Breaking News

ফৰকাটিং,বালিজান ,বৰজান মাটিখোলা উচ্চতৰ মাধ্যমিক,ঘিলাধাৰী উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সন্তোষজনক ফলাফলঃ


পৰাগ বৰুৱা,ফৰকাটিংঃ,৬ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ফৰকাটিং অঞ্চলৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে সন্তোষজনক ফলাফল লাভ কৰিবলৈ সক্ষম হয়।ফৰকাটিং অঞ্চলৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ফৰকাটিং মহাবিদ্যালয়ৰ পৰা কলা শাখাত মুঠ ২৭১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।ইয়াৰে ২৩৯ পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়।প্ৰথম বিভাগত ৫৪ জন,দ্বিতীয় বিভাগত ৭১ জন আৰু ১১৪ জন পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ফৰকাটিং মহাবিদ্যালয়ৰে বিজ্ঞান শাখাৰ মুঠ ৩৫ জন পৰীক্ষাৰ্থীৰ ভিতৰত ৩২ জন উত্তীৰ্ণ হয়।ইয়াৰে প্ৰথম বিভাগত ৯জন,দ্বিতীয় বিভাগত ২০ জন আৰু তৃতীয় বিভাগত ৩ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় ।অন্যহাতে ফৰকাটিঙৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা কলা শাখাত ১১৩ জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।ইয়াৰে প্ৰথম বিভাগত ৯৪ জন,দ্বিতীয় বিভাগত ১৮ জন আৰু তৃতীয় বিভাগত এজন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়।বাণিজ্য শাখাত মুঠ ১৩ জন পৰীক্ষাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত ৬ জন আৰু   দ্বিতীয় বিভাগত ৭জন উত্তীৰ্ণ হয়। ভাৱে ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা  প্ৰজ্বলিতা শইকীয়াই সমাজ শাস্ত্ৰ বিষয়ত ৯৯ নম্বৰ আৰু সৃষ্টিপ্ৰিয়া ফুকনেও সমাজ শাস্ত্ৰ বিষয়ত  ৯৯ নম্বৰ ,সত্ৰীয়া নৃত্যত বিপ্লৱী শইকীয়াই ৯৯ নম্বৰ সংগীত বিষয়ত কিৰণ শইকীয়াই ৯২  আৰু তৃষ্ণাময়ী গগৈয়েও  ৯২ নম্বৰ  লাভ কৰি পৰীক্ষাৰ্থী কেইগৰাকীয়ে অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনে।শিক্ষানুষ্ঠানখনৰ মুঠ লেটাৰ ৩০১,ষ্টাৰ নম্বৰ ৫০ জন আৰু ডিষ্ট্ৰিংছন ৯ জনে লাভ কৰিবলৈ সক্ষম হয়। ইফালে ফৰকাটিংৰ সমীপৱৰ্তী বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ১০০% পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হয়।মুঠ ১৩ জন পৰীক্ষাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত ১১ জন আৰু দ্বিতীয় বিভাগত ২ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়।ইয়াৰে গীতাশ্ৰী বৰুৱা,ডিম্পী শইকীয়া,মণিষা দাস,ৰূপশ্ৰী গুপ্তা আৰু ৰিমঝিম বৰাই ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।অঞ্চলটোৰ অতি পুৰণি শিক্ষানুষ্ঠান ঘিলাধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৩১ জন পৰীক্ষাৰ্থীৰ ভিতৰত ৩০ জন উত্তীৰ্ণ হয়।প্ৰথম বিভাগত ৮ জন,দ্বিতীয় বিভাগত ১৬ জন আৰু তৃতীয় বিভাগত ৬ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হয়।ঘিলাধাৰী মৌজাটোৰ অন্তৰ্গত আন এখন উচ্চ শিক্ষানুষ্ঠান বৰজান মাটিখোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২৭ জন পৰীক্ষাৰ্থীৰ ২০ জনহে সফল  হ'বলৈ সক্ষম হয়।ইয়াৰে প্ৰথম বিভাগত এজন,দ্বিতীয় বিভাগত ৭ জন আৰু ১২ জন তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷

No comments