Breaking News

ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ ফিক্সড চার্জ


ৰাজ্যত প্ৰীপেইড স্মার্ট মিটাৰ সংযোগৰ পাছত পূৰ্বৰ তুলনাত অভাৱনীয় হাৰত বিদ্যুতৰ বিল অহাৰ সন্দৰ্ভত ৰাজ্যত বিদ্যুৎ গ্ৰাহকৰ ক্ষোভ- অসন্তুষ্টি অব্যাহত থকাৰ মাজতে অসম শক্তি বিতৰণ কোম্পানীয়ে (এপিডিচিএল) আজিৰে পৰা (পহিলা জুন) কাৰ্যকৰী হোৱাকৈ হঠাৎ বৃদ্ধি কৰিলে বিদ্যুতৰ ফুৱেল আৰু পাৱাৰ চাৰ্জ । ইয়াৰ ফলত ঘৰত লাইট, ফেন চলকেই বা নচলক গ্রাহকে প্রতি ইউনিটৰ বাবদ বিদ্যুতৰ বিলত অতিৰিক্ত মাচুল ভৰিব লাগিব। এনার্জী চাৰ্জৰ অধীনৰ ফুৱেল এণ্ড পাৱাৰ পাৰছেজ প্রাইচ এডজাষ্টমেণ্ট চমুকৈ ‘এফপিপিপিএ’ বৃদ্ধিৰ ফলত গ্ৰাহকৰ বিদ্যুতৰ বিল প্রতি ইউনিটত ৮.৬০ টকা পর্যন্ত বৃদ্ধি পালে। এপিডিডিএলে জাননীৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি ৫ কিলোৱাট পর্যন্ত জীৱনধাৰা স্কীমৰ সাধাৰণ গ্ৰাহকৰ বিদ্যুতৰ গ্ৰাহকৰ ফুৱেল আৰু পাৱাৰ চাৰ্জ ৩০ পইচা বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত এই শ্ৰেণীৰ বিদ্যুতৰ গ্ৰাহকৰ প্ৰতি ইউনিট বিদ্যুতৰ বিল হ’ব ৪.৩৫ টকা। ডমেষ্টিক-এ এলটি-২ শ্ৰেণীৰ ০.৫ কিলোৱাটৰ ১২০ ইউনিটলৈকে ৩০ পইচা মাচুল বৃদ্ধি কৰা হৈছে। এই শ্ৰেণীৰ ১২০ • ইউনিটলৈকে খৰচ কৰা গ্ৰাহকে প্রতি ইউনিটত ৫.২৫ টকা, ১২১ ইউনিটৰ পৰা ২৪০ ইউনিটলৈকে প্রতি ইউনিট বিদ্যুতৰ দাম ৭.৩০ টকালৈ বৃদ্ধি পালে। আনহাতে, ডমেষ্টিক-বি এলটি-৩ শ্ৰেণীৰ গ্ৰাহকৰ ৫ কিলোৱাটৰ ওপৰৰ কেটেগৰীৰ ক্ষেত্ৰত মাচুল ৭০ পইচা বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত এই শ্ৰেণীৰ গ্ৰাহকৰ প্ৰতি ইউনিটৰ বিদ্যুৎ মাচুল হ'বগৈ ৮.১৫ টকা। একেদৰে এলটি-৪ বাণিজ্যিক শ্রেণীতো মাচুল প্রতি ইউনিটত ৭০ পইচা বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত এই শ্ৰেণীৰ বিদ্যুৎ মাচুল প্রতি ইউনিটত ৮.৬০ টকা বৃদ্ধি পাব। লক্ষণীয় যে বিদ্যুতৰ ফুৱেল, পাৱাৰ চাৰ্জ বৃদ্ধিৰ ফলত বাণিজ্যিক আৰু গুৱাহাটীৰ ফ্লেট বাসিন্দাসকলে এক মোটা অংকৰ বিদ্যুৎ মাচুল চৰকাৰক আদায় দিব লাগিব । ক্ৰমে এটকা আৰু ৭৫ পইচা ৰাজসাহায্য লাভ কৰা জীৱনধাৰাৰ গ্ৰাহক আৰু এলটি-২ শ্ৰেণীৰ সাধাৰণ ঘৰুৱা গ্ৰাহকৰ ক্ষেত্ৰতো ‘এফপিপিএ’ ৩০ পইচা আৰোপ কৰা হৈছে। ইয়াৰ ফলত চৰকাৰী ৰাজসাহায্য অর্থহীন হৈ পৰিল। লক্ষণীয় যে বিদ্যুতৰ গ্ৰাহকৰ ক্ষেত্ৰত প্ৰতিটো শ্রেণীতে ফিক্সড চার্জ আৰোপ হৈ আছে। ইয়াৰ পাছতো ৩০ পইচাৰ পৰা ৭০ পইচা ‘এফপিপিএ’ৰ নামত এপিডিচিএলে আৰোপ কৰিছে। যিহেতু বিদ্যুৎ খৰচ কৰক বা নকৰক গ্ৰাহকেই এই এনার্জী চার্জ বিলত দিবই লাগিব, ইয়াকো অন্য ধৰণৰ এক ফিক্সড চার্জ • বুলিয়েই ক'ব পাৰি। ইফালে, উৎকট গৰমত সঘন বিদ্যুৎ কর্তনে অতিষ্ঠ কৰিছে বিদ্যুতৰ গ্ৰাহকক । ৰাজ্যৰ আন প্ৰান্তৰ কথা বাদেই গুৱাহাটী, তেজপুৰৰ দৰে চহৰতে অব্যাহত আছে সঘন লোড শ্বেডিং। 

No comments