Breaking News

গোলাঘাট-গহপুৰ সংযোগ কৰি ব্ৰক্ষ্মপুত্ৰৰ বুকুত সুৰংগ পথৰ অনুমোদন মুখ্যমন্ত্ৰীৰ


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমোদনক্ৰমে নুমলীগড় আৰু গহপুৰক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ তলেদি অতি শীঘ্ৰেই নিৰ্মাণ হ'ব তিনিটা সুৰংগ পথ। ইতিমধ্যে এই সুৰংগ পথৰ বাবে চৰকাৰে প্ৰয়োজনীয় অনুমোদন জনাইছে। উল্লেখ্য যে এই সুৰংগ পথ ফৰলেনযুক্ত হ'ব। ২০২০ চনতে তদানীন্তন সর্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালতে কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষাৰ দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ এই সুৰংগ পথ নিৰ্মাণৰ প্ৰাৰম্ভিক অনুমোদন দিয়ে। প্রায় ১৫ কিলোমিটাৰ দীঘল হ’ব এই নদী সুৰংগৰ সমগ্র পথ । তিনিটা পৰ্যায়ত এই সুৰংগ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। মূলতঃ আৰুণাচলৰ পৰা অসমলৈ পৰিবহণ ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে এই সুৰংগপথ নিৰ্মাণৰ বাবে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ। ৰে'ল মন্ত্ৰণালয়, পথ পৰিবহণ মন্ত্রণালয় আৰু বৰ্ডাৰ ৰোডৰ অর্গেনাইজেশ্বনৰ তত্বাৱধানত নিৰ্মাণ হ'ব এই সুৰংগ। তিনিটা সুৰংগৰ এটা ৰে'ল পথ, এটা যান-বাহনৰ বাবে বাবে আৰু এটা জৰুৰীকালীন ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা হ'ব। ইয়াৰ নিৰ্মাণৰ বাবে পূৰ্বতে আঢ়ৈ বছৰৰ প্ৰয়োজন হ'ব বুলি কোৱা হৈছিল। এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে জামুগুৰি ব শিলঘাটৰ মাজেৰে অসম আৰু অৰুণাচল প্ৰদেশৰ ফালে ৰে'লপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহ একত্রিত হ'ব। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা ধলাইবিল ৰে'ল ষ্টেচন আৰু দক্ষিণপাৰত থকা জখলাবন্ধা ৰেল ষ্টেচনৰ মাজত সংযোগ বিন্দু হিচাপে কাম কৰিব এই সুৰংগই । তিনিওটা সুৰংগৰ দৈঘ্য সমান হ'ব। নদীৰ তাত সুৰংগৰ দৈঘ্য প্রায় ৯.৮ কিলোমিটাৰ হ'ব। টিউব আকৃতিত নিৰ্মাণ হ'ব এই সুৰংগ পথ। চীনৰ পৰা পাই থকা ভাবুকিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে এই সুৰংগ নিৰ্মাণত গুৰুত্ব প্ৰদান কৰিছে। আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোগামুখত আয়োজিত মহাজনসম্পর্ক অভিযানৰ জনসমাৱেশত উপস্থিত থাকি কয়— গহপুৰ আৰু নুমলীগড়ৰ মাজত আনি টাৰ্ণেল নিৰ্মাণৰ অনুমতি দিছো। ৬ হাজাৰ কোটি টকাৰে এই পেনেল নিৰ্মাণ হ'ব। ৰে'ল আৰু গাড়ী এই টাৰ্ণেলৰ ভিতৰেদি চলিব। উল্লেখ্য, নদীবক্ষৰ পৰা ২১ মিটাৰ তলত নির্মাণ হ'বলগীয়া এই অভিলাসী প্রকল্পটো সম্পূৰ্ণ হৈ উঠিলে বি নুমলীগড়-গহপুৰৰ মাজৰ দূৰত্ব যথেষ্ট হ্ৰাস পাব। সামৰিক বাহিনীৰ যাতায়াতৰ ক্ষেত্ৰত এই দূৰত্ব হ্ৰাস কৰাটো অতি প্রয়োজনীয় হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰৰ বাবে। ২০০৮ চনৰে পৰা কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোক লৈ যথেষ্ট চিন্তা-চৰ্চা কৰি আছিল। বৰ্তমান নুমলীগড়ৰৰ পৰা গহপুৰৰ দূৰত্ব প্রায় ২২৩ কিলোমিটাৰ আৰু ইয়াক অতিক্ৰম কৰিবলৈ সাধাৰণ অৱস্থাত ৬ ঘণ্টাৰো অধিক সময়ৰ প্রয়োজন হয়। এই সুৰংগ পথে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো যথেষ্ট সহায় কৰিব। ২০২১ চনৰ মাজভাগত গহপুৰৰ দিশত ২৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈ সুৰংগ পথৰ নিৰ্মাণৰ ক্ষেত্রভিত্তিক অধ্যায়ন কৰা হৈছিল। এই সমগ্ৰ প্ৰকল্পটোৰ সৈতে আমেৰিকাৰ লুইচ বাৰ্জাৰ কোম্পানী জড়িত হৈ আছে। 

No comments