Breaking News

ডেৰ বছৰ প্ৰচেষ্টাৰ পাছত নতুন শিক্ষানীতিৰ পাঠ্যক্রম সাজু ৪ বছৰীয়া হ'ব স্নাতক পাঠ্যক্রম: স্নাতকোত্তৰ হ'ব এবছৰীয়া


ৰাজ্যত শনিবাৰৰ পৰা আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হ'ল নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি (এন ই পি) ২০২০। ডেৰ বছৰীয়া প্ৰস্তুতিৰ অন্তত শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা ভৱনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে এন ই পি অনুসৰি ২০২৩-২৪ শিক্ষা বৰ্ষৰ নামভর্তি প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে। সেই অনুসৰি এতিয়াৰে পৰা ডিগ্রী পাঠ্যক্রম তিনি বছৰৰৰ পৰিৱৰ্তে চাৰি বছৰীয়া হ'ব । আনহাতে এবছৰীয়া হ'ব স্নাতকোত্তৰ মহলা। ৰাজ্যৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ চৌহদতে উপলব্ধ হ'ব স্নাতক মহলা। ইয়াৰ বাবে বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত প্ৰয়োজনীয় সংশোধনী বিধেয়ক অনা হ'ব। চলিত বছৰৰ আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া শিক্ষাবৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ে নতুন শিক্ষানীতিৰ আধাৰত চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিব। ইয়াৰ বাবে ইতিমধ্যে সকলো প্রস্তুতি সম্পূৰ্ণ হৈছে। অনুষ্ঠানত অংশগ্রহণ কৰি ড° হিমন্ত বিশ্ব শৰ্মাই কয়—'ৰাষ্ট্ৰীয় শিক্ষানীতি উদ্বোধন কৰাৰ বাবে আজিৰ দিনটো আমাৰ বাবে এক ঐতিহাসিক মুহূর্ত। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অসমতো ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ ৰূপায়ণৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাই সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। ব্যক্তি বিকাশৰ যাত্ৰাত শিক্ষাৰ দুটা মুল লক্ষ্যৰ প্ৰতি ধাৱমান হব লাগে। এটা হল জ্ঞানৰ সাধনা আৰু আনটো চৰিত্ৰ গঠন। নৱ প্ৰজন্মৰ মাজত দেশপ্রেম, ন্যায়পণতা, শৃংখলা বোধৰ বাবে জ্ঞান লাভ কৰিব পাৰে লগতে নৱপ্ৰজন্মৰ মাজত গৱেষণা প্ৰতি সৃষ্টি কৰিব লাগিব। নৱপ্ৰজন্মৰ মাজত জিজ্ঞাসা, কৌতূহল আৰু বিশ্লেষণাত্মক দৃষ্টিভংগী প্রবল কৰি তুলিবলৈ গৱেষণাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিব লাগিব। আমাৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিসমূহৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ বহুমুখী দক্ষতা বিকাশৰ ক্ষেত্ৰত আমি সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগিব। তদুপৰি শৈক্ষিক ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত উপাচাৰ্যসকলক এক উপযুক্ত উমৈহতীয়া শৈক্ষিক পৰিকাঠামো গ্ৰহণ কৰাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। লগতে শিক্ষা ব্যৱস্থাক এক নতুন ৰূপত গঢ় দি পৰিৱৰ্তিত সময়ৰে খাপ খোৱাকৈ মানৱ সম্পদরূপে গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ সময় আহি পৰিছে।' লগতে ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে, এই নতুন শিক্ষা নীতিয়ে শিক্ষার্থীৰ বহুমুখী বিকাশ সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। এই নীতি অনুসৰি যিকোনো বিভাগৰ শিক্ষার্থীয়ে যিকোনো বিষয় অধ্যয়ন কৰিব পাৰিব। কলা, বিজ্ঞান, বাণিজ্য তিনিওটা বিভাগ সকলো মহাবিদ্যালয়ত থাকিব। যিসমূহ কলেজত এই তিনিওটা বিভাগ নাই সেই সমূহ কলেজত ইয়াৰ ব্যৱস্থা কৰিব। ইয়াৰোপৰি তেওঁ কয়, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লক্ষ্য হৈছে নতুন ভাৰত গঢ়া। মুখ্যমন্ত্ৰীয়ে ভাষণত কলেজসমূহে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি কয়, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি শিক্ষার্থী এজনে কলেজত ডিগ্ৰীৰ তৃতীয় বছৰত শিক্ষা আধাতে এৰি যাব পাৰিব। পুনৰ তিনি বছৰ পিচত উভতি আহি বাকী এবছৰৰ পাঠ্যক্রম সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব। ইফালে মহাবিদ্যালয়সমূহত গৱেষণামূলক বা আন বিষয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ দিনৰ ২ বজাৰ পাছৰ সময়খিনি ব্যৱহাৰ কৰিব লাগিব বুলি কয়। লগতে তেওঁ ২ মাহৰ মূৰে মূৰে ৰাজ্যৰ বিশ্ববিদ্যালয়কেইখনৰ উপাচাৰ্যসকল একত্ৰিত হৈ শৈক্ষিক ক্ষেত্ৰৰ উন্নয়ৰ বাবে বিভিন্ন আলোচনাত মিলিত হোৱাৰ পৰামৰ্শ আগবঢ়ায়। ইফালে অদ্যাপি নাকৰ মূল্যায়ন নকৰা ৰাজ্যৰ ৯০ খন মহাবিদ্যালয়ক এইবছৰৰ ভিতৰত মূল্যায়ন সম্পূৰ্ণ কৰিবলৈ শেষ সকীয়নি নি মুখ্যমন্ত্ৰীয়ে কয় যে এই চৰকাৰখনৰ মানসিক দৃঢ়তা ইমানেই প্ৰৱল যে আপোনালোকে কেতিয়াও নাভাবিব যে চৰকাৰৰ দায়বদ্ধৰ আৰোপ কৰিব নোৱাৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৰৈ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাত ভাষণ দি শিক্ষামন্ত্রী ডাঃ ৰগোজ পেগুৱে এই অনুষ্ঠানত কয়, নতুন শিক্ষা নীতিত মাল্টিপল এণ্টি আৰু এগজিট ব্যৱস্থা থাকিব। লগতে তেওঁ এতিয়াৰে পৰা স্কুল লিভিং দশম শ্ৰেণীৰ পৰিৱর্তে দ্বাদশ শ্ৰেণীতহে হ'ব বুলি উল্লেখ কৰিছে। ৰাজ্যৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্তই কয়, ২০২১ চনৰ পৰাই ৰাজ্যত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰয়োগৰ চেষ্টা চলাই থকা হৈছিল।

No comments