Breaking News

লখিমপুৰ সংৰক্ষিত ৰঙা বনাঞ্চলত পুনৰ অৰুণাচলীৰ আগ্ৰাসন


অসম- অৰুণাচলৰ সীমা সমস্যাই পুনৰ গুৰুতৰ ৰূপ ধাৰণ  কৰিছে। মাত্ৰ কিছুদিন পূৰ্বে দুয়োখন ৰাজ্যৰ মাজত সীমা সমস্যাৰ বুজাবুজিৰ চুক্তি সম্পাদন হোৱাৰ পিছতো বিশেষকৈ লখিমপুৰ জিলাত অৰুণাচলীৰ আগ্রাসন অব্যাহত থকা কাৰ্যই তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেইদিনমানৰ পূৰ্বে লখিমপুৰ জিলাৰ কাকৈ সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে আগ্রাসন চলোৱাৰ পিছত এইবাৰ যোৱা ৫ এপ্ৰিলত লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দুৰ্বৃত্তই অসমৰ বন বিভাগে স্থাপন কৰা এখন বৃহৎ পুলি বাগানৰ বেৰাৰ ক্ষতিসাধন কৰা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি অৰুণাচলী লোকে তেওঁলোকৰ প্ৰশাসনৰ সহযোগত সীমান্তৱৰ্তী ৰঙা সংৰক্ষিত বনাঞ্চল তথা ৰামপুৰ বন খণ্ডৰ অন্তৰ্গত মেথোন চাপৰিত অসমৰ বন বিভাগে ৫০ হেক্টৰ ভূমিত স্থাপন কৰিবলৈ লোৱা এখন বৃহৎ পুলি বাগান তথা কেম্পা প্রকল্পৰ বেৰাৰ ৪শ পকী খুঁটা ভাঙি পেলোৱা কাৰ্যই লখিমপুৰ প্রশাসন- বন বিভাগৰ ব্যৰ্থতাক উদঙাই তুলিছে। যাৰফলত এতিয়া এই আঁচনিখনৰ কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। পৰিতাপৰ কথা যে যুগ-যুগ ধৰি অসমৰ মানচিত্ৰত অন্তৰ্ভূক্ত হৈ অহা অসমৰ এই ভূ-খণ্ড এতিয়া অৰুণাচলে নিজৰ বুলি দাবী কৰি এনেদৰে আগ্ৰাসন চলোৱা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে। তাৎপর্যপূর্ণ কথা যে মাত্ৰ সৌ সিদিনা দুয়োখন ৰাজ্যৰ মাজত সীমা  চুক্তি সম্পাদন হোৱাৰ পিছৰে পৰাই অৰুণাচলী লোকে সীমান্তত অসমৰ ভূমিত ভয়াৱহ ৰূপত বে-দখল আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে অতি লজ্জাজনক ভাৱে লখিমপুৰ প্ৰশাসন তথা অসম চৰকাৰ মৌন হৈ আছে। অসমৰ বন বিভাগৰ কেৱল এমুঠিমান লোকে সীমান্তত অসমৰ বন ভূমি ৰক্ষাৰ বাবে বৃথা প্রচেষ্টা চলাই অহাৰ উপৰি সময়ে সময়ে অৰুণাচলীৰ দাবী ধমকি খাই অহাৰ লগতে অৰুণাচলী দুৰ্বৃত্তৰ গুলীৰ সন্মুখীন হৈ আহিছে।বন বিভাগৰ এক সূত্ৰই সদৰি কৰা অনুসৰি যোৱা ৪ এপ্ৰিলত ৰামপুৰ বন খণ্ডৰ খণ্ড বন বিষয়াৰ লগত কিমিন ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু অৰুণাচল প্ৰদেশৰ চি অ'ৰ লগত এক আলোচনা অনুষ্ঠিত হয়। উক্ত আলোচনাত অসমৰ কেম্পা প্ৰকল্পৰ কাম-কাজ বন্ধ ৰখাৰ বাবে দুয়োটা দলৰ মাজত আলোচনা হোৱাৰ পিছতে ৫ এপ্রিলত হঠাতে দুপৰীয়া ১২.৩০ মান বজাত অৰুণাচল প্ৰশাসনৰ সহযোগত একাংশ অৰুণাচলীয়ে এনেদৰে ৪০০ পকী খুঁটা ভাঙি চূড়মাৰ কৰে। সীমা চুক্তিৰ পিছতো অৰুণাচলে এনেদৰে অসমৰ ভূমি লৈ লুলোপ দৃষ্টি দিয়া কাৰ্যৰ বিৰুদ্ধে শীঘ্ৰে অসম চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বিভিন্ন দল-সংগঠনে।

No comments