Breaking News

বালিজানৰ অৱসৰ প্ৰাপ্ত শিক্ষক মহেনচন্দ্ৰ বৰুৱাৰ মৃত্যুত শোকঃ

 


গোলাঘাট জিলা ঘিলাধাৰী আৰক্ষী থানা অন্তৰ্গত বালিজান গাঁৱৰ নিবাসী তথা মুদৈ গাঁও প্ৰাথিমক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ দিতি বৰুৱা আৰু জৰুৰী কালীন স্বাস্থ্য সেৱা ১০৮ ৰ ই এম টি ললিত বৰুৱাৰ আদৰ্শবান পিতৃ মহেনচন্দ্ৰ বৰুৱা (৭১) নিজা বাসগৃহত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। অমায়িক আৰু  সময় প্ৰতি সচেতন শিক্ষক মহেনচন্দ্ৰ  বৰুৱাৰ মৃত্যু অজস্ৰ গুণ মুগ্ধই মহেনচন্দ্ৰ বৰুৱাৰ বাসগৃহত ভিৰ কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতৰ মৃত্যু সময়ত  সহৰ্ধমিনী,দুজন পুত্ৰ,দুগৰাকী পো-বোৱাৰী, দুগৰাকী নাতিনী, চাৰিজন ভাতৃ, চাৰিগৰাকী ভাই বোৱাৰী,  ন-গৰাকী ভতিজা, এগৰকী জী,জোঁৱাই সহ বহু আত্মীয়ক ইহ-সংসাৰত এৰি থৈ গৈছে। তেখেতৰ মৃত্যুত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰ জ্যোতিপ্ৰাথমিক শাখা বালিজানৰ সভাপতি সোনাৰাম বৰা  আৰু সম্পাদক পলাশ বৰা, মণিকাঞ্চন প্ৰাথমিক প্ৰাথমিক শাখা বালিজানৰ সভাপতি বোপাৰাম বৰা আৰু সম্পাদক কমল বৰা, জৰুৰী কালীন স্বাস্থ্য সেৱা ১০৮ ৰ গোলাঘাট জিলাৰ সম্পাদক অনুপজ্যোতি বৰুৱা, বালিজান বালক প্ৰাথমিক বিদ্যালয়ৰ সমিতিৰ সভানেত্ৰী জুমি শইকীয়া বৰা, দ-বালিজান বৰনামঘৰৰ পৰিচলনা সমিতি উপ-সভাপতি টুনীৰাম বৰুৱা, সম্পাদক ঘনশ্যাম শইকীয়া আৰু সংবাদিক পৰাগ বৰুৱাই শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদন জ্ঞাপন কৰে।     

No comments