Breaking News

অৱশেষত ফাটবিহুৰ বিষয়ববীয়াই খুজিলে ক্ষমা


অসমীয়া লোক-সংস্কৃতিৰ ভঁৰাল মেটমৰা কৰা এক ঐতিহ্যমণ্ডিত লোক-উৎসৱ হ'ল ঢকুৱাখানাৰ ফাটবিহু। এইবাৰ উদযাপন কৰা ফাটবিহুত কেইবা দশকজোৰা সুনাম, আতিথ্য আৰু পৰম্পৰাক ধূলিস্যাত কৰা কেইবাটাও ঘটনাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত তীব্র বিতর্ক আৰু ন্যায় বিচাৰি প্ৰতিবাদৰ পৰিৱেশ সৃষ্টি হৈছিল। ১৩ মে'ৰ ফাটবিহুৰ দিনা ঘিলামৰাৰ বৰদৈচিলা বিহুদলৰ ওপৰত ফাটবিহু সমিতি আৰু উদ্‌যাপন সমিতিৰ একাংশ বিষয়ববীয়াই চলোৱা আক্ৰমণৰ ঘটনাৰ স্থায়ী মীমাংসা কৰিবলৈ শনিবাৰে বিয়লি ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগনত ২২টা সংগঠনৰ প্ৰতিনিধিত্বমূলক এখন সভা অনুষ্ঠিত হয়। ফাটবিহুক সর্বতিকাললৈ  কলংকিত কৰা এই ঘটনাৰ সন্দৰ্ভত ফাটবিহু সমিতি আৰু উদযাপন সমিতিৰ প্রাণ ঘিলামৰা উন্নয়ন সমিতিলৈ প্ৰেৰিত ক্ষমা বিচৰা প্ৰস্তাৱৰ আধাৰত সভাখন অনুষ্ঠিত হয়। ঘিলামৰা উন্নয়ন সমিতিৰ সভাপতি অকণ গোহাঁইৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উন্নয়ন সমিতিৰ সম্পাদক গুণ হাজৰিকাই। সভাখনত ফাটবিহু সমিতিৰ হৈ প্ৰথমে উপদেষ্টা পূর্ণানন্দ গগৈয়ে বক্তব্য ৰাখি উক্ত ঘটনা দুৰ্ভাগ্যজনক আৰু অনাকাংক্ষিত  বুলি মন্তব্য কৰে। এই ঘটনাই ফাটবিহুৰ গৰিমা আৰু ভাৱমূৰ্ত্তি লাঘৱ কৰা ত্নী বুলিও তেওঁ কয়। বৰদৈচিলা বিহুদলক কৰা নিৰ্মম প্রহাক লৈ ঘিলামৰাৰ পৰা প্ৰতিতো সামাজিক আত্মসচেতন সংগঠনে আত্মমর্যাদা সুৰক্ষিত কৰিবলৈ লোৱা পদক্ষেপক আদৰণি জনাই জ্যেষ্ঠ নাগৰিক গগৈয়ে অকপটে উক্ত ভুলৰ স্বীকাৰ কৰি ঘিলামৰা উন্নয়ন সমিতিলৈ তামোল-পাণৰ লগতে ৫১ তে টকাৰ এখন শৰাই আগবঢ়াই ভুল স্বীকাৰ কৰি ৰাজহুৱা সভাত ক্ষমা বিচাৰে। সভাত ফাটবিহু সমিতিৰ সভাপতি বসন্ত শ‍ইকীয়াই উক্ত ঘটনাৰ পৰৱৰ্তী সময়ত দুবাৰকৈ সভা অনুষ্ঠিত কৰি পৰ্যালোচনা কৰা বুলি কয়। লোক উৎসৱতোক অধিক মহীয়ান কৰাত ঘিলামৰাবাসীৰ সহায়-সহযোগিতা কামনা কৰি উক্ত দিনৰ বাবে সকলোৰে ওচৰত দোষ স্বীকাৰ কৰি পুনৰবাৰ ক্ষমা বিচাৰে। তদুপৰি বিহু সমিতিৰ মুষ্টিমেয় কেইজনমান ব্যক্তিৰ উন্নাসিক কৰি আচৰণ আৰু উত্তেজনাৰ বাবে বিহু দলটিক কৰা বৰ্বৰ আক্ৰমণে সমগ্র ফাটবিহু সমিতিখন জনদৃষ্টিত লঘু কৰিছে বুলি কৈ ফাটবিহুক কুক্ষীগত কৰি এটা ঠেক গণ্ডীৰ ভিতৰত নাৰাখি মহকুমাৰ পৰিসীমালৈ সম্প্ৰসাৰিত কৰাৰ সুযোগ দিয়া হৈছে বুলি মন্তব্য কৰি সংস্কৃতিৰ চৰ্চাথলী বিহু বাকৰিত হোৱা এনে বৰ্বৰ ঘটনাৰ কাৰণ বিশ্লেষণ কৰাৰ আহ্বান জনায় সমিতিক। শ‍ইকীয়াই উক্ত দিনা নিচাজাতীয় সামগ্ৰীৰ সেৱন আৰু একাংশ বিষয়ববীয়াৰ অহংকাৰৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা বুলি কৈ ফাটবিহুক লৈ গর্বিত হোৱাৰ এক সুস্থ পৰিৱেশ গঢ়াৰ আহ্বান জনায়। সভাত ফাটবিহুৰ একাংশ উন্মত্ত বিষয়ববীয়াৰ উদণ্ড আচৰণৰ বাবে সমগ্ৰ বিহু সমিতিখনৰ লগতে অসমৰ সংস্কৃতিবান ৰাইজো লজ্জিত হৈছে বুলি মত প্ৰকাশ কৰে। সভাত জ্যেষ্ঠ নাগৰিক ডিম্বেশ্বৰ চেতিয়াই ঢকুৱাখনাবাসীৰ একক লোকসম্পদ লী আৰু জাতীয় সত্তা স্বৰূপ গৌৰৱৰ অনুষ্ঠান ফাটবিহু মঞ্চত সংঘটিত নির্লজ্জ নাই কাণ্ডৰ বাবে ধিক্কাৰ গৰিহণা দি অসমীয়া বিহুৰ ঐতিহ্যত এটা উল্লেখযোগ্য শিক্ষা হওক আজিৰ ক্ষমা খোজা ঘটনাই বুলি মন্তব্য কৰে। সভাত উন্নয়ন লৰ সমিতিৰ সহকাৰী সম্পাদক যোগানন্দ গগৈয়ে বৰদৈচিলা বিহু দল ঘিলামৰাৰ হোৱাৰ বাবেই এই নির্লজ্জ ঘটনা সন্দৰ্ভত ৰাইজ-সংগঠনে প্রতিবাদী ড়ত কাৰ্যসূচী লোৱা হোৱা নাছিল ঘিলামৰাবাসীয়ে বুলি কৈ ঐক্য, সম্প্রীতি- নত সংস্কৃতি বিনষ্ট কৰি ফাটবিহুৰ মৰ্যাদা ম্লান কৰাৰ বাবেহে ৰাইজ- সংগঠন মাৰবান্ধি থিয় দিয়া বুলি কয়।

No comments