Breaking News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰেড নিম্নগামী হোৱাটো উদ্বেগজন


গৌৰৱোজ্জল ৭৫ বছৰ অতিক্ৰম কৰা উত্তৰ পূবৰ প্ৰথমখন বিশ্ববিদ্যালয়, যি বিশ্ববিদ্যালয়ক অসমৰ শীৰ্ষৰ প্ৰজ্ঞাৰ অনুষ্ঠান বুলি অভিহিত কৰা হয়, সেই বিশ্ববিদ্যালয়ে 'নেচনেল ইনষ্টিটিউচনেল বেংকিং ফ্ৰেমৱৰ্ক'ত (এনআইআরএফ) এইবাৰৰ ৮৮ সংখ্যক স্থান অৰ্জন কৰি সৰ্বদিশতে লুইতৰ পাৰ আন্ধাৰ কৰি ক্ৰমশঃ পতন ঘটাটো আনুষ্ঠানিকভাৱে স্পষ্ট কৰি তুলিছে।'জিলিকাব লুইতৰে পাৰ' শীৰ্ষক গীতটি সুধাকণ্ঠ ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰোতে বিশ্ববিদ্যালয়খনৰ গৰিমা অনাগত দিনত আৰু অধিক উন্নত হোৱাৰ আশা ৰাখি গাইছিল।

ভূপেন হাজৰিকাৰ সেই গীত কালজয়ী হৈ ৰৈ গ'ল, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ে ক্রমশঃ পতনৰ দিশলৈ গতি কৰি লুইতৰ পাৰ আন্ধাৰ কৰি তুলিছে।এবছৰৰ ভিতৰত এনআইআৰএফ ৰেংকিঙত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পতন ঘটিছে ৫২টা স্থান। অৱশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বভাৰতীয় ৰেংকিঙত এই পতন মুঠেই নতুন নহয়। প্রত্যেক বছৰেই অলপ অলপকৈ পতন ঘটি ২০২৩ চনৰ সৰ্বভাৰতীয় চৰকাৰী ৰেংকিঙত ৮৮সংখ্যক স্থানলৈ অৱনমিত হৈছে ৰাজ্যৰ প্ৰজ্ঞাৰ শীৰ্ষতম শিক্ষানুষ্ঠানখন। কিয়নো ২০১৬চনত এই ৰেংকিঙত ২২সংখ্যক স্থান অৰ্জন কৰা গুৱাহাটী বিশ্ববিদ্যালয় ২০১৭ চনত ২৭লৈ, ২০১৮ চনত ৩৯লৈ ২০১৯ ৪২লৈ, ২০২০ত ৪৭সংখ্যক স্থানলৈ অৱনমিত হৈছিল। মাজতে ২০২১ত ৪৫ আৰু ২০২২ ত ৩৬ সংখ্যক স্থানলৈ উন্নীত হ'লেও ২০২৩ চনত পুনৰ পতনৰ ধাৰা অব্যাহত ৰাখিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। বিশ্বত পৰিচিত বিদ্বান কৃষ্ণকান্ত সন্দিকৈয়ে অধ্যাপনা কৰা আৰু প্ৰথম উপাচার্য হিচাপে দায়িত্ব পালন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই সর্বক্ষেত্ৰতে পতনত ৰাজ্যৰ বিদ্বতমহল স্বাভাৱিকতে উদ্বিগ্ন আৰু লজ্জিত।

        'বিদ্যায়ো সাধয়েতা' অর্থাৎ শিক্ষা আৰু জ্ঞানৰ জৰিয়তে । কৃতকার্যতা লাভ কৰাৰ অংগীকাৰ থকা বাক্য যিখন বিশ্ববিদ্যালয়ৰ প্রতীকত খোদিত আছে, সেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পতন ৰাজ্যবাসীৰ বাবে কাংক্ষিত নহয়। উল্লেখ্য, সম্প্ৰতি ‘এনআইআৰএফ'ৰ ৰেংকিং অনুযায়ী দেশৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ মান নিৰ্দ্ধাৰণ কৰা হয়। “এন আইআৰএফ’ৰ ৰেংকিঙত বিচাৰ কৰা উচ্চ শিক্ষা প্রতিষ্ঠানখনৰ — ১) শিক্ষাদান, শিকনি, সমল (টিএলআৰ), ২) গৱেষণা আৰু বাস্তবিক অনুশীলন (আৰপি), স্নাতকৰ ফলাফল (জিঅ'), প্ৰচাৰ আৰু = অন্তর্ভূক্তি (অ'আই) আৰু উপলব্ধি (পিআৰ) বিশ্লেষণ কৰিয়েই স্থান প্ৰদান কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয় বিচাৰৰ এই সকলো কাৰকৰ ক্ষেত্ৰতে ব্যৰ্থ হৈছে। উল্লেখ্য, দেশৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ মান নিৰ্দ্ধাৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্রনালয়ে এই ‘এনআইআৰএফ’ ৰূপৰেখা নিৰ্দ্ধাৰণ কৰিছিল। সেই অনুসৰি বিগত সময়ছোৱাত ‘এনআইআএফে' এই প্ৰণালীৰ জৰিয়তে দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মান নিৰ্দ্ধাৰণ কৰি আহিছে।

         ১৯৪৮ চনৰ ২৬ জানুৱাৰীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে প্ৰতিষ্ঠা হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ে ক্রমাৎ গৰিমা হেৰুৱাইছে। যিখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ, সূর্যকুমাৰ ভূঞা, যিখন বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল বিদ্বান দেৱপ্ৰসাদ বৰুৱা, বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ, ভবেন্দ্ৰ নাথ শ‍ইকীয়া, হীৰেণ গোঁহাই, নিৰ্মলপ্ৰভা বৰদলৈ আৰু আনকি ভূপেন হাজৰিকা। সেইখন বিশ্ববিদ্যালয়ৰ এই পতনে ৰাজ্যবাসীক স্তম্ভিত কৰি তুলিছে। হতাশ হৈ পৰিছে শিক্ষাবিদ, বিজ্ঞজন। এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই পতনৰ কাৰণ কি সেই সম্পৰ্কে প্ৰশ্ন উঠিছে ৰাজ্যৰ সচেতন মহলৰ মাজত। 

No comments