Breaking News

ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা‌‌ প্ৰস্তুত


লোকসভা সমষ্টিৰ নতুন চাৰিসীমাৰে ৰাজ্যত অনুষ্ঠিত হ'ব পাৰে ২০২৪ চন লোকসভা নির্বাচন। অহা বছৰ এপ্রিল-মে' মাহত অনুষ্ঠিত হ'বলগা দেশৰ সাধাৰণ নির্বাচনৰ পূর্বেই অসম বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নির্ধারণ প্রক্রিয়া সম্পূর্ণ কৰাৰ সন্তর্পণ কুচকাৱাজ চলাইছে বিজেপি নেতৃত্বাধীন কেন্দ্র-ৰাজ্য চৰকাৰে। এই উদ্দেশ্যে নতুন দিল্লীত যোৱা দুবাৰ অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হয় ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মা। অসমক বাদ দি দেশৰ আন ৰাজ্যসমূহত ২০২৬ চনত বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ প্রক্রিয়া সম্পন্ন হ'ব যদিও কেন্দ্রীয় নির্বাচন আয়োগে অসমৰ বিধানসভা- লোকসভা সমষ্টিসমূহৰ সীমা নির্ধাৰণ প্ৰক্ৰিয়া অনতিবিলম্বে কৰাৰ বাবে ২০২২ চনৰ ডিচেম্বৰৰ শেষভাগত অধিসূচনা জাৰি কৰিছিল। ইয়াৰ দুদিন পিচতে দিল্লীত অসম চৰকাৰে জৰুৰী কেবিনেট বৈঠক পাতি সমষ্টি পুনৰ নির্ধারণ প্রক্রিয়ার স্বাৰ্থতে বিশ্বনাথ, হোজাই, তামুলপুৰ আৰু বজালী জিলা সাময়িকভাৱে ভংগ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল। ইয়াৰ পিচৰে পৰাই বিজেপি-অগপ-ইউ পি পি এল নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক বিজেপিয়ে ইখনৰ পিচত সিখন বৈঠক অনুষ্ঠিত কৰি দল আৰু চৰকাৰৰ তৰফৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ এক খচৰা প্ৰস্তুতত নামি পৰা পৰিলক্ষিত হৈছে। বিগত সপ্তাহত মন্ত্ৰী অশোক সিংহলৰ চৰকাৰী বাসভৱনত বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহৰ বিধায়কসকলৰ সৈতে সমষ্টিৰ সীমা পুনর নিৰ্ধাৰণৰ দলীয় খচৰাক লৈ ওৰে নিশা আলোচনা অনুষ্ঠিত হোৱাৰ পিচত দুদিন পূর্বে অকস্মাতে দিল্লীলৈ ৰাওনা হয় মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মা। অনতিবিলম্বে অসমৰ বিধানসভা আৰু লোকসভা সমষ্টিৰ সীমা পুনৰ নির্ধাৰণৰ প্রক্রিয়া সম্পূৰ্ণ কৰি ২০২৪ চনৰ লোকসভা নির্বাচন অসমত নতুন সমষ্টিৰ চাৰিসীমাক লৈ অনুষ্ঠিত কৰাৰ বাবে এতিয়া কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰ উঠিপৰি লগা বুলি জানিব পৰা গৈছে। সেয়ে হ'লে চলিত জুন মাহতেই কেন্দ্রীয় নির্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰথমখন খচৰা প্ৰকাশ কৰিলেও আচৰিত হ'বলগা একো নাথাকিব। জুন- জুলাই মাহত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পালেহে দহ মাহ পিচত অনুষ্ঠিত হ'বলগা দেশৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ সমষ্টি পুনৰ নির্ধারণ প্রক্রিয়া সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে। কাৰণ খচৰা প্ৰকাশ পোৱাৰ পিচত কেন্দ্রীয় নির্বাচন আয়োগে অসমলৈ আহি প্ৰথমে ৰাজ্যৰ সকলো ৰাজনৈতিক দল, অৰাজনৈতিক সংগঠন, নাগৰিক সমাজৰ সাক্ষ্য গ্রহণ কৰিব লাগিব। সকলো পক্ষৰ সহমতৰ ভিত্তিত পৰবর্তী সময়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত ৰূপৰেখা তৈয়াৰ কৰাৰ পিচত তাৰ ভিত্তিত ভোটাৰ তালিকাত যাৱতীয় সংশোধনো কৰিব লাগিব। এই সমগ্র প্রক্রিয়াটোৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন। সেইবাবেই কেন্দ্র-রাজ্যই অনতিবিলম্বে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাটো বিচাৰিছে আৰু এই উদ্দেশ্যেই মুখ্যমন্ত্রীয়ে দিল্লীত কেন্দ্রীয় গৃহ মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হোৱা বুলি জানিব পৰা গৈছে। কেন্দ্ৰ-ৰাজ্য চৰকাৰে বিচৰাধৰণেই কেন্দ্ৰীয় নির্বাচন আয়োগে জুন বা জুলাইত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰথম খচৰা প্ৰকাশ কৰিলে অহা দুর্গা পূজাৰ পূর্বেই ৰাজনৈতিক দল-সংগঠন, নাগৰিক সমাজব সাক্ষ্য লোৱাৰ বাবে নির্বাচন আয়োগৰ বৃহৎ দল অসমলৈ অহাৰ সম্ভাবনা আছে। অৱশ্যে ২০২৬ চনত সমগ্ৰ দেশৰ আন ৰাজ্যসমূহত হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া। ইয়াৰ পূৰ্বে চলিত বৰ্ষত অসমত হ'বলগা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে বিধানসভা বা লোকসভা সমষ্টিৰ সংখ্যা বৃদ্ধি পাবনে নাই, তাৰ ৰূপৰেখা এতিয়াও চূড়ান্ত হোৱা নাই। সমষ্টিৰ সংখ্যা বৃদ্ধি নকৰাকৈ সদাহতে সমষ্টিৰ চাৰিসীমা সলনিৰেই সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া অসমত সম্পন্ন কৰাটো বিচাৰিছে কেন্দ্ৰ ৰাজ্যই। অৱশ্যে এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল'ব কেন্দ্রীয় নির্বাচন আয়োগেছে। সমগ্র দেশত প্রযোজ্য হৈ থকা আধাৰ নীতি অনুসৰি এটা বিধানসভা সমষ্টিত অতি কমেও দুই লাখ আৰু এটা লোকসভা সমষ্টিত অতি কমেও দহ লাখ ভোটাৰক লৈ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া পৰিচালিত হৈ আহিছে। কিন্তু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত এই বৃহৎ কুচকাৱাজ সম্পূৰ্ণ কৰাটো স্বাভাবিকতে অতিশয় প্রত্যাহ্বানমূলক হৈ দেখা দিছে। ইয়াৰ মাজতে আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শর্মাই কেন্দ্রীয় গৃহ মন্ত্ৰীক সাক্ষাৎ কৰাৰ প্ৰসংগৰ আলম লৈ সমষ্টি পুনৰ নিৰ্ধাৰণ প্রক্রিয়াক লৈ কেতবোৰ গুৰুত্বপূর্ণ অভিমত ব্যক্ত কৰিছে। ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰথম খচৰা শীঘ্ৰে প্ৰকাশ পোৱাৰ স্পষ্ট ইংগিত দি মুখ্যমন্ত্রী শর্মাই কয়- 'অহা পোন্ধৰ আগষ্টৰ আগতে কেন্দ্রীয় নির্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ নকৰিলে ২০২৪ চনৰ লোকসভা নির্বাচন নতুন সমষ্টিৰে অনুষ্ঠিত হোৱাৰ সম্ভাবনা ক্ষীণ। কাণ খচৰা প্ৰকাশ পোৱাৰ পিচত ৰাজনৈতিক দল-সংগঠনসমূহে সপক্ষে-বিপক্ষে সাক্ষ্য দিব। সকলোৰে মতামত ল'ব লাগিব নির্বাচন আয়োগে। সকলোৰে সহমত ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লে পৰৱৰ্তী সময়ত ভোটাৰ তালিকা নতুনকৈ তৈয়াৰ কৰাৰ কথাও আহিব। গতিকে ১৫ আগষ্টৰ পূৰ্বে খচৰা প্রকাশ নাপালে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসমত পুৰণি সমষ্টিৰেই অনুষ্ঠিত হ'ব লাগিব। সমগ্র সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত বৰ্তমান আমাৰ দল হিচাপে কোনো ভূমিকা নাই। খচৰা প্ৰকাশ পালে বিষয়টোত দলে মতামত দিব।' মুখ্যমন্ত্ৰীয়ে এনে মন্তব্যৰ জৰিয়তে নির্বাচন আয়োগে শীঘ্ৰেই অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰাৰ এক স্পষ্ট ইংগিত দিছে। জানিব পৰামতে সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ কেবিনেট মন্ত্রী অশোক সিংহলে ইতিমধ্যে বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহৰ বিধায়কসকলৰ মতামত গ্রহণ কৰিছে। দলৰ তৰফৰ পৰাও অনানুষ্ঠিকভাৱে চলিছে বিধায়ক আৰু স্থানীয় জিলা মণ্ডল সমিতিৰ পৰা মতামত সংগ্রহ প্রক্রিয়া। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ একপ্ৰকাৰ চৰকাৰী আৰু দলীয়ভাবে সম্পূর্ণ সাজু হৈ আছে শাসক শিবির। এনেক্ষেত্ৰত নির্বাচন আয়োগে ততাতৈয়াকৈ খচৰা প্ৰকাশ কৰি শাৰদীয় পূজাৰ পূর্বেই সাক্ষ্য গ্রহণ প্রক্রিয়া সম্পূর্ণ কৰিব বিচাৰিলেও তাৰ বাবে সকলোধৰণেৰে সাজু হৈ আছে শাসক শিবির। কিন্তু ইয়াৰ বিপৰীতে ৰাজ্যৰ বিৰোধী দলসমূহে কেন্দ্ৰই যি প্রক্রিয়াৰে দেশৰ আন ৰাজ্যসমূহৰ পূর্বেই অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া কৰিব বিচাৰিছে, সেই প্ৰক্ৰিয়াৰ সৈতে সহমত পোষণ কৰা নাই। প্রধান বিৰোধী দল কংগ্রেছে কেন্দ্রীয় নির্বাচন আয়োগৰ সলনি দেশৰ আন ৰাজ্যৰ দৰে অসমতো সমষ্টি পুনৰ নির্ধারণ আয়োগৰ জৰিয়তে প্ৰক্ৰিয়াটো পৰিচালিত হোৱাটো বিচাৰিছে। কেন্দ্রীয় নির্বাচন আয়োগে প্ৰকাশ কৰা অধিসূচনাত আপত্তি দশাই বিৰোধী দলে ইতিমধ্যে স্মারকপত্ৰ প্ৰদান কৰিছে যদিও তাৰ প্ৰতি ভ্রুক্ষেপ কৰা নাই আয়োগে। ইয়াৰ বিপৰীতে ২০২৪ চনৰ লোকসভা নির্বাচন অসমত নতুন সমষ্টিৰে অনুষ্ঠিত কৰাৰ বাবেহে বৃহৎ কুচকাৱাজ চলাইছে কেন্দ্র-রাজ্য চৰকাৰে। এই সন্দৰ্ভত কাইলৈ প্ৰদেশ কংগ্ৰেছৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকৰ পিচতে কংগ্ৰেছসহ এঘাৰটা বিৰোধী ৰাজনৈতিক দলৰ মাজত আন এখন বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকতে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিৰোধী দলসমূহে সিদ্ধান্ত গ্রহণ কৰি সেই সিদ্ধান্ত ৰাজহুৱা কৰিব বুলি জানিব পৰা গৈছে। 

No comments