Breaking News

দৰঙত মুখ্যমন্ত্ৰীৰ উপস্থিতিত 'বিকাশৰ‌এদিন': ফ'ৰলেনৰ আধাৰশিলা



"দৰং হৈছে লোক কলা, কৃষ্টি সংস্কৃতিৰে চহকী এখন পুৰণি জিলা। দৰঙী কোচ ৰজা ধৰ্মনাৰায়ণে প্ৰতিষ্ঠা কৰা এই জিলাখন এতিয়া সংকুচিত হৈছে । এই জিলাৰ উন্নয়নত আমাৰ চৰকাৰে সদায় দায়বদ্ধ হৈ কাম কৰি গৈছে। স্কিল ইউনিভাৰচিটিৰ আধাৰশিলা স্থাপন কৰাৰ পিছতেই ইয়াৰ কাম দিনে নিশাই দ্রুতগতিত চলি আছে।দৰঙত মেডিকেল কলেজ এখনো স্থাপন কৰা হ'ব। কিন্তু ইয়াৰ বাবে চাৰিজন বিধায়ক ক্রমে বসন্ত দাস, দুর্গাদাস বড়ো, মজিবৰ বিৰহমান, ড° পৰমানন্দ ৰাজবংশীয়ে সাংসদ দিলীপ শ‍ইকীয়াৰ লগত আলোচনা কৰি এটা ঠাই বাছনি কৰি দিলেই মেডিকেল কলেজৰ কাম আৰম্ভ কৰিম।" এই ভাষ্য মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ।কালি মঙলদৈ মহাবিদ্যালয়ৰ খেলপথাৰত দৰং জিলাৰ বিকাশৰ এদিন শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি দৰং জিলাত ১০৯১.০২ কোটি টকাৰ প্ৰকল্পৰ কাম উদ্বোধন আৰু শুভাৰম্ভ কৰি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰী, সাংসদ দিলীপ শ‍ইকীয়াক ভূয়সী প্ৰশংসা কৰে। তেওঁ কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীক বাইহাটা চাৰিআলি-তেজপুৰ সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰলেন কৰা, নাৰেংগী-কুৰুৱা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি দিবলৈ আহ্বান জনায়। ১০ কোটি টকাৰে নৱনিৰ্মিত ছিপাঝাৰ ক্ৰীড়া প্ৰকল্প, ৭.৮৮ কোটি টকাৰে নিৰ্মিত মেনাপাৰা- ভকতপাৰা লোক নিৰ্মাণ পথৰ বিকাশ উন্নীতকৰণ, ৫.২০ কোটি ও টকাৰে মঙলদৈ ক্রীড়াংগণত স্থাপিত ফ্লাড লাইট আৰু পেভিলিয়ন, ২ কোটি টকাৰে নৱনিৰ্মিত ধলপুৰ শিৱধাম মন্দিৰ তথা সংলগ্ন নিৰ্মাণ কাৰ্য, ৫০ লাখ টকাৰে মঙলদৈ ধূলা আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনির্মিত ভৱন উদ্বোধন আৰু অসম মালা আঁচনি প্ৰকল্পৰ অধীনত ২৮২.৮৫ কোটি টকাৰে ছিপাঝাৰ-টংলা পথৰ বিকাশ আৰু উন্নীতকৰণ, ২০৪.৬১ কোটি টকাৰে দলগাঁও-ধূপগুৰি পথৰ বিকাশ আৰু উন্নীতকৰণ, ৫.৪১ কোটি টকাৰে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ ৰি নিৰ্মাণ আঁচনিৰ প্ৰকল্প (পথৰ সংখ্যা এটা), ২৫.৩৩ কোটি টকাৰে নৰ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ প্ৰকল্প (পথৰ সংখ্যা ১৫টা), ৫.২৭ কোটি টকাৰে মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ প্ৰকল্প (পথৰ সংখ্যা ত ৬টা), ৬.৩০ কোটি টকাৰে মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আঁচনিৰ প্রকল্প (মথাউৰিৰ সংখ্যা ২টা) শুভাৰম্ভ কৰি তেওঁ কয়, কথা দিয়া মতেই ৫৭ হাজাৰক যোগ্যতাৰ ভিত্তিত চাকৰি দিলো আৰু অচিৰেই অ ২২ হাজাৰক চাকৰি দিম৷ সকলো নিবনুৱা যুৱক-যুৱতীক চৰকাৰী প্ৰ চাকৰি দিয়াটো সম্ভৱপৰ নহয় বুলি উল্লেখ কৰি ৰাজ্য খনৰ ২ লাখ যুৱক-যুৱতীক ব্যবসায় বাণিজ্যত আত্মনিয়োগ কৰিব পৰাকৈ দুই লাখ টকাকৈ বেংকৰ ঋণ দিব বুলি ঘোষণা কৰে। এই ঋণ লাভৰ বাবে  স্ত্রী বেংকত কোনো বন্ধক দিব নালাগে বুলি কয় মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব হৈ শৰ্মাই। তদুপৰি ৰাজ্যখনত ৩ লাখ আত্ম সহায়ক গোটত জড়িত হৈ থকা ৩০ লাখ মহিলাক গাহৰি পালন, হাঁহ কুকুৰা পালন, মৎস পালন আদিৰ বাবে প্ৰতিজনী মহিলাক ১০ হাজাৰকৈ টকা এককালীন সাহায্য আগবঢ়াব বুলি তেওঁ ঘোষণা কৰে। পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত হোৱা এই সভাত মুখ্যমন্ত্রীয়ে তাৎপর্যপূর্ণ ভাৱে সাংসদ দিলীপ ক শ‍ইকীয়া, কংগ্ৰেছ বিধায়ক বসন্ত দাস, এ আই ইউ ডি এফৰ বিধায়ক মজিবৰ ৰহমান, বিপিএফৰ বিধায়ক দুর্গাদাস বড়ো, বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশী আৰু প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসক মৰম চেনেহ দি থাকিবলৈ উদ্দাত্ত কণ্ঠে আহ্বান জনায়। ইয়াৰ আগতে কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে বিকাশৰ দিনত কাৰ্যসূচীৰ  অংশৰূপে ভার্চুৱেলী ৫৩৫ কোটি টকাৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মঙলদৈৰ বাইপাছ অংশ (১৫ কিলোমিটাৰ)ৰ ৪ লেনযুক্ত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি বাইহাটা-তেজপুৰ সংযোগী ৰাষ্ট্ৰীয়  ঘাইপথটো ফ'ৰলেনযুক্ত কৰাৰ বাবে বৰ্তমান ডিপিআৰৰ কাম আৰম্ভ - হোৱাৰ লগতে নাৰেংগী - কুৰুৱা সংযোগী প্ৰস্তাৱিত দলঙৰ কামো হ’ব বুলি কয়। তেওঁ লগতে লোৰ অস্বাভাবিক মূল্যবৃদ্ধি হোৱা বাবে ৰডৰ  বিকল্প হিচাপে বাঁহৰ ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰি বাঁহৰ উদ্যোগ  স্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাক আহ্বান জনায়। মঙলদৈ মহাবিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ৰমণী চহৰীয়া আৰু সাংসদ দিলীপ শ‍ইকীয়াই মাধৱদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা এই অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে আদৰণি ভাষণ, সাংসদ দিলীপ শ‍ইকীয়াই চমু ভাষণ প্ৰদান কৰে। কাৰ্বি আংলঙৰ সাংসদ হৰেণ সিং বে', কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সভাপতি তুলিৰাম ৰাংহাং, বি টি এ ডিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, বিধায়ক ক্রমে বসন্ত দাস, ড° পৰমানন্দ ৰাজবংশী, মজিবৰ ৰহমান, দুর্গাদাস বড়ো, প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস, প্রাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নিলীমা দেৱী, পৌৰপতি নিৰ্মালী দেৱী শৰ্মা, মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, বিজেপিৰ দৰং জিলাৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, অগপৰ জিলা সমিতিৰ সভাপতি কমলেশ্বৰ বৰুৱা, সমাজসেৱক সুনীল বসুমতাৰী, জুৰী শৰ্মা বৰদলৈ, প্ৰণৱ বৰুৱা, মিজান নুৰ ৰহমান, উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল আদি উপস্থিত থাকে। সাংবাদিকসকলে সোধা বিভিন্ন প্রশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মেট্ৰিক পৰীক্ষা আৰু নহয়, মেট্ৰিকৰ দৰে উচ্চতৰ মাধ্যমিক শেহান্ত পৰীক্ষাহে গুৰুত্বপূৰ্ণ হ'ব। ৰাজ্যত শেহতীয়াকৈ তোলপাৰ লগাই থকা স্মার্ট মিটাৰ সম্পৰ্কত সোধাত তেওঁ কয় যে, স্মার্ট মিটাৰে বিল কমাবহে নবঢ়ায়। চৰকাৰে সাংবাদিকসকলৰ জীৱন বীমা কেতিয়ালৈ কৰিব বুলি সোধাত তেওঁ সাংবাদিকে সহযোগ কৰিলে বীমা আঁচনি পাব বুলি কয় যদিও সাংবাদিকৰ কিহৰ ভয়, কোনে মাৰিব বুলিহে তেওঁ কয় ।

No comments