Breaking News

গোলাঘাটৰ টাই আহোম যুৱ পৰিষদ, অসম (টাইপা) ৰ প্ৰাক্তন সম্পাদক/সভাপতি গৌতম গোঁহাই পৰলোকঃ শোক প্ৰকাশ

 


গোলাঘাট জিলা জোনাকী নগৰ বাসিন্দা টাই আহোম যুৱ পৰিষদ, অসম গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সম্পাদক যুৱনেতা গৌতম গোহাঁই(২৭ জুলাই ১৯৭৩)ৰ  যোৱা নিশা প্ৰায় তিনি বজাত গোলাঘাট জি বি এম নাচিং হোমত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে তেওঁ দীৰ্ঘদিন ধৰি বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ'ব লগা হৈছিল। টাই আহোম যুৱ পৰিষদ গোলাঘাট জিলা সমিতিৰ  সভাপতি আৰু সম্পাদকৰ পদত দুটা কাৰ্যকালৰ কাৰ্যনিৰ্বাহ কৰিছিল। গোলাঘাট জিলাৰ এজন প্ৰতিষ্ঠাপক সমৰ কলাবিদ আৰু প্ৰশিক্ষকৰ লগতে বিভিন্ন সামাজিক কাম-কাজত জড়িত। তেখেতে গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু গোলাঘাট দেৱ ৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। গৌতম গোঁহাইয়ে মৃত্যৰ সময়ত মাতৃ,পত্নী,এগৰাকী কন্যা,এজন ভাতৃৰ লগতে অনেক আত্মীয় স্বজনক ইহ-সংসাৰত এৰি থৈ গৈছে। গৌতম গোহাঁইৰ মৃত্যুত টাই আহোম যু‌ৱ পৰিষদ, অসম গোলাঘাট জিলা সমিতিৰ সভাপতি শোভন কোঁৱৰৰ লগতে কেন্দ্ৰীয় সমিতিৰ  প্ৰাক্তন সম্পাদক মুনীন্দ্ৰ মোহন গগৈ, সাংগঠনিক সম্পাদক বিনয় গগৈ জিলা সমিতিৰ উপদেষ্টা মৃদুল গগৈ, অঞ্জন বুঢ়াগোহাঁই, মানব সন্দিকৈ, পুৰোষউত্তম ঢেকীয়ালফুকন উপ-সভাপতি অৰূপ গগৈ, সাংস্কৃতিক সম্পাদক শুভাশীষ গগৈৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াৰ সকল, তাই আহোম ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতি কৃষ্ণ বৰুৱা, যুতীয়া সম্পাদক গৌতম লাহন, আহোম সভাৰ  এলবিচ বৰুৱা, গোলাঘাট জিলাৰ দল সংগঠন বিষয়ববীয়া, তেখেতৰ শুভাকাংশী সীমান্ত কলিতা, ৰাজেশ গুপ্তাৰ লগতে বহু গুণগ্ৰহী ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

গৌতম গোঁহাইৰ মৃত্যুত জননী লাইভেও গভীৰ শোক প্ৰকাশ কৰিছোঁ

No comments