Breaking News

ৰাষ্ট্ৰসংঘৰ সমীক্ষাত বিশ্বৰ ৬নং স্থানত গুৱাহাটী আইআইটি


অসমবাসীৰ বাবে সু-খবৰ।ৰাষ্ট্ৰসংঘৰ নিৰ্দেশ অনুসৰি সমগ্ৰ বিশ্বজুৰি চলোৱা এক সমীক্ষাত ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান, গুৱাহাটীয়ে টাইমছ হায়াৰ এডুকেশ্যন ইমপেক্ট ৰেংকিং— ২০২৩ত সমগ্ৰ বিশ্বৰ ভিতৰত এছডিজি  (সুলভ আৰু স্বচ্ছ শক্তি)ত ৬ নম্বৰ স্থান লাভ কৰিছে। পৃথিৱীখনক ৰূপান্তৰিত কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে ২০৩০ চনৰ মূল কাৰ্যসূচী সমূহৰ ভিতৰত আছিল (২০১৫ চনত ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা) মানুহ, গ্ৰহ আৰু সমৃদ্ধিৰ বাবে এক কাৰ্য পৰিকল্পনা। ইয়াৰ ১৭টা সংহত বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি) আৰু ১৬৯টা লক্ষ্য আছে। তাৰ ভিতৰত আছে দৰিদ্ৰতা, বৈষম্য, জলবায়ু পৰিৱৰ্তন, পৰিৱেশৰ অৱক্ষয়, শান্তি আৰু ন্যায়। এই এছডিজিসমূহৰ ভিতৰত আইআইটি গুৱাহাটী SDG 7 (Affordable and Clean Energy) ৰ বাবে বিশ্বৰ শীৰ্ষ ১০খন বিশ্ববিদ্যালয়ৰ ভিতৰত ৬নং স্থানত আৰু SDG 9 (Industry, Innovation, and Infrastructure) ৰ বাবে শীৰ্ষ ২০০খন বিশ্ববিদ্যালয়ৰ ভিতৰত ৬নং স্থানত আছে। প্রতিষ্ঠানটোৰ সামগ্রিক ৰেংকো ২০২৩ চনত ৪০১-৬০০লৈ উন্নত হৈছে। বহনক্ষমতাৰ প্ৰতি দৃঢ় দায়ৱদ্ধতাৰে প্ৰতিষ্ঠানটোৱে এছডিজি ৬ (বিশুদ্ধ পানী আৰু অনাময়), এছডিজি ৮ (মান্য কাম আৰু অৰ্থনৈতিক বৃদ্ধি), আৰু এছডিজি ১৪ (পানীৰ তলত জীৱন)। প্রতিষ্ঠানটোৰ কৰ্মক্ষমতাৰ বাবে অভিনন্দন জনাই আই আই টি, গুৱাহাটীৰ অফিচিয়েটিং ডাইৰেক্টৰ অধ্যাপক পৰমেশ্বৰ কে আয়াৰে কয় যে, বহনক্ষম উন্নয়নৰ বাবে ২০৩০ চনৰ এজেণ্ডা অৰ্জন কৰিবলৈ গুৱাহাটী আই আই টি সক্ষম হোৱাত তেওঁ গৌৰৱ বোধ কৰে। এই ফলাফলসমূহে সামাজিক, অৰ্থনৈতিক আৰু পৰিৱেশগত বহনক্ষমতাৰ বাবে এই সাৰ্বজনীন আহ্বান পূৰণৰ বাবে আই আই টি, গুৱাহাটীৰ দৃঢ়তাক প্ৰতিফলিত কৰিছে বুলিও তেওঁ কয়। এছডিজিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি অধ্যাপক আয়াৰে কয়, ‘আমি প্রথম আইআইটি যিয়ে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ওপৰত আন্তঃশাখা স্নাতক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিছোঁ । যুৱ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহনক্ষমতাৰ এই ধাৰণাটো ৰোপণ কৰিলে তেওঁলোকৰ ভৱিষ্যতৰ কেৰিয়াৰত সৰ্বোচ্চ প্ৰভাৱ পৰিব ।'২০৩০ চনৰ ভিতৰত এছডিজিৰ লক্ষ্যত উপনীত হোৱাৰ লগে লগে ছাত্র-ছাত্রীসকলক অন্তৰ্ভুক্ত আৰু বহনক্ষম বৃদ্ধিৰ লক্ষ্যৰ বিষয়ে শিকোৱাটো অতি প্রয়োজনীয় হ'ব বুলিও আয়াৰে কয়। উল্লেখযোগ্য যে ২০২৩ চনৰ ইমপেক্ট ৰেংকিংছ পঞ্চম সংস্কৰণ বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত কৰা হৈছে। 

No comments