Breaking News

মল্লযোদ্ধাসকলে ১৫ জুনলৈকে প্ৰতিবাদ বন্ধ কৰিবলৈ সন্মত



বুধবাৰে দিল্লীত ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বাসগৃহত মল্লযোদ্ধাসকলৰ সৈতে এক দীঘলীয়া বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকৰ পিছতে দেশৰ কেইজনমান শীৰ্ষ মল্লযোদ্ধাই কয় যে তেওঁলোকে ১৫ জুনলৈকে তেওঁলোকৰ প্ৰতিবাদ বন্ধ ৰাখিব। এই সন্দৰ্ভত বজৰং পুনিয়াই কয় যে "চৰকাৰে আমাক আশ্বাস দিছে যে ১৫ জুনৰ আগতে আৰক্ষীৰ তদন্ত সম্পূৰ্ণ কৰা হ'ব। আমি অনুৰোধ কৰিছো যে মল্লযোদ্ধাসকলৰ বিৰুদ্ধে সকলো এজাহাৰ ঘূৰাই ল'ব লাগে আৰু তেওঁ ইয়াত সন্মত হৈছে। যদি ১৫ জুনৰ ভিতৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে আমি আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিম," বুধবাৰে পুৱা ১১:০০ বজাৰ পৰা আৰম্ভ হোৱা বৈঠক সন্ধিয়াৰ ভাগতহে অন্ত পৰে।  

ইফালে ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে বৈঠকৰ অন্তত মন্তব্য কৰি কয় যে, মল্লযোদ্ধাসকলৰ সৈতে দীঘলীয়া ৬ ঘণ্টা আলোচনা কৰিছিলো। আমি মল্লযোদ্ধাসকলক আশ্বাস দিছো যে তদন্তটো ১৫ জুনৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু অভিযোগপত্ৰ দাখিল কৰা হ'ব।

No comments