Breaking News

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত গোলাঘাটৰ ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সাফল্য


উচ্চতৰ মাধ্যমিক  চূড়ান্ত পৰীক্ষাত গোলাঘাটৰ ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সাফল্য। ৫ জনকৈ শিক্ষাৰ্থীয়ে একোটাকৈ নিৰ্দিষ্ট বিষয়ত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। মঙ্গলবাৰে ঘোষণা কৰা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক  চূড়ান্ত পৰীক্ষাত জিলিকিল ফৰকাটিং চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পাঁচগৰাকীকৈ মেধাৱী শিক্ষাৰ্থী। মহাবিদ্যালয়খনৰ প্ৰজ্বলিতা শইকীয়া আৰু  সৃষ্টিপ্ৰিয়া ফুকনে ৰাজ্যখনৰ ভিতৰতে সমাজশাস্ত্ৰ বিষয়ত ৯৯ নম্বৰ লাভ কৰাৰ বিপৰীতে সত্ৰীয়া নৃত্যত বিপ্লৱী শইকীয়াই ৯৯ নম্বৰ,  অসমীয়া লোক সংগীত বিষয়ত কিৰণ শইকীয়াই আৰু তৃষ্ণাময়ী গগৈয়ে  ৯২ নম্বৰ  লাভ কৰি জিলিকি উঠে। 

No comments