Breaking News

গোলাঘাটত জিলাখনত চৰকাৰীভাৱে কৃষিপথাৰত পানীযোগানৰ ব্যৱস্থাগ্ৰহণৰ দাবীত উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ গোলাঘাট জাতীয় পৰিষদ গোলাঘাট জিলা সমিতিৰ


ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা কৃষক ৰাইজৰ স্বাৰ্থত অতিশীঘ্ৰে কৃষি পথাৰত পানী যোগান ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদ গোলাঘাট জিলা সমিতিয়ে। স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি সাম্প্রতিক খৰাং পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলা কৃষক ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে।  যিহেতুকে গোলাঘাট জিলাখনত কোনোধৰণৰ কৃষিপথাৰত চৰকাৰীভাৱে পানী যোগান আঁচনিৰ প্ৰৱৰ্ত্তন কৰা নাই।

সেয়েহে, জিলাখনৰ কৃষক ৰাইজে কেৱল বতৰৰ ওপৰত নিৰ্ভৰ কৰি কৃষি কাৰ্য সম্পাদন কৰি আহিছে। এনে পৰিপ্ৰেক্ষিতত কৃষক ৰাইজৰ মুক্তি আৰু জীৱন নিৰ্বাহৰ একমাত্ৰ স্থল কৃষি উৎপাদনৰ বাবে চৰকাৰীভাৱে কৃষিপথাৰত পানী যোগানৰ সু-ব্যৱস্থা কৰাৰ অত্যন্ত প্রয়োজন হৈছে। 


সেয়েহে ৰাষ্ট্ৰপতিলৈ গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ গ্ৰহণ প্ৰেৰণ কৰি গোলাঘাট জিলা কৃষক ৰাইজৰ স্বাৰ্থত অতিশীঘ্ৰে কৃষি পথাৰত পানী যোগান ব্যৱস্থা কৰাৰ দাবী জনায় অসম জাতীয় পৰিষদ গোলাঘাট জিলা সমিতিয়ে।

No comments