Breaking News

বাণিজ্য শাখাত চতুৰ্থ স্থান লাভ কৰা সূৰ্য্য জৈন চাৰ্টাৰ্ড একাউনটেন্ট হ'ব খোজে


এম হাছিম আলী ডিব্ৰুগড়,৬ জুন: আজি ঘোষিত ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি  ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই অনা ছল্টব্ৰুক একাডেমীৰ ছাত্ৰ  সূৰ্য্য জৈনে মুঠ নম্বৰ লাভ কৰে ৪৬৭ । ডিব্ৰুগড়ৰ তিনিকোণীয়া ভিষ্টিপট্টি নিৱাসী পিতৃ সঞ্জয় জৈন আৰু মাতৃ ৰজনী জৈনৰ পুত্ৰ সূৰ্য্য জৈনৰ পিতৃৰ ডিব্ৰুগড়ৰ পকা বজাৰত দোকানৰ ব্যৱসায় আছে। পিতৃ মাতৃৰ দুই পুত্ৰ সন্তানৰ সূৰ্য্য জৈন কণিষ্ঠ। দৈনিক নিয়মীয়াকৈ ৩/৪ ঘণ্টাকৈ পৰা সূৰ্য্য জৈনে ইংৰাজীত ৯১, অল্টো ইংৰাজীত ৯১, অংকত ৯৮, বিজনেছ ষ্টাডিজত ৯৫, অৰ্থনীতি বিজ্ঞানত ৯২ আৰু একাউনটেন্সীত ৯১ সহ মুঠ ৪৬৭ নম্বৰ অৰ্থাৎ ৯৩.৪ শতাংশ লাভ কৰে। সৰুৰে পৰাই ছল্টব্ৰুক স্কুলতে শিক্ষা জীৱনৰ আদি পাঠ গ্ৰহণ কৰা সূৰ্য্য জৈন এগৰাকী ভাল ক্ৰিকেট খেলুৱৈ। পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছত ঘৰ খনত উৎফুল্লিত হৈ পৰে। আইতাকে ফুৰ্তিতে খবৰ লবলৈ অহা সকলৰ মাজত মিঠাই বিতৰণ কৰে। ভৱিষ্যতে এগৰাকী ভাল চনদপ্ৰাপ্ত গাণনিক (চি এ)হ'ব খোজে সূৰ্য্য জৈনে।

No comments