Breaking News

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত এইয়া কি ঘটিছে??

 


বহুজনৰ উচ্চ শিক্ষাৰ সপোন পূৰ কৰা জীৱনত নানা পৰিস্থতিৰ সন্মুখীন হৈ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ নোপোৱা বহুতো লোকক  উচ্চ শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰি দিয়া অসমৰ উচ্চ শিক্ষাৰ অগ্রনী প্রতিষ্ঠান আৰু উত্তৰ-পূব ভাৰতৰ একমাত্ৰ মুক্ত বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। ১১ অক্টোবৰত ৰাজেন্দ্ৰ প্ৰসাদ দাসে ওড়িশাৰ পৰা আহি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য পদত যোগদান কৰে। লক্ষণীয়ভাৱে উপাচাৰ্যজনৰ অভব্য আচৰণে সকলোকে স্তম্ভিত কৰিছে। ইতিমধ্যে এনে অভব্য ব্যৱহাৰ আৰু তুচ্ছ-তাচ্ছিলাৰ বাবেই বিশ্ববিদ্যালয়খনৰ প্ৰকাশন বিষয়াজনে চাকৰি এৰি গুচি যায়। শেহতীয়ভাবে বিশ্ববিদ্যালয়খনৰ প্ৰকল্প অভিযন্তাজনে উপাচাৰ্যজনৰ আচৰণৰ বাবে চাকৰি এৰি দিয়ে। প্রাপ্ত অভিযোগ মতে, বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰজনৰ জৰিয়তে এক বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ ক্ষেত্ৰত অভিযন্তাজন উপাচার্যৰ বাবে বাটৰ কাঁইট হৈ পৰিছিল। ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ অসমৰ জাতীয় অনুষ্ঠানখনৰ প্ৰতি তথা শিক্ষাৰ্থীসকলৰ প্ৰতি তিলমানো আন্তৰিকতা নোহোৱাৰ অভিযোগ উঠিছে। বিশ্ববিদ্যালয়খনৰ অধ্যয়ন কেন্দ্ৰসমূহৰ আৰু শিক্ষাৰ্থীসকলৰ ওজর-আপত্তিসমূহ সমাধানৰ প্ৰতি উপাচার্য আগ্রহী নহয়। উপাচার্যজনে নিজৰ ব্যক্তিগত কামত বিশ্ববিদ্যালয়খনৰ বিভিন্ন সা-সম্পত্তি আৰু টকা-পইচা ব্যৱহাৰ কৰাবো অভিযোগ উঠিছে। উল্লেখ্য, উপাচার্যন বাহনখনৰ উপৰি বিশ্ববিদ্যালয়ক ষ্টেট বেংকে দান দিয়া এখন ইন 'ভা বাহন এজন চালকৰ সৈতে সম্পূর্ণৰূপে ব্যক্তিগত কামত ব্যৱহাৰ কৰি আহিছে উপাচার্যই। সাধাৰণতে উক্ত বাহনখন ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ পত্নীয়ে বজাৰ-সমাৰ কৰা কামৰ লগতে বাহিৰৰ পৰা অহা আলহী অতিথিক বিমানবন্দৰ, ৰেল ষ্টেচনৰ পৰা অনা-নিয়া আৰু ফুৰা কামত ব্যৱহাৰ কৰি আহিছে। ৰাজেন্দ্ৰ প্ৰসাদ দাস থকা ঘৰটোৰ ভাৰা ৬৫ হাজাৰ টকা। তদুপৰি ছিকিউৰিটী গাৰ্ডৰ নামত মাহে খৰচ হয় প্রায় ৮০ হাজাৰ টকা । ৰাজেন্দ্ৰ প্ৰসাদ দাসৰ ঘৰৰ বাবে অক্টোবৰ, ২০২২ৰ পৰা মাৰ্চ, ২০২৩লৈ বিশ্ববিদ্যালয়ে জমা কৰা সামগ্ৰীসমূহ এনে ধৰণৰ — ইলেকট্রিক কেটলি দুটা, মাইক্ৰ'ৱেভ দুটা, ইস্ত্রী দুটা, ৱাটাৰ পিউৰিফায়াৰ দুটা, গিজাৰ তিনিটা (মুঠ ১,০৬,৪২৮ টকা), গ্ৰাইণ্ডাৰ এটা (৬,১৩৬ টকা), ইনভার্টাৰ টলী (১,০৬২ টকা), ফ্রীজ এটা (৩৯,৬৮০ টকা), ৱাছিং মেচিন এটা (২৯,৪৪০ টকা), এয়াৰ কণ্ডিচনাৰ দুটা (১,৪৫,৯২০ 'টকা), ইনভাৰ্টাৰ (২৩,০০০ টকা), ষ্টেৰিলেজাৰ দুটা (১০,৫০০ টকা), বিছনা দুখন মেটৰেছ সহিতে (১,১২,৩২৯ টকা), ব্লেংকেট চাৰিখন, বিছনা চাদৰ ৯ খন, গাৰু আৰু গাৰু ক'ভাৰ, কার্পেট আৰু আঁঠুৱা (৫১,০০০ টকা), ডিনাৰ ছেট, আইনাৰ গ্লাছ, কাটলেৰী ছেট, প্ৰেছাৰ কুকাৰ দুটা, কেৰাহী তিনিটা, পাকঘৰৰ বস্তু থোৱা টেমা ৬টা আৰু ষ্টীলৰ ডিনাৰ ছেট (৩৭,৬৬০ টকা), আইকন বিম ভাব (৭৯,০৬० টকা)। উপাচাৰ্যজনৰ বিভিন্ন কাণ্ডজ্ঞানহীন কার্যই বিভিন্নজনৰ চকু কপালত তুলিছে। লক্ষণীয়ভাৱে মাটি আৰু ভেটি ৰক্ষাৰ শপত লোৱা চৰকাৰখন এইক্ষেত্ৰত নিৰ্মাত। অকল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়েই নহয়, ৰাজ্যৰ আন কেইবাখনো বিশ্ববিদ্যালয়ত একেধৰণৰ অৰাজক পৰিস্থিতি। কোৱা বাহুল্য যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি প্রক্রিয়া বিসংগতিপূর্ণ। ইউজিচিৰ নিয়ম অনুযায়ী উপাচার্য নিযুক্তিৰ বাছনি কমিটীৰ সদস্যসকল বিশ্ববিদ্যালয়খনৰ লগত কোনো প্ৰকাৰে জড়িত থাকিব নোৱাৰে। কিন্তু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি সমিতিৰ এজন সদস্য তথা সমিতিখনৰ মুৰব্বী অধ্যাপক সুষমা যাদৱ একে সময়তে আছিল বিশ্ববিদ্যালয়খনৰ শিক্ষক বাছনি সমিতিৰো অধ্যক্ষ।

No comments