰাসী চীনৰ কৱলৰ পৰা তিব্বত ৰ স্বাধীনতা, কৈলাশ মানসসৰোবৰ উদ্ধাৰ, ভাৰতৰ প্ৰতিৰক্ষা আৰু দেশৰ পৰ্যাবৰন ৰক্ষাৰ বাবে আজিৰ পৰা পচিশ বছৰ আগতে অৰ্থাৎ ১৯৯৯ চনত তিব্বতী নেতা দালাই লামা, ড০ ইন্দ্ৰেশ কুমাৰ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সঙ্ঘৰ কেইবাগৰাকীও অগ্ৰনী নেতাৰ নেতৃত্বত গঠিত হোৱা ভাৰত-তিব্বত সহযোগ মঞ্চৰ প্ৰতিষ্ঠাৰ পঁচিশ বছৰত পদাৰ্পণ কৰাৰ উপলক্ষে হিমাচল প্ৰদেশৰ ধৰমশালাস্থিত তিব্বতৰ নিৰ্বাসিত চৰকাৰৰ দালাই লামা মন্দিৰ প্ৰাঙ্গণত ৫ মে'২০২৩ ইং তাৰিখে ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ড০ ইন্দ্ৰেশ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত ৰজত জয়ন্তী ৰ দিনযোৰা কাৰ্য্যসূচী সমগ্ৰ দেশ আৰু তিব্বতৰ স্বাধীনতা কামী কেইবাহাজাৰো প্ৰতিনিধিৰ উপস্থিতিত বন্তি প্ৰজ্বলনৰে তিব্বতী নেতা দালাই লামাই শুভাৰম্ভ কৰে। সভাৰ আৰম্ভণিতে অসমীয়া পৰম্পৰাৰ অন্যতম প্ৰতীক বিশ্ববন্দিত গামোছাৰ লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ হৈ এখন সন্মান পত্ৰৰে ভাৰত তিব্বত সহযোগ মঞ্চৰ অসম প্ৰান্তৰ অধ্যক্ষ কৈলাশ শৰ্মাই দালাই লামাক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য কথা এইয়ে যে, দেশ বিদেশৰ প্ৰতিনিধিৰ পৰা গ্ৰহন কৰা বিভিন্ন সম্বৰ্ধিত বটাঁ, বিষয়বস্তু গ্ৰহন কৰি উপস্থিত নিৰাপত্তা ৰক্ষী সকলৰ হাতত অৰ্পণ কৰে যদিওঁ অসমীয়াৰ স্বাভিমান গামোছাখন কাৰ্যসূচীৰ শেষলৈকে নিজৰ ডিঙিত লৈ থাকি আমাক সকলোকে গৌৰৱাম্বিত কৰি ৰখাত উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সভাৰ আৰম্ভণিতে  ৰাষ্ট্ৰীয় মহামন্ত্ৰী শ্ৰী পঙ্কজ গোৱেলে ৰজত জয়ন্তী উদযাপন আৰু ভাৰত তিব্বত সহযোগ মঞ্চৰ মূল উদ্দেশ্যৰ ওপৰত বক্তব্য ৰাখি সমগ্ৰ দেশবাসীক এই কাৰ্য্যত সহযোগ কৰিবলৈ আহ্বান জনায়। নিজৰ বহুমূলীয়া ভাষণ প্ৰসংগত তিব্বতী নেতা দালাই লামাই বিগত প্ৰায় ৭ টা দশক জুৰি চীনৰ অত্যাচাৰত জৰ্জৰিত স্বাধীনতা কামী তিব্বতী জনসাধাৰণে বছৰ বছৰ ধৰি ভুগি অহা দুৰৱস্থা আৰু দুৰ্দশাৰ ওপৰত আলোকপাত কৰি গাম্ভীৰ্যপূৰ্ণ ভাৱে বক্তব্য আগবঢ়াই কৈ যে, ভাৰতেই হৈছে এখন দেশ যিখন দেশৰ চৰকাৰে তিব্বতী জনসাধাৰণৰ দুখৰ সমভাগী হোৱা ৰ ওপৰিও হিমাচল প্ৰদেশৰ ধৰমশালাত তিব্বতিসকলক শৰণ দিয়াৰ লগতে এই ধৰমশালাতে তিব্বতৰ নিৰ্বাসিত চৰকাৰ গঠন কৰি চৰকাৰ পৰিচালনা কৰাৰ বাবে সকলো ধৰণৰ সুবিধা প্ৰদান কৰি দিছে। ইয়াৰ বাবে ভাৰত চৰকাৰৰ লগতে দেশবাসীক ভূয়সী প্ৰশংসা কৰে। ভাৰত তিব্বত সহযোগ মঞ্চৰ প্ৰতিষ্ঠা লগ্ন ৰ কথা উল্লেখ কৰি বৰ্তমানৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা অন্যতম প্ৰতিষ্ঠাপক ড০ ইন্দ্ৰেশ কুমাৰৰ লগতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সঙ্ঘৰ শলাগ লয় আৰু তিব্বতী সকলৰ স্বাধীনতাৰ শেষ সন্ধিক্ষণলৈ ভাৰত বাসীৰ সম্পুৰ্ণ সহযোগিতা কামনা কৰে। সভাপতিৰ ভাষনত ড০ ইন্দ্ৰেশ কুমাৰে ভাৰত তিব্বত সহযোগ মঞ্চৰ জৰিয়তে  তিব্বতী সকলৰ ওপৰত অভদ্ৰ আগ্ৰাসী চীনে তিব্বতী সকলৰ ওপৰত চলাই অহা অত্যাচাৰ উৎপীড়নৰ ওপৰত উদ্দাত্ত ভাষন প্ৰদান কৰি কয় যে, তিব্বতৰ স্বাধীনতা, সনাতনী ধৰ্মৰ আদি অনন্ত কৈলাশ মানসসৰোবৰ চীনৰ পৰা উদ্ধাৰ কৰা, দেশৰ প্ৰতিৰক্ষাৰ লগতে পৰ্যাবৰন ৰক্ষাৰ বাবে সকলোকে একত্ৰিত হৈ কাম কৰি যাবলৈ আহ্বান জনায়।

No comments