Breaking News

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নিম এণ্ড নেচাৰ ফাউণ্ডেচন গোলাঘাটৰ দ্বাৰা গোলাঘাটৰ ৰঙাজান ডিমাপুৰ পথত নিম পুলি ৰোপন কাৰ্যসূচী


বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নিম এণ্ড নেচাৰ ফাউণ্ডেচন গোলাঘাটৰ দ্বাৰা গোলাঘাটৰ ৰঙাজান ডিমাপুৰ পথত নিম পুলি ৰোপন কাৰ্যসূচী পালন কৰা হয়। পথটোৰ দুয়ো কাষে নিম এণ্ড নেচাৰ ফাউণ্ডেচন গোলাঘাটে কেইবাটাও নিম পুলি ৰোপন কৰে। অনুষ্ঠান আৰম্ভণিতে এক সভাৰ দ্বাৰা বিশ্ব পৰিৱেশ দিৱসৰ সন্দৰ্ভত  কেইবাজনো বিশিষ্ট ব্যক্তিয়ে মতামত আগবঢ়ায়। বিশিষ্ট ব্যক্তি ৰূপে উপস্থিত থাকে লোকনিৰ্মান ৰাষ্ট্ৰীয় ঘাইপথ গোলাঘাট জিলাৰ উপ সংমণ্ডলৰ সহ কাৰ্যবাহী অভিযন্তা বিমান বৰঠাকুৰ, লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ অমিয় কুমাৰ বৰা, ৰঙাজান জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন গগৈ,যুৱ সমাজকৰ্মী প্ৰণৱ বৰা ৰ লগতে ৰঙাজান জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, স্হানীয় ৰাইজ। নিম এণ্ড নেচাৰ ফাউণ্ডেচন গোলাঘাটৰ সভাপতি সঞ্জু কৌশিক, সম্পাদক মণজিৎ ৰাজবংশী, উপ সভাপতি জোনালী বৰুৱা,সহ সম্পাদিকা সংগীতা বৰদলৈ বৰুৱা ,দীজেন শৰ্মা,জীতা শৰ্মা, মামণি শৰ্মা,ৰঞ্জু দেৱী, জিতু বৰুৱা উপস্থিত থাকে।উল্লেখযোগ্য যে নিম এণ্ড নেচাৰ ফাউণ্ডেচন গোলাঘাটৰ দ্বাৰা গোলাঘাটৰ বিভিন্ন স্থানত নিম পুলি ৰোপন কাৰ্যসূচী পালন কৰি আহিছে।৪ জুন তাৰিখেও নিম এণ্ড নেচাৰ ফাউণ্ডেচন গোলাঘাট আৰু সেৱা মেডিকেল ৰ যৌথ সহযোগত নগৰৰ বেজবৰুৱা চাৰি আলিত গছ পুলি বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে।

No comments