Breaking News

অসমত বহু কেইখন দলং নিৰ্মাণৰ কাম ছিংলা কনষ্ট্ৰাকশ্বনক দিয়াত শংকিত ৰাজ্যবাসী


দিল্লীৰ এছ পি ছিংলা কনষ্ট্রাকশ্বন্‌ছ প্রাইভেট লিমিটেড নামৰ বিতৰ্কিত প্ৰতিষ্ঠানটোৱে বিহাৰত নিৰ্মাণ কৰি থকা ‘গংগা সেঁতু’ দেওবাৰে সন্ধিয়া সম্পূৰ্ণৰূপে ভাগি পৰে। দেওবাৰে সন্ধিয়া বিহাৰৰ ভাগলপুৰত সংঘটিত হয় এই দুর্ঘটনা। এবছৰ আগতেও দলংখনৰ কিছু অংশ ধুমুহাৰ বাবে ভাগি গৈছিল। দলংখনৰ নিৰ্মাণৰ বাবে মুঠ খৰচ নিৰ্ধাৰণ কৰা হৈছিল ১৭৫০ কোটি টকা । বিহাৰত দলং নিৰ্মাণ কৰিবলৈ গৈ অভাৱনীয় বিপর্যয়ৰ সন্মুখীন হোৱা এই প্রতিষ্ঠানটোৰ প্ৰতি অসমৰ বিজেপি চৰকাৰৰ আছে বিশেষ দৰদ।অসমত তিনিখনকৈ গুৰুত্বপূর্ণ দলং নিৰ্মাণৰ দায়িত্বত আছে এই এছ পি ছিংলা কোম্পানী। ইয়াৰে এখন গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী আৰু আন দুখন নৰনাৰায়ণ সেঁতুৰ সমান্তৰালভাৱে যোগীঘোপা-পঞ্চৰত্ন সংযোগী আৰু মাজুলীৰ চেলেকঘাট তথা বিহপুৰীয়াৰ ধূলাগুৰি ঘাট সংযোগী দলং। পলাশবাৰী গুৱালকুছি সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰো নিৰ্মাণৰ দায়িত্ব এই একেটা কোম্পানীকে গটোৱাৰ পৰিকল্পনা কৰিছে অসমৰ বিজেপি চৰকাৰখনে। ব্ৰহ্মপুত্ৰৰ ওপৰত পূর্ণগতিত নির্মাণকার্য চলি থকা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ নিৰ্মাণ ব্যয় ২,৬০৮.৬৮ কোটি টকা ধাৰ্য কৰা হৈছে। অসমত প্ৰথমবাৰৰ বাবে নিৰ্মাণ হ'বলগীয়া ছাপথযুক্ত এই দলংখনৰ মুঠ দৈর্ঘ্য ৮.৪ কিলোমিটাৰ হ'ব। ২০১৯ চনৰ আগষ্ট মাহত এছ পি ছিংলা কোম্পানীক এই দলংখন নিৰ্মাণৰ দায়িত্ব অর্পণ কৰা হয় । ব্ৰহ্মপুত্ৰৰ ওপৰত নৰনাৰায়ণ সেঁতুৰ কাষতে দুই পথযুক্ত অন্য এখন দলং নিৰ্মাণ কৰি আছে এই একেটা কোম্পানীয়ে। ইতিমধ্যে নির্মীয়মান অৱস্থাত থকা দলংখনৰ ১০ আৰু ১১ নম্বৰ দুটা দুটা ব্ৰহ্মপুত্ৰৰ পানীত উটি গৈছে চলিত বৰ্ষৰ মে' মাহত । ৭৪৬.৭৬ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিবলগীয়া এই দলংখনৰ মুঠ দৈর্ঘ্য ২.৩ কিলোমিটাৰ। ঠিক তেনেদৰে মাজুলীৰ চেলেকঘাটৰ পৰা বিহপুৰীয়াৰ ধূলাগুৰিঘাট পর্যন্ত ১৯ কিলোমিটা দৈৰ্ঘ্যৰ দুই পথযুক্ত দলংখনৰ নিৰ্মাণৰ দায়িত্বত আছ এছ পি চিংলা কোম্পানী। ৭৮৫.৩৬৪ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'ব এই দলংখন। কেবল ইয়াতেই শেষ হোৱা নাই অসমৰ বিজেপি চৰকাৰখনৰ চিংলাপ্রীতির গোপন অধ্যায়। পলাশবাৰী গুৱালকুছি সংযোগী ১২.২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ নির্মাণ বায় ২,৬০০ কোটি টকা ধাৰ্য কৰা হৈছে। এই দলংখনো চিংলাকে গটোৱাৰ পথত বিজেপি চৰকাৰ। ইখনৰ পিছত সিখনকৈ দলং এছ পি চিংলা কোম্পানীৰ হাতত গতাই দিয়াৰ ফলত শংকিত হৈ পৰিছে ৰাজ্যবাসী। বিশেষকৈ বিহাৰত কোম্পানীটোৱে নিৰ্মাণ কৰি থকা দলংখন সম্পূর্ণৰূপে গংগাত বিলীন হৈ যোৱাৰ বিপৰীতে যোগীঘোপা পঞ্চত্ব সংযোগী দলঙৰ দুটাকৈ খুটা ব্ৰহ্মপুত্ৰৰ পানীয়ে উটুৱাই লৈ যোৱাৰ পাছত এই আশংকা অধিক বৃদ্ধি পাইছে। 'গংগা সেঁতু'ৰ অনুৰূপ ঘটনা অসমতো যে নঘটিব তাৰ কি নিশ্চয়তা আছে বুলি প্রশ্ন উত্থাপিত হৈছে। এইক্ষেত্ৰত ৰাইজৰ জীৱনৰ নিৰাপত্তাৰ দিশটোও জড়িত হৈ আছে।

        বিহাৰৰ ভাগলপুৰত গংগাৰ ওপৰত নির্মীয়মান দলংখন তাচপাত দৰে খহি পৰাৰ পিছত অসমবাসীও শংকিত হৈ পৰিছে। কিয়নো বিহাৰৰ ভাগলপুৰ খাগাৰিয়া নামৰ ঠাইখনত গংগাৰ ওপৰত ১,৭১৭ কোটি টকা ব্যয়েৰে ৩.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশাল দলংখন নিৰ্মাণ কৰি আছে এছ পি ছিংলা নামৰ কোম্পানীটোৱে। সেই একে নিৰ্মাণকাৰী কোম্পানীয়টোৱে গুৱাহাটী আৰু গোৱালপাৰাৰ পঞ্চভূত ব্ৰহ্মপুত্ৰৰ ওপৰত দুখনকৈ দলং নিৰ্মাণ কৰি আছে। ইয়াৰে পঞ্চৰত্নৰ ব্ৰহ্মপুত্ৰৰ ওপৰত গোৱালপাৰা- বঙাইগাঁও জিলা সংযোগী নৰনাৰায়ণ সেতুৰ সমীপত নিৰ্মাণ হৈ থকা দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণিৰে পৰা দুৰ্নীতি আৰু ত্রুটিপূৰ্ণ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰি আহিছে। ইয়াৰ মাজতে ১১ মে'ত ১১ নম্বৰ খুঁটা আৰু ১২ মে'ত ১০ নম্বৰ খুঁটা দুটা ব্ৰহ্মপুত্ৰৰ সোঁতত উটি যায়। জানিব পৰা মতে ২০২১ চনৰ ২ ছেপ্টেম্বৰত কেন্দ্ৰীয় পৰিবহণ মন্ত্রী নিতীন গাডকাৰীয়ে টুইট যোগে পঞ্চৰত্ন-যোগীঘোপা সংযোগী দলং নিৰ্মাণৰ কথা সদৰী কৰিছিল। তাৰ পিছতে পঞ্চৰত্ন যোগীঘোপা সংযোগী দলংখনৰ নিৰ্মাণৰ কাম দ্রুতগতিত চলি আছে। অত্যধিক যান-বাহনৰ ভিৰ হোৱা আৰু চাৰিলেনযুক্ত পথ নিৰ্মাণৰ প্রতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ তত্ত্বাৱধানত দ্বিতীয়খন দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ৭৪৬.৭৬ কোটি টকা ব্যয় সাপেক্ষে ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাংম দুইলেনযুক্ত দলংখনে বঙাইগাঁও আৰু গোৱালপাৰা বেদ জিলাৰ মাজত পূৰ্বতকৈ অধিক যাতায়াত সুগম কৰি তুলিব বগা বুলি আশা কৰা হৈছিল। দুই শাৰীযুক্ত পথক সংযোগ কৰি আহ এই দলংখনে বিশেষকৈ মাল্টি মডেল লজিষ্টিক হাবক পিছ সহায় কৰিব বুলি ধাৰণা কৰা হৈছিল। ২০২৪ চনত নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'বলগীয়া এই দলংখনৰ নিৰ্মাণৰ দীর্ঘা দায়িত্ব লাভ কৰি এছ পি ছিংলা কনস্টাকচন প্রাইভেট লিমিটেডে দুর্নীতিত নিমজ্জিত হোৱাত গোৱালপাৰা  জিলা আৰু বঙাইগাঁও জিলাৰ বিভিন্ন দল-সংগঠনে আৰম্ভণিৰে পৰা প্ৰতিবাদ জনাই আহিছিল। কিয়নো এছ পি ছিংলা কনস্ট্রাকচন প্রাইভেট লিমিটেডে নির্মাণ কৰি থকা বিহাৰৰ ভাগলপুৰৰ গংগা নদীৰ ওপৰত আগুৱানি- চুলতানগঞ্জ গংগা দলংখন পূর্বেও এবাৰ খহি পৰিছিল। সেয়ে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে এছ পি ছিংলা কনষ্ট্রাকচন প্রাইভেট লিমিটেডেৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছিল। উক্ত তদন্ত চলি থকাৰ সময়তে দেওবাৰে সম্পূর্ণ দলংখন তাচপাতৰ ঘৰৰ দৰে খহি পৰে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে 'পুল নির্মাণ নিগম'ৰ পৰা প্রতিবেদন বিচাৰিছে আৰু ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। বিহাৰত নিম্নমানৰ কাম কৰি মুখ্যমন্ত্ৰীৰ ৰোষত পৰা এছ পি ছিংলা ক কিহৰ ওপৰত ভিত্তি কৰি ২.৩কিলোমিটাৰ দলং নিৰ্মাণৰ দায়িত্ব অর্পণ কৰিলে তাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। ইতিমধ্যে এক বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে দলংখনৰ আন দুটাকৈ খুটা অতি নিম্নমানৰ তথা প্রয়োজনতকৈ কমকৈ ৰড ব্যৱহাৰ কৰা হৈছে। যিকোনো মুহূৰ্তত এই দুটাকৈ খুঁটা ভাঙি পৰাৰ আশংকা কৰিছে ৰাইজে। অতি নিম্নমানৰ কাম কৰি দলং নির্মাণ কৰিলে ভৱিষ্যতে ভয়ংকৰ দুর্ঘটনা সংঘটিত  হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। নিম্নমানৰ কাম কৰি লুণ্ঠনৰ প্ৰচেষ্টা চলোৱা এছ পি ছিংলা কোম্পানীৰ বিৰুদ্ধে উচ্চ পর্যায়ৰ তদন্তৰ জৰিয়তে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বঙাইগাঁও আৰু গোৱালপাৰা জিলাৰ সচেতন মহলে।

         বহু বিতর্কিত শিলচৰ চহৰৰ বেটুকান্দিৰ বান্ধৰ চুইছ গেট ২৪ ঘণ্টাৰ ভিতৰতে ভাঙি পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মহিশাবিলৰ পৰা বৰাক নদীলৈ বৈ যোৱা যোৱা পানীৰ সোতে নির্মীয়মান ছুইছাগেটৰ কেনেলৰ এটা অংশ খহাই পেলাইছে। বেটুকান্দিৰ বান্ধ আৰু চুইছ গেটৰ কাম অতি নিম্নমানৰ হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে। কিন্তু ৰাজ্যৰ জলসম্পদ বিভাগে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল বুলি ৰাইজে মন্তব্য কৰিছে। কালি পুৱাৰ ভাগত সংক্ষিপ্ত ভাবে শিলচৰৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয় আৰু বিধায়ক দীপায়ন চক্রবৰ্তীয়ে বেটুকান্দিৰ মথাউৰি আৰু চুইছ গেট উদ্বোধন কৰিছিল। কিন্তু কামবোৰ নিম্নমানৰ যে হৈছে সেয়া ২৪ ঘণ্টাৰ ভিতৰতে সত্য প্রমাণিত হ'ল। কাৰণ ১২ ঘণ্টাৰ ভিতৰত বেটুকান্দি ছুইছগেটৰ নিৰ্মিয়মান তেওঁ সুৰংগটোৰ এটা অংশ পানীৰ সোঁতে ভাঙি নিয়ে। ফলত মহিশাবিলৰ পানীৰ সোঁতে ভয়ংকৰ ৰূপ ধাৰণ কৰে। যাৰ বাবে অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হয়।কালি পুৱাৰ পৰা বিয়লিলৈকে জলসম্পদ বিভাগৰ অভিযন্তা, এছডি অ' আৰু ঠিকাদাৰৰ শ্রমিকে বহু চেষ্টা কৰিও পানীৰ তীব্ৰতা বন্ধ কৰিব পৰা নাছিল। স্থানীয় ৰাইজৰ অভিযোগ, বৰষুণ দিলে মথাউৰিটোৱে ভয়ংকৰ ৰূপ ল'ব। ইয়াৰ বাহিৰেও ছুইছগেটৰ তলত পলসুৱা মাটি দিয়াৰ অভিযোগ  উত্থাপন কৰিছে স্থানীয় ৰাইজে। ছুইছ গেটৰ কাষৰীয়া অঞ্চলত পলসুৱা মাটি পেলোৱাৰ বাবে তীব্র প্রতিবাদ জনায় স্থানীয় ৰাইজে মথাউৰিৰ কামৰ বাবে পলসুৱা পথে মাটিৰ পৰিবৰ্তে পাহাৰীয়া মাটি দিবলৈ দাবী জনায় আহিছিল।

No comments