Breaking News

গোলাঘাট বালিজানৰ দেৱীকা গগৈ ভাৰত চৰকাৰৰ "প্ৰতিভা সন্ধানী বৃত্তি" লাভঃ


গোলাঘাট জিলা বালিজান গাঁৱৰ ৰূপেন গগৈ আৰু ৰীণা বৰা গগৈৰ জ্যেষ্ঠ কন্যা তথা গোলাঘাট জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ অধ্যয়নত ছাত্ৰী দেবীকা গগৈয়ে ২০২২-২৩ বৰ্ষৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ সাংস্কৃতিক স্ৰোত এবং প্ৰশিক্ষণ কেন্দ্ৰ, নতুন দিল্লী (CCRT,New Delhi)ৰ পৰা অসমৰ লোকগীত অধ্যয়নৰ বাবে "প্ৰতিভা সন্ধানী বৃত্তি"লাভ কৰিছে। দেবীকা গগৈয়ে বৰ্তমান লোকসংস্কৃতিৰ  সাধক তথা কণ্ঠশিল্পী ৰুমী শইকীয়া বাইদেউৰ তত্বাৱধানত লোকগীত, লোকবাদ্যৰ লগতে শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে। ইয়াৰোপৰি দেৱীকা গগৈয়ে সংগীতৰ সামান্তৰলকৈ অসমীয়া লোকবাদ্য দুতৰা,টোকাৰী আৰু তবলা, হাৰমণিয়াম বজায়। দেৱীকা গগৈয়ে এই বৃত্তি লাভ কৰিবলৈ সক্ষম হোৱাত সংগীতৰ প্ৰশিক্ষক ৰুমী শইকীয়াৰ লগতে বালিজানবাসী ৰাইজে ধন্যবাদ জনাইছে।

No comments