Breaking News

লিডুৰ অবৈধ কয়লাখনিত পুনৰ শ্রমিকৰ মৃত্যু


সমগ্ৰ ৰাজ্য জোকাৰি যোৱা প্রাঞ্জল মৰাণ নামৰ‌ শ্ৰমিকজনৰ অকাল মৃত্যুৰ ঘটনাৰ মাৰ নাযাওঁতেই  তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ অবৈধ কয়লাখনিত পুনৰ প্ৰাণ হেৰুৱালে শ্ৰমিকৰূপে কৰ্মৰত দুই অসমীয়া যুৱকে। প্রাঞ্জল মৰাণৰ শিহৰণকাৰী অকাল মৃত্যুৱে স্থানীয় ভাষাত ‘খাদান’ বুলি পৰিচিত লিডুৰ অবৈধ কয়লাখনিৰ ক'লা অধ্যায় ফাদিল কৰাৰ পাছতো চৰকাৰে আজিলৈকে নাকি লগাব নোৱাৰিলে ‘প্ৰভাৱশালী’ আৰু ‘ক্ষমতাশালী’কয়লা চোৰক । ইয়াৰ পৰিণতিত লিডুৰ অবৈধ কয়লাখনিত বুধবাৰে নিশা সংঘটিত দুৰ্ঘটনাত অকালতে প্রাণ হেৰুৱালে দুজন শ্রমিকে। অৱশ্যে আৰক্ষীয়ে এজন শ্রমিক নিহত হোৱা বুলিহে নিশ্চিত কৰিছে। আনজন শ্রমিকৰ তথ্য এতিয়াও অন্ধকাৰতে আছে। জানিব পৰা মতে, কালি নিশা লিডু আৰক্ষী চকীৰ অন্তৰ্গত মুলুং পাহাৰত থকা অবৈধ ভূ- গৰ্ভস্থখনিত (ৰেট হ'ল মাইনিং) কাম কৰিবলৈ গৈছিল লিডুৰ ইটাখোলা নিবাসী ৰূপশ্বেৰ ফুকনৰ পুত্ৰ নয়ন ফুকন (২৪)। খনিত কয়লা খন্দি থাকোতেই আকস্মিকভাৱে সংঘটিত দুর্ঘটনাত নয়ন ফুকনৰ মৃত্যু হয়। মাৰ্ঘেৰিটা অৰক্ষীৰ বিশেষ ঘনিষ্ঠ জনৈক ক্ষীতিশ দেবনাথৰ অবৈধ কয়লাখনিতে কালি নিশা এই দুর্ঘটনা সংঘটিত হোৱা বুলি প্রকাশ। অভিযোগ অনুসৰি সচৰাচৰৰ দৰেই এই ঘটনাক গাপ দিবলৈ উঠি পৰি লাগিছিল কয়লা মাফিয়া চক্ৰৰ চেষ্টা। কিন্তু মৃত যুৱকজনৰ পৰিয়ালৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হয়। মাথোঁ কেইমাহমান পূর্বে বিবাহপাশত আবদ্ধ হোৱা নিহত নয়ন ফুকনৰ মৃতদেহ আজি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক চমজাই দিয়া বুলি প্ৰকাশ। স্মর্তব্য, লিডুৰ অবৈধ কয়লাখনিত নিৰীহ শ্রমিকৰ অকাল মৃত্যু কোনো নতুন ঘটনা নহয়। 'খাদান' বুলি স্থানীয় ভাষাত পৰিচিত অবৈধ কয়লা খনিত (বেট হ'ল মাইনিং) শ্ৰমিকৰ অকালমৃত্যুৰ ঘটনা একাধিকবাৰ সংঘটিত হৈছে আৰু প্ৰায় প্রতিবাৰেই সমগ্র ঘটনাক গাপ দিবলৈ সক্ষম হৈছে প্রভাৱশালী কয়লা মাফিয়া চক্র। অধিকাংশ ঘটনাতে অবৈধখনিৰ ভিতৰত আবদ্ধ হৈ মৃত্যুমুখত পৰা শ্ৰমিকক তাতেই এৰি অহা হয়। কোনো কোনো ক্ষেত্ৰত শ্ৰমিকক উদ্ধাৰ কৰা হয় যদিও সেই তথ্য কয়ল মাফিয়াই ধনৰ বিনিময়ত থাপি-খুপি থ'বলৈ সক্ষম হয়। চোৰাং কয়লা মাফিয়াৰ দৌৰাত্ম্যত মৃত্যু উপত্যকাত পৰিণত হোৱা মাৰ্ঘেৰিটাত প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ কিছুদিন পূৰ্বে টিৰাপ কলিয়ৰীৰ লালমাটিত কয়লাৰ অবৈধ খননৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত জিলাখনৰ বৰডুমচাৰ কাৰ্তিক গোৱালা আৰু মাকুমৰ পশ্চিম মামৰণীৰ বিজয় মুঢ়া নামৰ দুজন শ্রমিক কৰুণভাৱে মৃত্যুমুখত পৰিছিল। তদুপৰি, বিগত বৰ্ষৰ ২৬ জুলাইৰ নিশা লিডুৰ ১ নং কলাপাৰাৰ শুভম দাস নামৰ যুৱকজনৰ অকালমৃত্যুৰ পাছত পুনৰ ২৭ জুলাইৰ নিশা টিৰাপ কলিয়ৰীৰ ৬ নং লাইনৰ এক অবৈধ কয়লা খনিত খনন চলাবলৈ গৈ খনিৰ ভিতৰত সংঘটিত বিষাক্ত গেছ বিস্ফোৰণৰ ঘটনাত চাৰিজন শ্রমিক অগ্নিদগ্ধ হোৱাৰ লগতে ইয়াৰে এজন নিহত হোৱাৰ ঘটনা সংবাদ মাধ্যমে পোহৰলৈ আনিছিল। তাৎপর্যপূর্ণভাৱে উক্ত দুর্ভাগ্যজনক ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী অথবা মহকুমা প্রশাসনৰ ওচৰত নাছিল কোনো তথ্য। কিন্তু সংবাদকর্মীৰ অনুসন্ধানত এই কথা পোহৰলৈ আহিছিল যে ২৭ জুলাইৰ নিশা লিডু অঞ্চলৰ জনৈক বেতাব মালি, ৰাজা আৰু ৰাজীৱ নামৰ কয়লা চোৰকেইটাৰ অবৈধ কয়লাখনিত অগ্নিদগ্ধ শ্রমিক তিনিজনক ঘটনাৰ নিশাই চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে প্ৰায় ২০/২১ বছৰীয়া ছফিকুল ইছলাম, জয়নাল ইছলাম আৰু বি ইছলাম নামৰ শ্রমিককেইজনক হোটেলত আহাৰ বনাই থকাৰ সময়ত উভ বিস্ফোৰণৰ ফলত অগ্নিদগ্ধ হোৱা বুলিহে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। কিন্তু অবৈধ কয়লাখনিত সংঘটিত এই দুর্ঘটনা পোহৰলৈ আহিবলৈ ধৰাত বিপদৰ আশংকাত চিকিৎসা চলি থকাৰ মাজতে কয়লা মাফিয়াই তেওঁলোকক দ্বিতীয় দিনাই মেডিকেলৰ পৰা গোপনে অজ্ঞাত স্থানলৈ লৈ যাবলৈ সক্ষম হয়। কিন্তু এই সমস্ত ঘটনা 'আমাৰ অসমত তথ্যসহ প্ৰকাশ পোৱাৰ পাছতো মাৰ্ঘেৰিটা আৰক্ষীয়ে এই বিষয়ে একো নাজানে বুলিহে প্ৰকাশ কৰিছিল। তদুপৰি, মাৰ্ঘেৰিটা মহকুমাৰ মোলাং পাহাৰৰ দুৰ্গম অঞ্চলত থকা ডেভিদ নাগা নামৰ চোৰাং কয়লা বেপাৰীৰ অবৈধখনিত খনন চলাই থকাৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত বিগত বৰ্ষৰ ১৮ ছেপ্টেম্বৰত ঘটনাস্থলীতে মৃত্যু ঘটিছিল বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী নামৰ ৩ শ্ৰমিকৰ । কয়লা মাফিয়াই নিশাৰ ভাগতে জে চি বি ব্যৱহাৰ কৰি গাঁত খান্দি মৃতদেহ তিনিটা পুতি সকলো প্রমাণ নষ্টৰ অপচেষ্টা চলাই যদিও সতীর্থ শ্রমিকে নিহত শ্রমিকর পৰিয়ালক ঘটনাৰ বিষয়ে অৱগত কৰাৰ পাছত সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু এই ভয়াৱহ ঘটনাই দেশজুৰি ব্যাপক চৰ্চা লাভ কৰাৰ পাছত পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হয় মাৰ্ঘেৰিটাৰ আৰক্ষী। কয়লা মাফিয়াই গোপনে পুতি ৰখা মৃতদেহকেইটা খান্দি উলিয়াই পৰিয়ালক চমজাই দিয়া হয় যদিও সাৰি যাবলৈ সক্ষম হয় চোৰাং কয়লা মাফিয়া। 

No comments