Breaking News

মল্লযোদ্ধাৰ আন্দোলন উপশম ঘটাবলৈ চৰকাৰৰ কৌশল


অহা ২১-২৪ জুনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা ভ্ৰমণলৈ যোৱাৰ পূৰ্বেই ৭ গৰাকী মহিলা মল্লযোদ্ধাৰ যৌন নিৰ্যাতনৰ বিষয়টোৰ সমাধান হোৱা আৰু ক্ষোভ প্রশমিত হোৱাতো বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। স্থায়ী সমাধান হওক বা নহওক, অন্ততঃ বিশ্বখ্যাত মল্লযোদ্ধাসকল প্রতিবাদৰ পৰা আঁতৰি থকাটো কামনা কৰিছে মোদী চৰকাৰে। তাৰ ফলশ্রুতিতেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রতিবাদী মল্লযোদ্ধাৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। এই বৈঠক ফলপ্রসূ নহ'লেও সেয়া সমস্যা সমাধান তথা পৰিস্থিতি সাময়িকভাৱে শান্ত হৈ থকাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ বুলি অভিহিত কৰা হৈছে। প্রায় একে সময়তে কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰেও একেই উদ্দেশ্য লৈ প্ৰতিবাদী মল্লযোদ্ধাৰ সৈতে বৈঠক অনুষ্ঠিত কৰে। অৱশ্যে সেই বৈঠকতো কোনো সমাধানসূত্র ওলোৱা নাই। কিন্তু ৰেছলিং ফেডাৰেশ্বনৰ সভাপতি তথা বিজেপিৰ সাংসদ ব্ৰীজভূষণ চাৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু ৰুজু হোৱা এজাহাৰৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে অভিযোগনামা দাখিল কৰাতো বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। অন্ততঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২১-২৪ জুনৰ আমেৰিকা ভ্ৰমণ আৰু মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনক মোদীয়ে সাক্ষাৎ কৰাৰ পূৰ্বে তেনে এক পদক্ষেপৰ বাবে কেন্দ্ৰীয় চৰকাৰে জোৰদাৰ প্ৰস্তুতি চলাইছে। কিয়নো এনেধৰণৰ বিষয়ত চৰকাৰীভাৱে আমেৰিকা অতিশয় সংবেদনশীল। তদুপৰি যিকেইগৰাকী মল্লযোদ্ধাই যৌন নিৰ্যাতনৰ বিৰুদ্ধে মাহজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে, তাৰ প্ৰত্যেকগৰাকীয়েই আন্তর্জাতিক খ্যাতিসম্পন্ন ক্রীড়াবিদ। অলিম্পিকৰ পদকবিজয়ী সাক্ষী মালিক, বজৰং পুনিয়া, এছিয়াডৰ পদকবিজয়ী ৱিনেশ ফোগাটৰ উপৰি কমনৱেলথ্ গেমছৰ পদক বিজয়ী মল্লযোদ্ধায়ো যৌন নিৰ্যাতনৰ অভিযোগত প্ৰতিবাদ কৰি আছে। আনহাতে, মল্লযোদ্ধাসকলক শাৰীৰিকভাৱে বল প্রয়োগ কৰি দিল্লী আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা উৎখাত কৰাৰ ঘটনাত ক্ষুব্ধ হৈ ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক এছ'চিয়েশ্বনে কঠোৰ ভাষাৰে নিন্দা কৰিছে আৰু ভাৰতীয় আইনৰ আধাৰত মল্লযোদ্ধাসকলৰ অভিযোগ সমাধানৰ আহ্বান জনাইছে। এনে পৰিপ্ৰেক্ষিতত আন্তর্জাতিক খ্যাতিসম্পন্ন মল্লযোদ্ধাসকলৰ যৌন নিৰ্যাতনৰ বিষয়টো প্ৰধানমন্ত্ৰী মোদীৰ বাবে আমেৰিকা ভ্ৰমণকালত অস্বস্তিকৰ হৈ পৰিব পাৰে। সেই উদ্দেশ্যেই মোদী চৰকাৰে বিষয়টোৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰতীয়মান কৰাৰ বাবেই তাৎক্ষণিকভাৱে কেতবোৰ কাৰ্যপন্থা গ্ৰহণৰ দিশে আগবাঢ়িছে। অন্ততঃ মার্কিন ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় অতিথি হিচাপে যাবলগীয়া প্রধানমন্ত্রী মোদী যাতে এই বিষয়ক লৈ আমেৰিকাত অস্বস্তিকৰ পৰিস্থিতিৰ মুখত পৰিবলগীয়া নহয় সেয়ে মল্লযোদ্ধাসকলৰ ক্ষোভ প্রশমনৰ চেষ্টা চলোৱা হৈছে। আনহাতে, বিশ্বখ্যাত মল্লযোদ্ধাৰ অতি দীঘলীয়া প্ৰতিবাদত বিজেপি দলৰ ভিতৰতো অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয়নো অভিযুক্ত ব্ৰীজভূষণ ৬ বাৰৰ লোকসভাৰ সাংসদ, যি বিগত ৫ বাৰ বিজেপিৰ প্রার্থী হিচাপে বিজয়ী হৈ আহিছে। অথচ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই আৰু স্পর্শকাতৰ বিষয়টোৰ প্ৰতি দীৰ্ঘদিন উদাসীন হৈ আছে। আনকি বিজেপিৰ সাংসদ মানেকা গান্ধী, প্রীতম মুণ্ডে, হিছাৰৰ সাংসদ ব্রীজেন্দ্ৰ সিঙে ৰাজহুৱাকৈ প্ৰতিবাদকাৰী মল্লযোদ্ধাক সমর্থন জনাইছে। এনে একাধিক কাৰণত এতিয়া কেন্দ্ৰীয় চৰকাৰে মোদীৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বে পৰিস্থিতি স্বাভাৱিক কৰিবলৈ উঠিপৰি লাগিছে। মঙলবাৰে দিল্লী আৰক্ষীয়ে ব্ৰীজভূষণ চাৰণ সিঙৰ উত্তৰ প্ৰদেশৰ বাসভৱনত ১২জন ব্যক্তিক জেৰা কৰে। তাৰ ভিতৰত ব্ৰীজভূষণ আছিল নে নাই সেয়া দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা নাই। কিন্তু ইয়াৰ ভিতৰত ব্ৰীজভূষণৰ সপক্ষে মাত মাতি থকা ব্যক্তিও আছে। এই পর্যন্ত দিল্লী আৰক্ষীয়ে মুঠতে ১৩৭ জনৰ সাক্ষ্য গ্রহণ কৰিছে। তদুপৰি ‘কড অব ক্রিমিনেল প্রচিডিঅ'ৰৰ ১৬৪ অনুচ্ছেদৰ অধীনত মঙলবাৰে দণ্ডাধীশৰ উপস্থিতিত যৌন নিগ্ৰহৰ বলি হোৱা একাংশ মল্লযোদ্ধাৰো সাক্ষ্য গ্রহণ কৰা হৈছে। এই সাক্ষ্য আদালতত প্রমাণ হিচাপে বিবেচিত হ'ব।

No comments