Breaking News

যোৰহাটত হানীট্ৰেপিং চক্রৰ উৎখাত:মূল মাষ্টাৰমাইণ্ডসহ ২ সংগীক গ্রেপ্তাৰ


যোৰহাটত এগৰাকী যুৱতী আৰু তেওঁৰ সংগীৰ নিৰ্যাতনত অতিষ্ঠ হৈ এজন ৭২ বছৰীয়া লোকে আত্মহত্যা কৰা ঘটনাই ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৰহাট আৰক্ষীয়ে ইতিমধ্যে হানীট্রেপিং চক্ৰটোক উৎখাত কৰিছে যদিও তেওঁলোকৰ বিস্তাৰিত শাখা-প্রশাখা নিপাত কৰাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কোৱা বাহুল্য যে সহজ ধনৰ লালসাত যোৰহাটৰ কলেজীয়া ছাত্র-ছাত্রীয়ে নীলা ছবি নিৰ্মাণ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এই চক্ৰটোৰ কবলত পৰি নগৰখনৰ উপকণ্ঠৰ পুলিবৰ থানাৰ অন্তৰ্গত ঢেকেলিয়া গাঁৱৰ দেৱেন কলিতা (৭২) নামৰ এজন বৃদ্ধই আত্মহত্যা কৰাৰ পাছতে এই তথ্য পোহৰলৈ আহে। এই চক্ৰটোৰ সৈতে জড়িত এগৰাকী ছাত্ৰী আৰু দুজন ছাত্রক এই পর্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকে যোৰহাটৰ দুখন আগশাৰীৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি আছিল । ধৃত ছাত্ৰ দুজন হ'ল অভিষেক কাশ্যপ আৰু কিশল্য শৰ্মা। চক্ৰটোৰ মূল নায়ক অভিষেক কাশ্যপৰ লেপটপৰ পৰা ৭খন চুটি নীলা ছবি উদ্ধাৰ কৰাৰ লগতে এইসমূহ পর্ণ ছাইটত আপলোড কৰাৰ তথ্য আৰক্ষীয়ে উদ্ধাৰ কৰিছে। অভিষেক কাশ্যপ আৰু ছাত্ৰীগৰাকীক আৰক্ষীয়ে আজি আদালতত হাজিৰ কৰি তিনিদিনৰ বাবে নিজৰ জিম্মাত লৈ মাৰাথান‌ জেৰা অব্যাহত ৰাখিছে।

No comments