Breaking News

ভাৰত গণতন্ত্ৰৰ মাতৃ আৰু আমেৰিকা গণতন্ত্ৰৰ জনকঃ নৰেন্দ্ৰ মোদী

 


বৈদেশিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে আমেৰিকা ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন কংগ্ৰেছত ভাৰতক গণতন্ত্ৰৰ মাতৃ আৰু আমেৰিকাক গণতন্ত্ৰৰ জনক বুলি অভিহিত কৰি বক্তৃতা প্ৰদান কৰিছে আৰু আনহাতে ৱাশ্বিংটনত প্রবাসী মণিপুৰীয়ে নিজ ৰাজ্যত চলি থকা গোষ্ঠীসংঘৰ্ষৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি একে সময়তে নতুন দিল্লী আৰু ৱাশ্বিংটনক অস্বস্তিত পেলাইছে। অৱশ্যে মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ আমেৰিকাত থকা যিসকলে মোদী চৰকাৰৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিলে, সেই প্রতিবাদে আমেৰিকাৰ সংসদৰ অভ্যন্তৰক পোনপটীয়াকৈ স্পৰ্শ কৰিবলৈ সক্ষম নহ'ল। কিয়নো আমেৰিকা আৰু ভাৰত উভয় পক্ষই প্রধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণকালত পাৰস্পৰিক সম্পৰ্ক পূৰ্বতকৈ সুদৃঢ় কৰাৰ ক্ষেত্ৰত অধিক মনোযোগী আছিল। এই ক্ষেত্ৰত দুয়োখন ৰাষ্ট্ৰৰে উদ্দেশ্য সম্পূর্ণ পৃথক — কিন্তু লক্ষ্য একেই। এছিয়-প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ উত্থানক ৰোধিবলৈ আমেৰিকাৰ বাবে ভাবততকৈ আৰু উৎকৃষ্ট ঢাল নাই। এসময়ত পাকিস্তানক ভিত্তি কৰি ল'লেও এতিয়া আমেৰিকাৰ বাবে ভাৰতেই হৈছে চীনক প্ৰতিৰোধ কৰিব পৰা বৃহৎ শক্তি। স্বাভাৱিকভাৱে সাম্ৰাজ্যবাদী আমেৰিকাই চীনক ভেটিবলৈ ভাৰতৰ ওপৰত অৱলম্বন কৰাৰ বিকল্প নাই। সেয়ে মার্কিন প্রশাসনে নৰেন্দ্ৰ মোদীক অসামান্য গুৰুত্ব প্ৰদান কৰিছে। ভাৰতে এই তত্ত্ব মুকলিকৈ মানি নলয়। ভাৰতৰ বাবে এই মুহুৰ্ত্তত দেশৰ বজাৰখন আমেৰিকালৈ মুকলি কৰি দিয়াই মূল উদ্দেশ্য। আমেৰিকাই আগবঢ়োৱা সুযোগত সেই উদ্দেশ্যত নৰেন্দ্ৰ মোদী বহু পৰিমাণে সফল হৈছে। সেয়ে তেওঁ মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে একেলগে আয়োজন কৰা সাংবাদিক সন্মিলনত দাবী কৰিলে – আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্কৰ এটা নতুন অধ্যায় মুকলি হৈছে। এই অধ্যায় পূৰ্বৰ তুলনাত অধিক গাঢ়। তাৎপর্যপূর্ণভাৱে ২০১৪ চনৰ পৰা আজিলৈকে ভাৰতত কোনো সাংবাদিক সম্মিলনত সাংবাদিকৰ মুখামুখি নোহোৱা নৰেন্দ্র মোদীয়ে ৱশ্বিংটনত জো বাইজেনৰ সৈতে সাংবাদিকৰ মুখামুখি হ'বলগীয়াত পৰিল। সেই সাংবাদিক সম্মিলনত ভাৰতত ।। মানৱাধিকাৰ লংঘন হোৱা আৰু সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হোৱাৰ বিষয়ৰ প্ৰশ্নৰ মুখামুখি হ'বলগীয়া হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

      পিছে ভ্ৰমণৰ প্ৰথম লেগত আমেৰিকাৰ সৈতে একাধিক বাণিজ্যিক চুক্তি সম্পন্ন কৰাত সফল হোৱা প্রধানমন্ত্রী মোদীয়ে আমেৰিকাৰ কংগ্ৰেছত যুটীয়া অধিৱেশনত ভাষণ প্ৰদান কৰি ইতিহাসৰ সৃষ্টি কৰিলে। আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনত ভাষণ দি মোদীয়ে গণতন্ত্র, মনুষ্যত্বৰ বিষয়ে গভীৰ ব্যাখ্যা আগবঢ়ায়। তেওঁ কয় 'সাত বছৰ পূৰ্বে মই এই ঠাইত থিয় হৈছিলো। বিগত সাত বছৰত বহু পৰিৱৰ্তন হ'ল। এতিয়া আমি যুগৰ সন্ধিক্ষণত থিয় হৈছো। নতুন সময়ৰ কথাটো মনত ৰাখি ম‍ই ভাৰতৰ হৈ কথা ক'বলৈ আহিছো। আমেৰিকাৰ সৈতে দীর্ঘপথ অতিক্ৰম কৰি ভাৰতে দেশখনৰ সৈতে বন্ধুত্বৰ পৰীক্ষাত সফলতা লাভ কৰিছে। আৰু গভীৰ হৈছে ভাৰত-আমেৰিকাৰ বন্ধুত্ব। এ আই অর্থাৎ আর্টিফিচিয়েল ইন্টেলিজেন্স বা কৃত্রিম মেধাৰ যুগত এতিয়া আৰু এটা এ আই সৃষ্টি হৈছে, সেয়া হৈছে আমেৰিকা আৰু ভাৰত।' ভাৰতীয় অৰ্থনীতিৰ প্ৰসংগ টানি আনি তেওঁ কয়— 'মই যেতিয়া প্ৰধানমন্ত্রী হিচাপে আমেৰিকালৈ আহিছিলো তেতিয়া বিশ্বত ভাৰতৰ অৰ্থনীতি আছিল দশম স্থানত। আজি ভাৰতৰ  অর্থনীতি পঞ্চম স্থানলৈ উন্নীত হৈছে। অতি শীঘ্ৰেই ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিত পৰিণত হ'ব। ভাৰতৰ যেতিয়াই উন্নতি হয়, তেতিয়াই বিশ্বৰো উন্নতি হয়। ভাৰত বিশ্বৰ প্ৰতি সর্বদিশতে দায়িত্বশীল। আমাৰ দৃষ্টিভংগী সম্পূৰ্ণ গ্ৰহটোৰ উন্নতি আৰু সমৃদ্ধিৰ পক্ষে।”প্রধানমন্ত্রী মোদীয়ে আমেৰিকাৰ কংগ্ৰেছন যৌথ অধিবেশনত প্ৰদান কৰা ভাষণত উভয় দেশে মানৱতাৰ শত্ৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ইমানদিনে একেলগে যুঁজি যোৱাৰ কথা সোঁৱৰাৰ লগতে ভবিষ্যতেও যুঁজিবলৈ অংগীকাৰ কৰে। তেওঁ সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানক নিজৰ ভাষণত লক্ষ্য কৰি লয়। আনহাতে নাম উচ্চাৰণ নকৰাকৈ চীনে এছিয়াত কলীয়া ডাৱৰৰ সৃষ্টি কৰা বুলি মোদীয়ে মন্তব্য কৰে। মোদীয়ে দাবী কৰে, এই যুগ যুদ্ধৰ নহয়। এই যুগ হৈছে সংলাপ আৰু কূটনীতিৰ প্ৰসংগতা, এয়া আছিল আমেৰিকাৰ কংগ্ৰেছৰ যৌথ অধিৱেশনত মোদীৰ দ্বিতীয় ভাষণ। ২০১৬ চনত তেওঁ একেখন কংগ্ৰেছত যৌথ অধিবেশনত ভাষণ প্ৰদান কৰিছিল।

      ইপিনে বৃহস্পতিবাৰে জো বাইডেন আৰু তেওঁৰ পত্নী ছিল বাইডেনে প্রধানমন্ত্রী মোদীৰ  সন্মানার্থে আয়োজন কৰা নৈশভোজত ৪০০ বিশ্বৰ শীৰ্ষস্থানীয় লোকৰ সমাৱেশ ঘটিছিল। সেই নৈশভোজলৈ আমন্ত্ৰিত হৈছিল ভাৰতীয় ধনকুবেৰ সপত্নীক মুকেশ আম্বানি, উদ্যোগপতি আনন্দ মহিন্দ্ৰ। তদুপৰি নৈশভোজত উপস্থিত আছিল গুগলৰ চিইঅ' সুন্দৰ পিচাই, এপল'ৰ চিইঅ' টিম কুক, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰ, দেশৰ নিৰাপত্তা উপদেষ্টা অজিত দোভাল, বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্র অৰিন্দম বাগচী। আনহাতে ভাৰতীয় বংশোদ্ভৱ হিচাপে উপস্থিত আছিল জিল বাইডেনৰ পলিচী ডাইৰেক্টৰ মালা আদিগা, পাৰ্ছনেল মেনেজমেন্ট ডাইৰেক্টৰ কিৰণ আজা, আর্থিক সুৰক্ষা ব্যুৰ'ৰ ডাইৰেক্টৰ ৰোহিত চোপ্ৰা আৰু একাধিক ভাৰতীয় বংশোদ্ভৱ ব্যবসায়ী।

No comments