Breaking News

ফৰকাটিং মহাবিদ্যালয়লৈ স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি



অসমৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান   ফৰকাটিং মহাবিদ্যালয়লৈ বিশ্ববিদ্যালয় অনুদান আয়োগে স্বায়ত্ব শাসিত মহাবিদ্যালয় হিচাবে স্বীকৃতি প্ৰদান কৰাত মহাবিদ্যালয়খনৰ শিক্ষক ,শিক্ষয়িত্ৰী,ছাত্ৰছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈছে । এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ অপূৰ্ব শইকীয়াই জনাইছে যে মহাবিদ্যালয়খনক স্বায়ত্ব শাসিত পৰ্যায়লৈ উন্নীত কৰাতো এটা প্ৰধান লক্ষ্য আছিল। কাৰণ বিশ্ববিদ্যালয়ৰ অধীনত থকা অৱস্থাত মহাবিদ্যালয় এখনৰ নতুন পাঠ্যক্রম প্ৰবৰ্তন কৰাৰ স্বাধীনতা নাথাকে । এনে কাৰণতে বহুবোৰ সুবিধা থকা সত্বেও মহাবিদ্যালয়খনে বিজ্ঞান শাখা আৰু কেইটামান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰবৰ্তন কৰিব  পৰা নাছিল। স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰা  পিছত নতুন পাঠ্যক্ৰম প্ৰবৰ্তনত বিশেষ অসুবিধা নাথাকিব। লগতে মহাবিদ্যালয়খনে নিজাববীয়াকৈ বৃত্তিমুখী পাঠ্যক্ৰম আৰু পি এইচ ডি পৰ্যন্ত পাঠ্যক্রম প্ৰবৰ্তন কৰিব পাৰিব। উল্লেখযোগ্য যে বৰ্তমানে অসমত কেৱল পাঁচখন স্বায়ত্ব শাসিত মহাবিদ্যালয় আছে । এই ব্যৱস্হাত থকা মহাবিদ্যালয় কেইখন হৈছে জগন্নাথ বৰুৱা মহাবিদ্যালয়,নগাওঁ মহাবিদ্যালয়,শিবসাগৰ মহাবিদ্যালয়,লক্ষীমপুৰ মহাবিদ্যালয় আৰু আৰ্যবিদ্যাপীঠ মহাবিদ্যালয় । এই মহাবিদ্যালয়ৰ  সমুহৰ ভিতৰত ফৰকাটিং মহাবিদ্যালয়ে আটাইতকৈ কনিষ্ঠ তম স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ  স্বীকৃতি লাভ কৰিলে । ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী,শিক্ষামন্ত্ৰী আৰু স্থানীয় বিধায়ক তথা বিত্তমন্ত্ৰীক বিষয়টো অবগত কৰোৱা হৈছে আৰু মহাবিদ্যালয়খনক স্বায়ত্ব শাসিত মহাবিদ্যালয় হিচাবে আগবঢ়াই নিয়াত সহায় সহযোগ কামনা কৰা হৈছে ।

No comments