Breaking News

ৰাজ্যত অব্যাহত আছে বিল, খাল জলাশয়ত অবাধে মৎস্য নিধন যজ্ঞ: বিক্ৰী হৈ আছে কণী থকা মাছ


 ৰাজ্যৰ মীন বিভাগে থলুৱা মাছ সংৰক্ষণ আৰু উৎপাদন বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নীতি- নিৰ্দেশনা জাৰি কৰিছে যদিও বৰপেটা জিলাত এই নীতি- নির্দেশনাসমূহ প্ৰহসনত পৰিণত হৈছে।ব্যৱসায়িক মুনাফা আদায়ৰ স্বাৰ্থতে এচাম লোকে মীন আইনক অংগুষ্ঠ প্ৰদৰ্শনৰ লগতে সকলো নীতি-নিয়ম বিসর্জন দি অবাধ গতিত চলাই গৈছে মৎস্য নিধনযজ্ঞ।জিলাখনৰ বিভিন্ন প্ৰান্তত এচামলোকে মৎস্য নিধনযজ্ঞ চলাই অহাৰ পাছতো সম্পূর্ণ নির্লিপ্ততাৰ ভূমিকা গ্ৰহণ কৰিছে বৰপেটা জিলা মীন বিভাগ। উল্লেখ্য, ১ মে'ৰ পৰা ১৫ জুলাইলৈকে এই সময়চোৱা মাছৰ প্ৰজননৰ সময়। থলুৱা মাছৰ সংৰক্ষণ আৰু উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে মীন বিভাগে ১ মে'ৰ পৰা ১৫ জুলাইলৈকে কণী থকা অথবা গাভিনী থলুৱা মাছ মৰাতো নিষিদ্ধ কৰিছে। আনহাতে, এই সময়চোৱাত মাছমৰা সকলো ধৰণৰ জাল অথবা সঁজুলি ব্যৱহাৰ কৰা নিষেধ। ভাৰতীয় মীন আইনৰ অধীনত ২ বৰ্গ ছেঃ মিঃ অথবা ইয়াতকৈ কমজোখৰ পাহৰ জাল গোটেই বছৰজুৰি ৰাজ্যখনত নিষিদ্ধ কৰা আছে। কিন্তু এই সকলোবোৰ নীতি-নিয়ম জিলাখনত কাগজে- কলমেহে লিপিৱদ্ধ হৈ আছে। বৰপেটা জিলাৰ বাঘবৰ, মন্দিয়া, জনিয়া, বহৰি, আদি অঞ্চলসমূহত একাংশ লোকে সকলোধৰণৰ সঁজুলি ব্যৱহাৰ কৰি প্ৰতিদিনে ধৰি আহিছে কণীযুক্ত থলুৱা মাছ। জিলাখনৰ বৰপেটা বৰবজাৰ, মন্দিয়া, হাউলী, বৰপেটাৰোড, ভেল্লা, নগাঁও, বহৰি আদি বজাৰসমূহত এই মাছসমূহ মুকলিকৈ বিক্ৰী হৈ আহিছে যদিও বৰপেটা জিলা মীন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । বিভাগটোৰ এনে নিৰ্বিকাৰ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে এচাম প্ৰকৃতি প্রেমী। জিলাখনৰ বিভিন্ন প্ৰান্তত ঘোষিত মীন মহলত দিনে নিশাই একাংশ লোকে সৰু সৰু পাহৰ জাল আদিকে কৰি বিভিন্ন সঁজুলি ব্যৱহাৰ কৰি সকলোধৰণৰ মাছ ধৰি থকাৰ পাছতো এইসকল লোকৰ বিৰুদ্ধে মীন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। লক্ষণীয়ভাৱে, প্রতিদিনে জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা কণীযুক্ত থলুৱা মাছ জিলাৰ সদৰ চহৰলৈ মুকলিকৈ আমদানি হৈ আহিছে। অথচ চহৰখনতে অৱস্থিত মীন বিভাগৰ কাৰ্যালয় এইক্ষেত্ৰত নিমাত । মীন বিভাগৰ একাংশ বিষয়াক ‘মেনেজ’ কৰিয়েই এচাম লোকে এইদৰে নীতি-নিয়মক উপেক্ষা কৰি চলাই গৈছে মৎস্য নিধনযজ্ঞ। উল্লেখ্য যে, ভাৰতীয় মীন আইন ১৮৯৭ক ৭(১) ধাৰা অনুসৰি দণ্ডাধীশ, আৰক্ষী বিষয়া তথা মীন বিভাগৰ সম্প্ৰসাৰণ বিষয়াই বিভাগৰ নীতি- নিয়ম ভংগ কৰা সকলক গ্ৰেপ্তাৰ কৰাৰ লগতে বিধি অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিন্তু এই পর্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

No comments