Breaking News

" বনগাঁও চ'লা উচ্চ মাধ্যমিক বিদ্যালয়ত হীৰক জয়ন্তী বৰ্ষত পৰিবেশ দিৱস উদযাপন"



কালি ৫ জুন তাৰিখে গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত বনগাঁও চ'লা উচ্চ মাধ্যমিক বিদ্যালয়ে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড , গোলাঘাট জিলাৰ সহযোগত বিদ্যালয় খনিৰ হীৰক জয়ন্তী বৰ্ষৰ লগত ৰজিতা খুৱাই সফলতাৰে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰে । পুৱাৰ ভাগত স্বচ্ছতা অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গোলাঘাট জিলাৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ মুৰব্বী মণি নাথে। ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰধান শিক্ষক  দিলীপ ফুকন, সহকাৰী প্ৰধান শিক্ষক অমূল্য তামুলী, শিক্ষয়িত্ৰী মণিকা দত্ত, গিৰিমল্লিকা শইকীয়া, পৰিবেশ কৰ্মী আব্দুল ৱাজীৱ আহমেদ, ,ৰাতুল শইকীয়া,মানৱজ্যোতি শইকীয়া, তুলিকা মজুমদাৰ আৰু কেইবাগৰাকীও বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে একোটাকৈ গছ পুলি ৰোপন কৰে।পুৱা ১০.৩০ বজাত আৰম্ভ হোৱা সজাগতা সভাত  কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ্যা জ্যোতি কুমাৰী শৰ্মা, ৰিলায়েন্স  ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ  প্ৰবক্তা ড০ সুব্ৰত নাথ আৰু পৰিবেশ কৰ্মী গিৰিমল্লিকা শইকীয়াই সমল ব্যক্তি হিচাবে বক্তব্য আগবঢ়ায়। অনুষ্ঠানটিৰ আঁত ধৰে সঞ্জীৱনী স্বেচ্ছাসেৱী সংগঠনৰ মুখ্য সম্পাদক আব্দুল ৱাজীৱ আহমেদে। ইয়াৰ পিছতে পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত ৩ জুন তাৰিখে  আয়োজন কৰা ৰচনা , চিত্ৰাংকন আদি প্ৰতিযোগিতাৰ স্থান প্ৰাপ্ত সকলক বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত কাষৰীয়া কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।কেইবাগৰাকীও বিশিষ্ট ব্যক্তি , প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ বিষয়াসকল , বিদ্যালয়ৰ  শিক্ষক- শিক্ষয়িত্ৰী তথা কেইবাখনো বিদ্যালয়ৰ  ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত এনেদৰে প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধৰ বাবে  সচেতনতা অনাৰ প্ৰচেষ্টা কৰাত প্ৰধান শিক্ষক দিলীপ ফুকনে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

No comments