Breaking News

ভেট ৰেহাই প্ৰত্যাহাৰ:ৰাজ্যত পুনৰ বৃদ্ধি পালে পেট্ৰ'ল- ডিজেলৰ দাম

 


দেশবাসীৰ মূৰত আকৌ মাধমাৰ।পেট্রল- ডিজেলৰ পুনৰ মূল্যবৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীয়ে সহিব লাগিব শাক-পাচলিৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ বোজা। পেট্ৰ'ল- ডিজেলৰ পুনৰ মূল্যবৃদ্ধিৰ বাবে দেশবাসীয়ে সহিব লাগিব মূল্যবৃদ্ধিৰ বোজা। শেহতীয়াভাৱে পেট্ৰ'ল- ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পালে । প্ৰতিলিটাৰ পেট্ৰ'লত ৫৮ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৫২ পইচা বৃদ্ধি পাইছে। পেট্ৰ'ল-ডিজেলৰ ওপৰত ভেট ৰেহাই প্ৰত্যাহাৰ কৰাৰ ফলত বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ দাম ৷ শুকুৰবাৰৰ নিশা ১২ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ পেট্ৰ'ল-ডিজেলৰ ওপৰত তেল উৎপাদনকাৰী কোম্পানীসমূহৰ ভেট ৰেহাই প্ৰত্যাহাৰ কৰে ৰাজ্য চৰকাৰে। ইয়াৰ ফলত শনিবাৰৰ পুৱাৰ পৰা ৰাজ্যত বৃদ্ধি পাইছে পেট্রল-ডিজেলৰ মূল্য। বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ দিন ধৰি মাহেকত দহ-পোন্ধৰবাৰ পৰ্যন্ত মূল্য বৃদ্ধি হৈ আহিছে পেট্ৰ'ল- ডিজেল তথা ৰন্ধন গেছৰ। সাধাৰণ মানুহৰ বাবে এতিয়া পেট্ৰ'ল- ডিজেল, ৰন্ধন গেছ এক প্ৰকাৰ মহঙা হৈ পৰিছে।

No comments